নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়পুৰত চলন্ত গাড়ীত অগ্নিকাণ্ড: সম্পূৰ্ণ ৰূপে ভস্মীভূত মেজিক বাহন: কথমপি ৰক্ষা যাত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: আজি বিয়লি প্ৰায় দুই বজাত ডিব্ৰুগড় জিলাৰ জয়পুৰ থানাৰ অন্তৰ্গত নামৰূপ -জয়পুৰ সংযোগী ধোদৰ আলিত এখন মেজিক বাহন চলন্ত অৱস্থাত হঠাতে জ্বলি দিয়াত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। নাহৰকটীয়া পৰা নামৰূপ অভিমুখে গৈ থকা মেজিক গাড়ীখনৰ পিছফালে হঠাতে জুই দেখা পাই যাত্ৰীসকলে চালকক অৱগত কৰাত গাড়ীৰ চালকগৰাকীয়ে অতি কৌশলৰে গাড়ীখন পথৰ দাতিত ৰখাই যাত্ৰীসকলৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও মেজিক গাড়ীখনত জুইয়ে আবৰি ধৰে। ইফালে ঘটনাৰ তথ্য লাভ কৰি ঘটনাস্থলীত জয়পুৰ আৰক্ষী উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীক খৱৰ দিয়ে যদিও মেজিক গাড়ী খন জুইত সম্পূৰ্ণৰূপে জাহ যায়। মন কৰিবলগীয়া যে চৰ্ট চাৰ্কিটৰ ফলতেই গাড়ী খনত জুইয়ে আবৰি ধৰিলে বুলি স্হানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

You might also like