নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকুলক ওভতাই অনাৰ পদক্ষেপ সুশান্ত বিশ্ব শর্মাৰ

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ মঙলদৈৰ এজন দৰিদ্র ৰিক্সাচালক দীর্ঘদিনে স্ব–গৃহৰ পৰা নিৰুদ্দিষ্ট হৈ বাংলাদেশৰ কাৰাগাৰত আবদ্ধ হৈ থকা ঘটনাটো পুনৰ প্রাণ পাই উঠিছে৷ ঢাকাত থকা ভাৰতীয় উপ–উচ্চ আয়ুক্তৰ এখন চিঠিত এই কথা পোহৰলৈ আহে৷ উল্লেখ্য যে ২০১৯ৰ ৫ মে’ত ভাৰতীয় উপ–উচ্চ আয়ুক্তৰ চিঠি নম্বৰ ডি এ চি/চি ও এন এছ/৪১১/০৩/২০১৯ মর্মে অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচ্বিক উক্ত বিষয়টো জনোৱা হৈছিল আৰু চিটিৰ প্রতিলিপি অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব আৰু দৰং জিলাৰ উপায়ুক্তলৈও প্রেৰণ কৰা হৈছিল৷

পত্রত উল্লেখ কৰা মতে মঙলদৈ থানাৰ অন্তর্গত কেওটপাৰা (হোদাপাৰা) গাঁৱৰ ফুলেশ্বৰ হাজৰিকাৰ পুত্র মুকুল হাজৰিকা বাংলাদেশৰ ফেনী কাৰাগাৰত কাৰাবাসৰ ম্যাদ উকলাৰ পিছতো কাৰাৰুদ্ধ হৈ আছে৷ কিন্তু ৰাজ্য চৰকাৰে তেওঁৰ নাগৰিকত্ব সম্পর্কত কোনো গুৰুত্ব নিদিয়াত আবদ্ধ হৈ থাক্বি লগা হৈছে লিও পত্রখনত উল্লেখ কৰিছিল৷ অৱশ্যে চিঠিখনত তেওঁৰ কি অপৰাধ, কিমান দিনৰ কাৰাবাস আদিৰ বিষয়ে কোনো উল্লেখ নাছিল৷ এই সম্পর্কত দৰঙৰ তদানীন্তন উপায়ুক্তই ক্তিগৰাকীৰ নাগৰিকত্বৰ বিষয়টো আৰক্ষীক পৰীক্ষা কৰ্বিলৈ জনাইছিল৷

উল্লেখ্য যে হোদাপাৰাৰ কৃষক তথা জনপ্রিয় ‘মাইকৱালা’ ফুলেশ্বৰ হাজৰিকাই এই প্রতিেবদকক জনোৱা মতে ২০১৭ৰ ১২ ফ্ব্রুেৱাৰীত তেওঁৰ একমাত্র পুত্র মুকুল ৰহস্যজনকভাৱে নিখোজ হয়৷ এই সম্পর্কত ১৪ ফেব্ৰুৱাৰী মঙলদৈ থানাত এজাহাৰো দিয়া হৈছিল৷ ৰিক্সাচালক মুকুলে নিৰুদ্দেশ হোৱাৰ দিনা ঘৰৰ পৰা জনাৰামচৌকালৈ এখন চাইকেল লৈ ওলাই গৈছিল৷ মানসিকভাৱে কিছু অস্থিৰ মুকুল সেই দিনৰ পৰাই নিৰুদ্দেশ হৈ থাকে৷ তদুপৰি কোনো উগ্রপন্থী সংগঠনৰ স’তে সম্পর্ক থকাৰ কথা পোনপটীয়াকৈ অস্বীকাৰ কৰি পৰৰাষ্ট্র  বাংলাদেশত থকা সন্তানক নিজাব্বীয়াকৈ ওভতাই অনাটো অসম্ভৱ লি দুখেৰে জনায়৷ নিৰুদ্দিষ্ট মুকুল জীয়াই থকা লি জানি তথা সন্ধান লাভ কৰি পৰিয়ালটোৰ মুখত যিদৰে হাঁহি বিৰিঙিছিল সেইদৰে প্রত্যাৱর্তন কৰাটো তেওঁলোকৰ বাবে অসম্ভৱ হোৱাত হতাশাত ভোগে৷ তিনিটা পুত্রৰ পিতৃ মুকুলৰ অসহায়া পত্নী কাঞ্চন হাজৰিকাই শুৱালকুছিত শিপিনী হিচাপে জীৱিকা নিৰ্বাহ কৰি আছে৷

ইপিনে, মুকুলক হাতত পায়ো  হেৰুওৱাৰ দৰে হৈছে পৰিয়ালটোৰ৷ ২০১৯ৰ পৰা বিগত তিনি ছৰে পুনৰ শুংসূত্রহীন হৈ থাকে মুকুল৷ ভাগ্যক ধীয়াই পিতৃ–মাতৃয়ে আজিও মাজনিশা উচুপি উঠে৷ বাটে–ঘাটে মানুহৰ পৰা দিহা–পৰামর্শ লয়৷ বিষয়টো জ্ঞাত হোৱাত সংবাদসেৱী ভার্গৱ কুমাৰ দাস আৰু হিতেশ হাজৰিকাই দৰঙৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাক সমস্ত ঘটনাটো দৃষ্টিগোচৰ কৰোৱাত বিষয়টোৱে পুনৰ প্রাণ পাই উঠিছে৷ আৰক্ষী অধীক্ষক শর্মাই বিষয়টি গুৰুত্বসহকাৰে লৈ যোৱা ১৯ জুলাইত এক পত্রযোগে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ সচিবৰ দায়িত্বত থকা আৰক্ষী উপ–মহাপৰিদর্শক দিগন্ত ৰা আৰু আৰক্ষীৰ বিশেষ শাখাৰ মহা পৰিদর্শক হীৰেন কুমাৰ নাথক মুকুল হাজৰিকাক বাংলাদেশৰ পৰা ওভতাই অনাৰ আনুষ্ঠানিক ৱস্থা গ্রহণ কৰ্বিলৈ অনুৰোধ জনায়৷ বৃদ্ধ পিতৃ–মাতৃ, পুত্র–পৰ্বিাৰৰ মুখত হাঁহি দেখ্বিলৈ আৰু কিমান দিন অপেক্ষা কৰ্বি লাগ্বি সেয়া সময়ত স্পষ্ট হ’ব৷

You might also like