নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাৰ উপনিৰ্বাচনৰ বাবে অসমৰ বিজেপি প্ৰাৰ্থী হ’ব সৰ্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ  ৰাজ্যসভাৰ উপনিৰ্বাচনৰ বাবে অসমৰ বিজেপি প্ৰাৰ্থী হ’ব সৰ্বানন্দ সোণোৱাল। বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে ঘোষণা কৰিলে সোণোৱালৰ নাম। বিশ্বজিত দৈমাৰীৰ পদত্যাগৰ পাছতে খালী হৈ আছিল ৰাজ্যসভাৰ আসনখন।

ইপিনে অসমৰ লগতে মধ্য প্ৰদেশৰো ৰাজ্যসভাৰ আসনৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰিছে বিজেপিয়ে। মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ আসনখনৰ বাবে ডাঃ এল মুৰুগানৰ নাম চূড়ান্ত। শনিবাৰে এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি দলটোৰ কেন্দ্ৰীয় নেতৃত্বই।

You might also like