নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতিয়া সমষ্টিত পুনৰ হিংসাঃ চকীঘাটত কৃষিপাম জ্বলালে সন্দেহজনক নাগৰিকে

নিয়মীয়া বাৰ্তা, ১১ জুনঃ চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে বসবাস কৰা জামুগুৰিহাটৰ দক্ষিণ–পশ্চিম প্রান্তৰ চকীঘাটত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ প্রচেষ্টাত বিগত সময়ত শোণিতপুৰ জিলা প্রশাসনে উচ্ছেদ চলাই হাজাৰ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ পাছতেই সেই স্থানত চতিয়া সমষ্টিৰ নিবনুৱা যুৱকসকলে কৃষিকর্মৰ জৰিয়তে আত্মনির্ভৰশীল হ’বৰ বাবে কৃষিকার্যত হাত দিছিল যদিও নির্বাচনৰ ফলাফলৰ পূর্বে খেতি–বাতি নষ্ট কৰাৰ লগতে বাৰে বাৰে দুষ্কৃতিকাৰীৰ দলে হিংসাত্মক কার্যকলাপ সংঘটিত কৰিয়েই আহিছে৷

বৃহস্পতিবাৰেও জামুগুৰিহাটৰ চকীঘাটত সন্দেহজনক নাগৰিকৰ কবলৰ পৰা শোণিতপুৰ জিলা প্রশাসনে বেদখলমুক্ত কৰা চৰকাৰী মাটিত কৃষিকর্ম কৰা খিলঞ্জীয়া যুৱকৰ কৃষি পামত দিন–দুপৰতে দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা ঘটনাক কেন্দ্র কৰি তীব্র উত্তেজনা বিৰাজ কৰিছে৷

বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ পাছতে ইয়াত ৫২টা আত্মসহায়ক গোটে সেই মাটিত কৃষিকর্মত মনোনিৱেশ কৰিছিল৷ কিন্তু কালি দিন–দুপৰতে সমন্বয় আত্মসহায়ক গোটৰ মাটিত থকা গৃহত একাংশ দুষ্কৃতিকাৰীয়ে অগ্ণিসংযোগ কৰে৷ প্রত্যক্ষদর্শীৰ মতে অগ্নিসংযোগ কৰি দুষ্কৃতিকাৰীৰ দলটো পলাই যায় যদিও নাতিদূৰত কৃষিকর্মত নিয়োজিত হৈ থকা আন এটা আত্মসহায়ক গোটৰ সদস্যই এই ঘটনা প্রত্যক্ষ কৰি ঘটনাস্থলীত উপস্থিত হৈ এই সন্দর্ভত জামুগুৰি আৰক্ষীক অৱগত কৰায়৷

ততাতৈয়াকৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পর্যবেক্ষণ কৰাৰ লগতে অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰিছে যদিও এই পর্যন্ত অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷

ইফালে ঘটনাস্থলীত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত হৈ খিলঞ্জীয়া যুৱকৰ কৃষিকর্মৰ ওপৰত দুষ্কৃতিকাৰীয়ে চলোৱা এই ঘটনা কোনো কাৰণতে মানি লোৱা নহ’ব বুলি উল্লেখ কৰি আমাৰ খিলঞ্জীয়া যুৱকে এই মাটি যিদৰে দখল কৰি কৃষিকার্য সম্পন্ন কৰাত হাত দিছে, সেয়া কোনো কাৰণতে বন্ধ কৰিব নোৱাৰে আৰু মই আমাৰ সেইসকল যুৱকৰ লগত আছোঁ বুলি উল্লেখ কৰি বিধায়ক পদ্ম হাজৰিকাই কয় যে আমাৰ মাটিৰ ওপৰত আমাৰ অধিকাৰ সাব্যস্ত কৰিবই লাগিব আৰু এই দুষ্কার্যৰ লগত জড়িত অপৰাধীয়ে দৃষ্টান্তমূলক শাস্তি পাব বুলিও হুংকাৰ দিয়ে বিধায়ক হাজৰিকাই৷

উল্লেখ্য যে সন্দেহজনক নাগৰিকৰ কবলৰ পৰা বেদখলমুক্ত কৰা এই মাটি এটা দুষ্টচক্রই পুনৰ দখল কৰাৰ চেষ্টা চলাই অহাৰ অভিযোগ উত্থাপন হৈছে৷

You might also like