নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌন্দৰ্য প্ৰতিযোগিতাত স্থান দখলেৰে সোণাৰিলৈ গৌৰৱ কঢ়িয়ালে দীপজ‍্যোতিয়ে

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰ : বিশেষ সংগঠক বিদ‍্যুত দেৱনাথৰ উদ‍্যোগত গুৱাহাটীৰ আৰোহণ ভৱনত অসম ভিত্তিত ডি চি প্ৰডাকচনৰ আমাৰ প্ৰতিভা ২০২২ শীৰ্ষক সৌন্দৰ্য্য প্ৰতিযোগিতাৰ অনুষ্ঠান অনুষ্ঠিত হয় । সৌন্দৰ্য্য চৰ্চাৰ লগতে বিভিন্ন শিতানত অনুষ্ঠিত হয় নৃত্য গীতৰ প্ৰতিযোগিতাও। এই সৌন্দৰ্য্য প্ৰতিযোগিতাত মিষ্টাৰ এণ্ড মিচেচ শিতানত প্ৰায় ৫০জনৰো অধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে। এই ৫০গৰাকী প্ৰতিযোগিৰ ভিতৰত চৰাইদেউৰ সোণাৰি টাওকাক বাগিচাৰ ধীৰেন নায়ক আৰু ৰীণা নায়কৰ পুত্ৰ দীপজ‍্যোতি নায়কে অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰি সোণাৰি লৈ গৌৰৱ কঢ়িয়াই আনে । দীপজ‍্যোতি নায়ক সোণাৰি দিব‍্যলতা একাডেমিৰ দ্বাদশ শ্ৰেণীৰ ছাত্র। দীপজ‍্যোতি নায়কে বহু কষ্টৰ বিনিময়ত এই স্থান দখল  কৰি এটি ট্ৰফি, চাৰ্টিফিকেট আৰু  ডি চি প্ৰডাকচনলৈ অভিনয় কৰিবলৈ সুবিধা লাভ কৰিছে। এই ক্ষেত্ৰত সোণাৰিবাসীয়ে দীপজ‍্যোতি নায়কক অভিনন্দন জ্ঞাপন কৰে।

 

প্ৰেৰক দীপাংকৰ পাল

You might also like