নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰম লজ্জা পাকিস্তানৰ : বিশ্বকাপৰ এখনো মেচত জয়ী হ’বলৈ নহ’ল সমৰ্থ

বৰষুণৰ বাবে তিনিখন খেলা বাতিল হোৱাৰ ফলত পাকিস্তানক প্ৰতিখন বাতিল খেলত ১ পইণ্টকৈ লাভ হয়। এইদৰে মুঠ তিনিখন বাতিল খেলৰ বাবেই তেওঁলোকে ৩ পইণ্ট সংগ্ৰহ কৰে

মহিলা বিশ্বকাপ ২০২৫ত পাকিস্তানৰ বাবে অৱস্থা একেবাৰে লজ্জাজনক হৈ পৰিছে। পাকিস্তানৰ মহিলা দলে এখনো খেল জিকিব নোৱাৰিলে। বিশ্বকাপৰ পূৰ্ণ টুৰ্ণামেণ্টত তেওঁলোকে সাতখন খেল খেলিলে, কিন্তু এখনতো জয়ৰ মুখ দেখিবলৈ নাপালে।

পাকিস্তানে সাতখন খেলৰ ভিতৰত চাৰিখনত পৰাস্ত হল আৰু তিনিখন খেল বৰষুণৰ বাবে বাতিল হ’ল। পাকিস্তানৰ সকলো খেল শ্ৰীলংকাৰ ৰাজধানী কলম্বোত অনুষ্ঠিত হৈছিল।

বিশ্বকাপৰ শেষ খেলত পাকিস্তানে শ্ৰীলংকাৰ বিৰুদ্ধে খেলিছিল। প্ৰথমে বেটিং কৰিবলৈ নামি পাকিস্তানৰ খেলত আকৌ বৰষুণে বাধা দিয়ে, ফবৰষুণৰ বাবে তিনিখন খেলা বাতিল হোৱাৰ ফলত পাকিস্তানক প্ৰতিখন বাতিল খেলত ১ পইণ্টকৈ লাভ হয়। এইদৰে মুঠ তিনিখন বাতিল খেলৰ বাবেই তেওঁলোকে ৩ পইণ্ট সংগ্ৰহ কৰেলত খেলখন বাতিল ঘোষণা কৰা হয়। ইয়াৰ সৈতে পাকিস্তানৰ বিশ্বকাপ অভিযান এখনো খেল নিজিকি ৩ পইণ্টেৰে সমাপ্ত হয়।

মহিলা বিশ্বকাপ ২০২৫ৰ চাৰিটা ছেমিফাইনেল দল নিৰ্ধাৰিত হৈছে— অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, আৰু ভাৰত। অষ্ট্ৰেলিয়াই প্ৰথমে ছেমিফাইনেলত প্ৰৱেশ কৰিছিল, তাৰ পাছত দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডে স্থান পায়। নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতেও ছেমিফাইনেলৰ স্থান নিশ্চিত কৰিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৫ অক্টোবৰ

You might also like