নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰেলী, সহস্ৰাধিক লোকৰ অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ চিৰাঙৰ বিজনী চহৰত আজি পুৱাৰ ভাগত ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজনী বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ সমৰ্থনত নিৰ্বাচনী ৰেলীত অংশ লয় ৷ পুৱা চাৰে ন বজাত বিজনী চহৰৰ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত হেলিকপ্টাৰযোগে উপস্থিত হোৱাৰ পাছত বিজনী পৰিভ্ৰমণ কৰি বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা সভাস্থলীত উপস্থিত হয় |

 সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত কৰা সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে বিগত পাঁচ বছৰত জনসাধাৰণৰ বাবে লোৱা উন্নয়নমূলক আঁচনিসমূহৰ মূল্যায়ণ কৰে | অসমৰ মহিলাসকলৰ সৱলীকৰণৰ ক্ষেত্ৰত অৰুণোদয় আঁচনি, শিক্ষাৰ ক্ষেত্ৰত লোৱা উল্লেখনীয় আঁচনি, কৃষকসকলৰ মাজত লোৱা আঁচনি, অসমৰ খিলঞ্জীয়া জাতি-গোষ্ঠীৰ মাজত ভূমি পট্টা বিতৰণ আৰু অসমৰ সকলো জাতি-গোষ্ঠীৰ উন্নয়ন ত্বৰান্বিত কৰাৰ দিশতো গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে ৷

হিমন্ত বিশ্ব শৰ্মাই সভাত বিজনী সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায় ৷ লগতে ভাষণৰ জৰিয়তে তেওঁ কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে | ইফালে সংবাদ মাধ্যমৰ আগত অসমৰ সভ্যতা, সংস্কৃতি ৰক্ষাত হাৰি গ’লো বুলি উল্লেখ কৰি এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে লুঙী, টুপীৰ চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰি কংগ্ৰেছ এতিয়া এ আই ইউ ডি এফৰ বি টীম বুলি অভিহিত কৰে৷

You might also like