নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়া বজাৰক ঢুকি পোৱা নাই স্বচ্ছ ভাৰত অভিযানে

নিয়মীয়া বৰ্তা, ১২ এপ্ৰিলঃ বৰপেটা জিলাৰ কলগাছিয়া দৈনিক তথা সাপ্তাহিক বজাৰৰ কদর্যময় পৰিৱেশে চিন্তিত কৰি তুলিছে সচেতন মহলক৷ যি সময়ত ক’ৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰি সমগ্র বিশ্বৰ নিদ্রাহৰণ কৰিছে, তেনে সময়ত কলগাছিয়াৰ দৰে অতি ব্যস্ততাপূর্ণ বজাৰখনৰ এনে কদর্যময় পৰিৱেশে এলেকাটোৰ মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ প্রতি থকা চৰম অৱহেলাৰ প্রমাণ দাঙি ধৰে৷

ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ নামত ৰাইজৰ উপার্জিত কোটি কোটি টকা খৰচ কৰিছে যদিও কলগাছিয়া বজাৰত ইয়াৰ অলপো প্রভাৱ পৰা পৰিলক্ষিত হোৱা নাই৷ স্থানীয় জনপ্রতিনিধি, কলগাছিয়া প্রশাসনৰ ভূমিকাও এইক্ষেত্রত সন্তোষজনক নহয়৷ ৰাইজৰ পৰা কেৱল ৰাজহ সংগ্রহত ব্যস্ত থকা হাট লেচীজনকো কলগাছিয়া বজাৰৰ কদর্যময় পৰিৱেশ সম্পর্কে কোনেও একো এটা সোধোতা নাই৷

বজাৰখনত খাদ্যবস্তু বিক্রী, মাছ, শাক–পাচলি, চকী–মেজ, গৰু–ছাগলী, গুৰা ফচল, হাঁহ–কুকুৰাৰ বজাৰ, মিঠাইৰ দোকান আদি অতিকৈ অস্বাস্থ্যকৰ পৰিৱেশত বজাৰ কৰিবলগা হৈছে৷ যাৰ বাবে আমছুৱে আৰু স্থানীয় ৰাইজে ১৫ দিনৰ ভিতৰত নলা চাফা কৰি লেতেৰা পৰিৱেশ দূৰ কৰাৰ বাবে কলগাছিয়া খণ্ড উন্নয়ন বিষয়া আৰু বৰপেটা জিলা উপায়ুক্তৰ ওচৰত দাবী জনায়৷

You might also like