নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰা আৰক্ষীৰ বৃহৎ সফলতাঃ নাবালিকা অপহৰণকাৰীক আটক

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ নগৰবেৰাৰ আৰক্ষীৰ বৃহৎ সফলতা। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তামিলনাডুৰ পৰা অপহৃতা নাবালিকাক উদ্ধাৰৰ লগতে অপহৰণকাৰীকো আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে কিছুদিনৰ পূৰ্বে নগৰবেৰাৰ ভখুৰাদিয়া অঞ্চলৰ এগৰাকী দশম মানৰ নাবালিকা ছাত্ৰীক অপহৰণ কৰে নগৰবেৰাৰ নায়টৰ অঞ্চলৰ আশ্চাদ আলীৰ পুত্ৰ আব্দুচ ওৱাহাবে, আৰক্ষীয়ে যোৱা ১২ ছেপ্টেম্বৰত এই সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰি অনুসন্ধান চলায় আৰু সেইমৰ্মে নগৰবেৰা থানাৰ উপপৰিদৰ্শক (প) শিশিৰ কুমাৰ বসুমতাৰী, নায়ক নৱ ৰাভা আৰু মহিলা আৰক্ষী কনিষ্টবল ৰোজ মেৰী টিগা, তামিলনাডুলৈ গৈ কাৰখানাত কৰ্মৰত অৱস্থাত নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত অপৰহৰণকাৰী ওৱাহাবক আটক কৰিবলৈ সক্ষম হয়। শনিবাৰে অপহৃতা ছাত্ৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে জি গম চি এইচ’লৈ প্ৰেৰণ কৰাৰ উপৰি অপহৰণকাৰী আব্দুল ওৱাহাবক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। নগৰবেৰা আৰক্ষীৰ এই সফলতাক সকলোৱে শলাগিছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like