নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোৱণশিৰিত ভয়ংকৰ খহনীয়া, আতংকত ডিৰপাই অঞ্চলবাসী

বাৰিষা সমাগত হোৱাৰ লগে লগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সোৱণশিৰি নদীৰ গৰাখহনীয়াই। নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত এতিয়া চপৰা-চপৰে খহি পৰিছে নদীৰ পাৰ, যাৰ ফলত আতংকৰ মাজত দিন পাৰ কৰিছে গোগামুখৰ ডিৰপাই অঞ্চলৰ ৰাইজে।

বিশেষকৈ খৰস্ৰোতা সোৱণশিৰি নদীয়ে ডিৰপাই অঞ্চলত কালৰূপ ধাৰণ কৰিছে বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে। গৰাখহনীয়াৰ ফলত সৰ্বভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানকে ধৰি সমগ্ৰ অঞ্চলটোলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে নদীখনৰ ভয়ংকৰ ৰূপে।

উল্লেখযোগ্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিয়ে নামনি অঞ্চলবাসীৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী কৰি আহিছে যদিও বাস্তৱত ৰাইজৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে গোগামুখ আঞ্চলিক আছুৱে।

স্থানীয় লোকসকলৰ মতে, এইদৰে গৰাখহনীয়া অব্যাহত থাকিলে অনাগত দিনত পৰিস্থিতিয়ে অধিক ভয়ংকৰ ৰূপ লোৱাৰ আশংকা আছে।

ইফালে, গৰাখহনীয়া ৰোধৰ বাবে এন এইচ পি চিয়ে ডিৰপাইত পাৰ্কুপাইন স্থাপন কৰিছিল যদিও নদীৰ প্ৰৱল সোঁতে অধিকাংশ পাৰ্কুপাইন উটুৱাই নিয়াত পুনৰ জটিল হৈ পৰিছে পৰিস্থিতি।

ডিজিটেল ডেস্ক, ৭ মে’

You might also like