নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৫নং টুপামাৰী গাঁও পঞ্চায়তত বিকল একাধিক সৌৰ লাইট

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিল: গ্ৰামাঞ্চলৰ ষ্ট্ৰীট লাইট’ স্থাপন কৰি পথ পোহৰোৱাৰ অভিলাসী আঁচনি অতি কম দিনৰ ভিতৰতে বগাহাতীত পৰিণত হোৱা বুলি ৰাইজৰ মাজত সমালোচিত হৈছে। লাখ-লাখ টকা ব্যয় কৰি পঞ্চায়ত সভাপতি-সচিবৰ হাতত যেন চৰকাৰী ভাবে আঁচনিখনৰ যোগেদি লুণ্ঠণৰ অনুজ্ঞাপত্ৰহে দিলে বুলিও সচেতন ৰাইজে চৰ্চা চলাইছে । শেহতীয়াকৈ কামৰূপৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং টুপামাৰী গাঁও পঞ্চায়তো প্ৰায় বছৰদিনৰ পূৰ্বে পথৰ কাষে-কাষে স্থপন কৰা হৈছিল ভালেসংখ্যক চ’লাৰ ষ্ট্ৰীট লাইট ’। পিছে প্ৰায় সপ্তাহদিন মান লাইট সমূহ সঠিককৈ পোহৰাই থকাৰ মাজতেই বেছিসংখ্যকে বিকল হৈ পৰে। ফলশ্ৰুতিত আছে গৰু নাবায় হাল’ সদৃশ হৈ ৰাস্তাৰ কাষে-কাষে থিয় হৈ আছে লাইট’ৰ খুটাবোৰহে। শীঘ্ৰে বিকল হৈ থকা চ’লাৰ ষ্ট্ৰীট লাইট’ সমূহ কাৰ্যক্ষম কৰাৰ দাবী জনাইছে অঞ্চলবাসী ৰাইজে ।

 

প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস/নগৰবেৰা

You might also like