নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাউলীত অসম পৰ্যটনৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া আদৰণি তোৰণৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত হাউলীত নতুনকৈ নিৰ্মিত শ্বহীদ বেদী আৰু চণ্ডী বৰুৱা ভৱনৰ শুভ উদ্বোধনী অনুষ্ঠানত আজি উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

 

লগতে থলুৱা কৃষ্টি-সংস্কৃতিৰ প্ৰতিফলনেৰে হাউলীত অসম পৰ্যটন উন্নয়ন নিগমৰদ্বাৰা নিৰ্মাণ হ’বলগীয়া আদৰণি তোৰণৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তোৰণখনৰ নিৰ্মাণত ব্যয় হ’ব ৪০ লাখ টকা।
অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, বিধায়ক গুণীন্দ্ৰ নাথ দাস, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা  উপস্থিত থাকে।
You might also like