নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিগ-বিৰ ঘৰতো ক’ভিড আক্ৰান্ত

ঘৰুৱা ক’ভিড পৰিস্থিতিৰে মোকাবিলা বিগ-বিৰ। জীৱনৰ বিভিন্ন কথা সময়ে সময়ে নিজৰ ব্লগত লিখি জনাই থকা বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনে এইবাৰ ঘৰত ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলগীয়া হৈছে। এই কথা তেওঁ নিজৰ ব্লগৰ জৰিয়তে জনাইছে। বিগ-বিয়ে বিতঙকৈ একো জনোৱা নাই যদিও অনুৰাগীৰ সৈতে পাছত যোগাযোগ ৰক্ষা কৰিব বুলিহে কৈছে। উল্লেখনীয় যে, অমিতাভ বচ্চনৰ বাংলোৰ এজন কৰ্মী ক’ভিড পজিটিভ ওলোৱাৰ পাছতে এই কথা জনাইছে বৰ্ষীয়ান অভিনেতাগৰাকীয়ে। ৭৯ বছৰীয়া অভিনেতাগৰাকী যোৱা বছৰৰ মে’ মাহতে ভেকচিনৰ দুয়োটা ডোজ সম্পূৰ্ণ কৰিছিল।

You might also like