নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ বাসগৃহত সন্দেহজনক ব্যক্তিৰ প্ৰৱেশ

ডিজিপিক নিৰাপত্তা ব্যৱস্হা গ্ৰহণৰ দাবী বিধায়ক গোৱালাৰ 

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই বিধায়কসকলৰ বাসগৃহৰ পৰা গৃহৰক্ষী জোৱান আৰু নিৰাপত্তাৰক্ষীসকলক কৰ্তন কৰাৰ পাছতেই এক অনাকাংখিত পৰিৱেশৰ সন্মুখীন হ’ল দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাৰ পৰিয়ালটি। এই লৈ নিৰাপত্তাহীনতাত ভুগি ক্ষোভ উজাৰিছে বিধায়ক গোৱালাই।

প্ৰাপ্ত খৱৰ অনুসৰি কালি নিশা প্ৰায় ১০ বজাত ডিমৌৰ এক অনুষ্ঠানত অংশ লৈ ঘৰলৈ উভতাৰ পথতে বিধায়কগৰাকীয়ে পৰিবাৰৰ পৰা এটা ফোনকল পাই যে তেওঁলোকৰ নাওহলীয়াস্হিত গৃহত কোনো সন্দেহজনক ব্যক্তিৰ প্ৰৱেশ ঘটিছে । সেইসময়ত বিধায়ক গৰাকীৰ পৰিবাৰসহ তেওঁলোকৰ কন্যা সন্তান আৰু এগৰাকী ভতিজী ছোৱালীৰ বাহিৰে ঘৰখনত আন কোনো সদস্য উপস্থিত নাছিল। এনেতে সন্দেহজনক ব্যক্তিৰ উপস্হিতিৰ উমান পাই পৰিয়ালটো আতংকিত হৈ পৰাত বিধায়ক গোৱালাই লগে লগে দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত নাওহলীয়া আৰক্ষীক খৱৰ দিয়ে। নাওহলীয়া আৰক্ষীয়ে বিধায়কৰ ঘৰত প্ৰৱেশ কৰি তালাচী চলাই কিছু আপত্তিজনক সামগ্ৰীৰ টোপোলা উদ্ধাৰ কৰে। কিন্তু কোনো ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ’ল। এই ঘটনাক লৈ ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ইফালে বিধায়কগৰাকীয়ে সমগ্ৰ ঘটনাটোক গুৰুত্ব সহকাৰে বিবেচনা কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অসম আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক। বিধায়ক তেৰছ গোৱালাই সংবাদমাধ্যমৰ সন্মুখত কয় যে এইখন দেশত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী দুবৃৰ্ত্তৰ হাতত প্ৰাণ গৈছিল । বিধায়ক পদ্ম হাজৰিকা আক্ৰমণৰ বলি হৈছিল। হত্যা কৰা হৈছিল বিজেপি প্ৰাৰ্থীক। ৰাজনৈতিক কাৰণত বহুতেই শত্ৰুতাৰ গণ্য কৰে। গতিকে সময় থাকোতেই কিবা কৰক। ডাঙৰ অঘটনৰ পূৰ্বেই নিৰাপত্তা ব্যৱস্থা কৰক। অঘটনৰ পাছত হাজাৰ নিৰাপত্তা দি কি লাভ হ’ব।

You might also like