নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজিপ্তৰ ৰাজধানী কাইৰোৰ পথেৰে ৰাজকীয় গমন ২২টা ‘মামী’ৰ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ মিছৰীয় সভ্যতাৰ অন্যতম নিদৰ্শন মামীৰ বিষয়ে নজনা মানুহ খুব কমেই ওলাব। সেইদৰে ষ্টিফেন ছোমাৰ্ছৰ চলচ্চিত্ৰ ‘মামী’ৰ কথাও বহুতৰে জ্ঞাত।

এই মামীক লৈয়ে ইজিপ্তৰ ৰাজধানী কাইৰোত যোৱা শনিবাৰে উলিওৱা হয় পৌৰাণিক ৰাজকীয় বেশভূষাৰে এক অনন্য শোভাযাত্ৰা। ১৮৮১ৰ পৰা ১৮৮৯ চনলৈ উদ্ধাৰ হোৱা ২২টা মামীক ইজিপ্তত নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক সংগ্ৰহালয়লৈ স্থানান্তৰকৰণৰ বাবে এনে ৰাজকীয় পেৰেদৰ ব্যৱস্থা কৰা হয়।

২২টা মামী ১৮গৰাকী ৰজা আৰু ৪গৰাকী ৰাণীৰ। ৰাষ্ট্ৰখনত জাতীয় সম্পদ ৰূপে গণ্য কৰা মামীসমূহক হাজাৰ হাজাৰ বছৰ পিছতো সম্পূৰ্ণ ৰাজকীয় সন্মানসহ স্থানান্তৰ কৰা হয়। মামী স্থানান্তৰকৰণৰ বাবে ৰাস্তাসমূহ সম্পূৰ্ণ মেৰামতি কৰাৰ লগতে পেৰেদত অংশ লোৱা পুৰুষ-মহিলাক প্ৰাচীন সাজ-সজ্জাৰে গঢ়ি তোলা হৈছিল। আনহাতে, ঘোঁৰাই টনা ৰথ, পৌৰাণিক সাজ-সজ্জাৰ বাহনেৰে প্ৰতিগৰাকী ৰজা আৰু ৰাণীক এখনকৈ বাহনত তুলি গন্তব্যস্থলীলৈ নিয়া হয়।

এই দৃশ্য চাবলৈ দেশখনত বহু পৰ্যটকেও অংশ লয়। বহুবছৰ ধৰি মিছৰীয় সংগ্ৰহালয়ত ৰখা এই মামীসমূহ নতুনকৈ নিৰ্মাণ কৰা মিছৰীয় সভ্যতাৰ সংগ্ৰহালয় নেচনেল মিউজিয়াম অৱ ইজিপচিয়ান চিভিলাইজেচনত ৰখা হ’ব।

শাসনকালৰ হাজাৰ হাজাৰ বছৰ পিছতো মামী ৰূপত শাসক ৰজা-ৰাণীক ইজিপ্তৰ বৰ্তমানৰ চৰকাৰে ৰাজকীয় সন্মান প্ৰদান কৰি বিশ্বজুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

You might also like