নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্কিন ৰাষ্ট্রপতি হিচাপে কি কি সুবিধা পাব জ’ বাইডেনে, জানেনে?

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: ৰাষ্ট্রপতি নির্বাচনৰ চূড়ান্ত ফলাফল ওলাল৷ এই নির্বাচনত ইতিমধ্যে ডেম’ক্রেট প্রার্থী জ’ বাইডেনে প্রয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰি ৰাষ্ট্রপতি হিচাপে নির্বাচিত হৈছে৷ শনিবাৰে ঘোষিত ফলাফল অনুসৰি জ’ বাইডেনে লাভ কৰিলে ৩০৯টা ইলেক্ট্রৰেল কলেজ ভোট আৰু ৰাষ্ট্রপতি ট্রাম্পে পাইছে ২৩২ ইলেক্ট্রৰেল কলেজ ভোট৷

লগতে পঢ়কঃ দিল্লীত বৃদ্ধি পাইছে ক’ৰোনা সংক্রমণঃ বাতিল হ’ব পাৰে সংসদৰ শীতকালীন অধিৱেশন!

বিশ্বৰ অন্যতম শক্তিশালী দেশৰ ৰাষ্ট্ৰপতি হিচাপে কি কি সুবিধা লাভ কৰিব জ’ বাইডেনে। চাওক এই তালিকা-

বেতন

বেতন ৪ লাখ মার্কিন ডলাৰ। বিনোদন ভাতা হিচাপে ১৯,০০০ ডলাৰ। ভ্রমণভাতা বছৰি ১ লাখ ডলাৰ। অন্যান্য খৰছ ৫০,০০০ ডলাৰ।

অৱসৰৰ পাছত পেঞ্চন পাব ২ লাখ মার্কিন ডলাৰ। মৃত্যুৰ পাছত পত্নীয়ে পাব ১ লাখ মার্কিন ডলাৰ।

বাসভৱন

ৰাষ্ট্রপতি ৰূপে শপত লোৱাৰ পাছত হোৱাইট হাউছতেই থাকিব জ বাইডেন। ৰাষ্ট্রপতিৰ ব্যৱহাৰৰ বাবে আছে ১৩২টি ঘৰ, ২৮ ফায়াৰপ্লেছ, ৩৫ বাথৰুম। আছে চিনেমা হল, ছুইমিং পুল আৰু জগিং কৰাৰ ঠাই।

লগতে পঢ়কঃ বৰঝাৰ বিমান বন্দৰত গ্ৰেপ্তাৰ ১১টাকৈ ভুৱা সেনা জোৱান

নিৰাপত্তা

মার্কিন  ৰাষ্ট্রপতিৰ নিৰাপত্তাত নিয়োজিত থাকিব Secret Service।

গাড়ী

যিখন গাড়ীত মার্কিন ৰাষ্ট্রপতিয়ে যাতায়ত কৰিব সেইখন বাহন বিশ্বৰ আটাইতকৈ নিৰাপদ বুলি দাবী কৰা হয়। এই বিশেষ গাড়ীত আছে  ক্ষেপণাস্ত্র, ৰাসায়নিক অস্ত্র মোকাবিলা ব্যৱস্থা। আছে অক্সিজেন, ব্লাডবেংকৰ ব্যৱস্থা।

এয়াৰফোৰ্ছ ওৱান

মার্কিন ৰাষ্ট্রপতি যিখন বিমানত যাতায়ত কৰে সেয়া হ’ল এয়াৰফোৰ্ছ ওৱান। এই বিমানত যিকোনো ধৰণৰ আক্ৰমণ প্রতিহত কৰাৰ ক্ষমতা আছে।

You might also like