নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদি-মিচিং পৰিণ কৌবাঙৰ শপত গ্ৰহণ, ৪৫ জনীয়া কমিটি গঠন

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ অসম-অৰুণাচল সীমান্তৱৰ্তী ৰুকচিন গেষ্ট হাউচত আজি আদি-মিচিং বাঃনে কৌবাঙৰ ভাতৃ সংগঠন আদি-মিচিং পৰিণ কৌবাঙৰ শপত গ্ৰহণ অনুষ্ঠিত কৰা হয় ৷ আদি মিচিং বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক অকম য়চুঙে আঁতধৰা শপত গ্ৰহণ অনুষ্ঠানৰ সভাপতিত্ব কৰে আদি-মিচিং বাঃনে কৌবাঙৰ সভাপতি ৰাজু মেদকে৷

উক্ত সভাৰ আদৰণী ভাষণ আগবঢ়ায় আদি-মিচিং পৰিণ কৌবাঙৰ সভাপতি তুষাৰ ঙাতেয়ে৷ লগতে আদি মিচিং বাঃনে কৌবাঙৰ জ্যেষ্ঠসকলক সম্বৰ্ধনা জনোৱা হয়৷ আদি মিচিং বাঃনে কৌবাঙৰ উপদেষ্টা টদল পেৰটিন, জ্যেষ্ঠ কৰ্মী বকেন পাৱ, অইন য়মচ, উপসভাপতি মজিত পাৱই অসম-অৰুণাচলৰ বিভিন্ন জিলাৰ পৰা উপস্থিত থকা আদি-মিচিং পৰিন কৌবাঙৰ সদস্যসকলৰ আগত সাৰুৱা বক্তব্য ৰাখে৷

আজিৰ সভাত অসমৰ মিচিং ছাত্র সন্থা টি এম পিকে, আদি ছাত্র সন্থা আদিছু, অসম অৰুণাচলৰ আদি-মিচিং সংগীত শিল্পী লগতে বহু গণ্য মান্য লোক উপস্থিত থকা সভাত আদি-মিচিং ভাতৃ সংগঠন আদি- মিচিং পৰিণ কৌবাঙৰ সভাপতি তুঙাৰ ঙাতে, সম্পাদক অবি গাৱক লৈ ৪৫ জনীয়া কমিটি গঠন কৰি শপত বাক্য পাঠ কৰায় আদি-মিচিং বাঃনে কৌবাঙৰ উপসভাপতি মজিত পাৱই৷

উল্লেখ্য যে ১৯৪৭ চনতে আৱৰ মিৰি ছাত্ৰ সংগঠন জন্ম হৈছিল। আজি পুনৰ ৭৪ বছৰৰ পিছত পুনৰ ভাৰতীয় সংবিধানত আৱৰৰ ঠাইত আদি আৰু মিৰিৰ ঠাইত মিচিং বুলি পোৱাৰ পিছত আদি-মিচিং ছাত্র সংগঠন গঠন কৰে৷

You might also like