নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত দুটাকৈ পথৰ আধাৰশিলা বিধায়ক তৰংগ গগৈৰ

  • নাহৰকটীয়া, টিংখঙ দুলীয়াজান, মৰাণ, চাবুৱাত স্থাপন হ’ব একোখনকৈ ষ্টেডিয়াম
  • ডিব্ৰুগড় জিলাৰ বাবে কেন্দ্ৰ-ৰাজ্য চৰকাৰে ব্যয় কৰিব এহেজাৰ কোটি টকা

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ:  মুখ্যমন্ত্ৰী উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ ২০২২- ২৩ বৰ্ষৰ অধীনত চাচনী মেৰবিলৰ পৰা টিকিৰা বালিঘাতৰ নতুন আৰ,চি,চি দলঙ সংযোগী পথটিৰ নিৰ্মাণ কাৰ্য্যৰ আজি আধাৰশিলা স্থাপন কৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে ।লোক নিৰ্মাণ বিভাগ চাবুৱা, দুলিয়াজান, নাহৰকটীয়া ক্ষেত্ৰীয় পথ সংমণ্ডলৰ উদ্যোগত চাচনী দিঘলী মঠাৱনী কল্যাণ নগৰ তিনিআলিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত লোকনিৰ্মাণ বিভাগৰ নাহৰকটীয়া সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা প্ৰশান্ত ফুকনে আঠ কিলমিটাৰ দৈৰ্ঘ্য আৰু ৫.৫ ফুট বহলেৰে নিৰ্মাণ হবলগীয়া পথটোৰ কাৰিকৰী দিশ সমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। প্ৰায় ৯.৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হবলগীয়া এই পথছোৱা নিৰ্মাণ হলে চাচনী বাসী ৰাইজে ডিব্ৰুগড় জিলাৰ সদৰলৈ আহ-যাহ কৰা ক্ষেত্ৰত যথেষ্ট সূচল হ’ব বুলি আশা প্ৰকাশ কৰে বিধায়ক তৰংগ গগৈয়ে । একেদৰে ২২-২৩ বৃত্তীয় বৰ্ষৰ মুখ্যমন্ত্ৰী পথ নবীকৰণ আঁচনিৰ অধীনত চাচনী শান্তিপুৰত ৯৮.৯৭ লাখ টকাৰ ব্যয় সাপেক্ষ টিংৰাই ডোম গাওঁৰ পৰা শান্তিপুৰ সংযোগী পথটোৰ নবীকৰণৰ বাবে আধাৰশিলা স্থাপন কৰি দুয়োটা পথৰ কাম ঠিকাদাৰে অতি উন্নত মানদণ্ডৰে কৰিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে বিধায়ক গৰাকীয়ে।

অন্যহাতেদি অহা ১৬ ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাহৰকটীয়া-টিংখং সীমামূৰীয়া কুঁৱৰী গাওঁ হাইস্কুলৰ প্ৰাংগনত অসম মালা আঁচনিৰ অধীনত ৫৭০ কোটি টকা ব্যয় সাপেক্ষে মৰাণ- নাহৰকটীয়া সংযোগী পথ, কেন্দ্ৰীয় চৰকাৰৰ NESIDS আঁচনিৰ অধীনত ষাঠি কোটি টকা ব্যয় সাপেক্ষে দুলীয়াজান ভাদৈ পাঁচ আলি-জয়পুৰ সংযোগী পথটোৰ লগতে উক্ত স্থানৰ পৰাই নাহৰকটীয়া, চাবুৱা, দুলিয়াজান, টিংখং আৰু মৰাণ অঞ্চলত স্থাপন হব লগা চাৰি খনকৈ ষ্টেডিয়ামৰো আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে। যত একোখন ষ্টেডিয়ামৰ বাবদ চৰকাৰে ব্যয় কৰিব বাৰ কোটি টকা।পথ, ষ্টেডিয়ামৰ লগতে বিভিন্ন হিতানত ডিব্ৰুগড় জিলা খনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সৰ্বমুঠ এহেজাৰ কোটি টকা ব্যয় কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে বিধায়ক তৰংগ গগৈয়ে ।

এই আধাৰশিলা অনুষ্ঠানত লোক নিৰ্মাণ বিভাগৰ নাহৰকটীয়া সংমণ্ডলৰ উপ-সহকাৰী কাৰ্য্যবাহী অভিযন্তা বিজয় কুমাৰ সিং,নাহৰকটীয়া সংমণ্ডলৰ ক্ষেত্ৰ পৰিদৰ্শক দুদুল চন্দ্ৰ বড়া,জিলা পৰিষদৰ সদস্যা মুনমী গগৈ বড়া, মেৰবিল পঞ্চায়তৰ সভানেত্ৰী স্বৰ্ণলতা লাহন, বিজেপি নাহৰকটীয়া মণ্ডলৰ সভাপতি গকুল বড়া, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য বিশ্বজিৎ সোণোৱাল, চাচনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভৱেশ সোণোৱাল, ৰংপুৰ দীঘলী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰণ সোণোৱালকে প্ৰমুখ্য কৰি স্থানীয় কেইবাগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

You might also like