নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগ : পাটাছাৰকুছিত সুধাকণ্ঠৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তিৰ নিৰ্মাণ সম্পূৰ্ণ

৩৫০৮ কিলোগ্ৰাম ব্ৰঞ্জ ব্যয়ৰে নিৰ্মিত ১৫ ফুট উচ্চতা আৰু সৰ্বোচ্চ ২৭ ফুট পৰিধিৰ মূৰ্তিটোয়ে অসমত এক সুকীয়া স্থান দখল কৰিব, উত্তৰ- পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ বৃহৎ আকাৰৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি বুলি চৰ্চিত, উন্মোচনীলৈ অধীৰ অপেক্ষাৰত পাটাছাৰকুছিবাসী

পাটাছাৰকুছিৰ অন্যতম স্বেচ্চাসেৱী সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত তথা ৰাইজৰ সহযোগত ক্লাবৰ বহুমুখী আঁচনি ৰূপায়ণৰ অধীনত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতি ক্লাবৰ তথা অঞ্চলটোৰ ৰাইজৰ শ্ৰদ্ধাৰ স্মাৰক হিচাপে এক নতুন আৰ্হিত পাটাছাৰকুছি পৰিদৰ্শন বঙলাৰ চৌহদত নিৰ্মাণ কৰা অসমীয়াৰ প্ৰাণৰ শিল্পী গৰাকীৰ ব্ৰঞ্জৰ বিশাল আকাৰৰ আবক্ষ মূৰ্তিটোৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈছে।

১৫ ফুট উচ্চতাৰ আৰু সৰ্বোচ্চ ২৭ ফুট পৰিধিৰ এই ব্ৰঞ্জৰ বিশাল আবক্ষ মূৰ্তিটো নিৰ্মাণত ৩৫০৮ কিলোগ্ৰাম ব্ৰঞ্জ ব্যয় হৈছে। এক ব্যয় বহুল বাজেটেৰে নিৰ্মাণ কৰা ব্ৰঞ্জৰ আবক্ষ মূৰ্তিটো বিশ্ববৰেণ্য শিল্পী গৰাকীৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি নৱেম্বৰ মাহৰ প্ৰথম ভাগত ইয়াক ৰাইজৰ মাজত মুকলি কৰি দিয়াৰ আশা কৰা হৈছে বুলি ক্লাবৰ সভাপতি তথা আবক্ষ মূৰ্তি নিৰ্মাণ সমিতিৰ সম্পাদক ৰফিকুল হকে জানিবলৈ দিছে।

ইতিমধ্যে চৰকাৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী পালনৰ বাবে বিভিন্ন অভিলাষী কাম হাতত লোৱাৰ সময়ত এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত এনে ধৰনে বিশাল ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণেৰ কালজয়ী সংগীত শিল্পী গৰাকীলৈ শ্ৰদ্ধা জনোৱা প্ৰয়াসক প্ৰশংসা কৰিছে বিভিন্নজনে৷ অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ ভিতৰত এইটোয়ে আটাইতকৈ বৃহৎ আকাৰৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি বুলি ইতিমধ্যে চৰ্চিত হৈছে। এই আবক্ষ মূৰ্তিটোয়ে অসমত এক সুকীয়া স্থান দখল কৰাৰ লগতে পাটাছাৰকুছিৰ ইতিহাসত এক গৌৰৱময় অধ্যায় হিচাপে চিহ্নিত হোৱাৰ আশা কৰা হৈছে।

এই মূৰ্তিটো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ লগতে পৰ্যটক কেন্দ্ৰ হব বুলি ধাৰণা কৰা হৈছে। তেজপুৰৰ বিশিষ্ট ভাস্কৰ্য শিল্পী অলকেশ পৰাশৰে প্ৰথম অৱস্থাত প্ৰায় এক বছৰ ধৰি লাগি মডেলিং কৰি প্লাষ্টাৰ অৱ পেৰিছে (পি ও পি) ৰে সাজি উলিয়াও পি ও পি মূৰ্তিটো পশ্চিম বংগৰ বোলপুৰ শান্তি নিকেতন নিবাসী বিশিষ্ট ব্ৰঞ্জ কাষ্ট্টিং শিল্পী মুক্তাৰ মল্লিকৰ নেতৃত্বত এটি ৭/৮ জনীয়া দলে প্ৰায় ওঠৰ মাহ ধৰি নিৰ্মাণ কাৰ্য্য চলাই মূৰ্তিটো ব্ৰঞ্জলৈ ৰূপান্তৰ কৰাৰ অন্তত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তিটোৰ প্ৰাণ পাই উঠে।

আবক্ষ মূৰ্তিটো স্থাপন কৰা বেদীটোও ভাস্কৰ্য শিল্পী অলকেশ পৰাশৰ মডেলিং মৰ্মে সুন্দৰ আকৰ্ষণীয় নিৰ্মাণ কৰা হৈছে। ইতিমধ্যে অসমৰ বহু কেইগৰাকী বিশিষ্ট শিল্পী তথা ব্যক্তিয়ে পাটাছাৰকুছিৰ এই নিৰ্মাণ কাৰ্য্য স্থলীত পদাৰ্পন কৰি মূৰ্তিটো চকু ফুৰাই গৈছে আৰু ইয়াৰ অৱয়বত সন্তুষ্টি প্ৰকাশ কৰিছে।

তাৰ ভিতৰত সুধাকণ্ঠৰ সহযোগী বাদ্যযন্ত্রী কমল কটকী, সুধাকণ্ঠৰ অন্তৰংগ সহযোগী তথা সংগীত শিল্পী সদানন্দ গগৈ, সংগীত শিল্পী মণীষা হাজৰিকা, সংগীত শিল্পী সংগীতা কাকতি, সংগীত শিল্পী মৌচুমী চহৰীয়া, বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ উপৰি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰনজিৎ কুমাৰ দাস অন্যতম। আনহাতে পাটাছাৰকুছিৰ সন্তান বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ প্ৰস্তাৱমৰ্মে উদ্যোগতাই আবক্ষ মূৰ্তিৰ স্থলী তথা চৌহদটোক ইতিমধ্যে “সুধাতীৰ্থ” নামেৰে নামাকৰণ কৰিছে।

আনহাতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাষেৰে আৱক্ষমূৰ্তি স্থলী “সুধাতীৰ্থ” তথা পাটাছাৰকুছি আৰক্ষী থানালৈ যোৱা এই পথচোৱা বজালী জিলাৰ জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে ক্লাবৰ অনুৰোধমৰ্মে তাৎক্ষণিকভাবে উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰাত ইতিমধ্য লোকনিৰ্মাণ বিভাগে পথচোৱা সম্পূৰ্ণ বহলকৈ আৰু ব্লকৰে নিৰ্মাণ কৰাৰ উপৰি ক্লাবৰ তৰফৰ পৰা পথচোৱা সৌন্দৰ্য্যবর্ধন আৰু পোহৰৰ ব্যৱস্থা কৰাৰ ফলত স্থলীটোৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি কৰি তুলিছে। এতিয়া মাত্ৰ মূৰ্তি উন্মোচনীলৈ অধীৰ অপেক্ষাৰত পাটাছাৰকুছিবাসী ৰাইজ।

নিয়মীয়া বাৰ্তা, পাটাছাৰকুছি, ২৫ অক্টোবৰ

You might also like