নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত বিহুৱা ৰূপত মন্ত্ৰী অতুল বৰা

নিয়মীয়া বাৰ্তা, ৯ এপ্রিল: ঢোলৰ গুমগুমনিত মুখৰিত শিৱসাগৰৰ আখৰাস্থলী। ১৪ এপ্ৰিললৈ নাচনী-ঢুলীয়া সকলো সাজু।

ঐতিহাসিক শিৱসাগৰ জিলাৰপৰা ঐতিহাসিক বিহুনৃত্য অনুষ্ঠানটিত অংশগ্ৰহণৰ বাবে ৮০০ বিহুৱা-বিহুৱতী সাজু হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আজি জিলাখনৰ সেউজ কোঁৱৰ পৰাগধৰ চলিহা ষ্টেডিয়ামৰ আখৰা শিবিৰত উপস্থিত হৈ বিহুৱা-বিহুৱতীসকলৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতিৰ বুজ ল’য় মন্ত্ৰী অতুল বৰাই।

আখৰা শিবিৰত ঢুলীয়াসকলৰ ঢোলৰ ছেও আৰু বিহুৱতীসকলৰ নৃত্য উপভোগ কৰি আপ্লুত হয় মন্ত্ৰীগৰাকী। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই বৃহৎ অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে সকলোকে আহ্বান জনায় আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী অতুল বৰাই।

আজিৰ এই ভ্ৰমণৰ সময়ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ তপন কুমাৰ গগৈ,  বিধায়ক সুশান্ত বৰগোহাঁই, জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা প্ৰমুখ্যে অন্যান্য বিষয়াসকল আৰু বিহুপ্ৰেমী ৰাইজ উপস্থিত থাকে।

You might also like