নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ প্ৰথমজন প্লাজমা দাতা ডাঃ শ্যামল বসুমতাৰী

নিয়মীয়া বাৰ্তা, ২৬ আগষ্টঃ চিৰাং জিলাৰ প্ৰথমজন প্লাজমা দাতা হিচাপে আজি এজন ক’ভিড যোদ্ধাৰ  নাম সংযোজিত হয়। জিলাখনৰ বিজনী মহকুমাৰ অন্তৰ্গত ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক শ্যামল বসুমতাৰীয়ে (৪০) আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ক’ভিড -১৯ আক্ৰান্ত ৰোগীৰ জীৱন দায়িনী প্লাজমা দান কৰি চিৰাং জিলাৰ প্ৰথমজন প্লাজমা দাতা হিচাপে নিজৰ নাম লিপিবদ্ধ কৰে।

ওদালগুৰিৰ বাসিন্দা ডাক্তৰ  শ্যামল বসুমতাৰী যোৱা ১৮ জুলাইত ক’ভিড-১৯ত আক্ৰান্ত হোৱাত কাশীকোত্ৰা আদৰ্শ  চিকিৎসালয়ত ভৰ্তি হৈছিল। চৈধ্যদিন পাছত অৰ্থাৎ যোৱা  ২৬ জুলাইত তেওঁ ক’ৰোনা মুক্ত হয়। তেওঁৰ লগতে তেওঁৰ বৃদ্ধ মাতৃ আৰু পত্নীও ক’ৰোনাত আক্ৰান্ত হৈছিল। যোৱা ২৪ ঘণ্টাত জিলাখনত নতুনকৈ ৩ গৰাকী ব্যক্তিক ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে। এই তিনিওগৰাকী ব্যক্তিৰ ৰেপিড এণ্টিজেণ্ট টেষ্ট  কৰোৱা হৈছিল।

আজিলৈকে  জিলাখনত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৭১৪জনলৈ বৃদ্ধি পায়। ইয়াৰে ৫৪৬ গৰাকী সুস্থ হৈ উঠাত ঘৰলৈ যাব দিয়া হয় আৰু ১৬৮ গৰাকীৰ বৰ্তমানেও চিকিৎসা অব্যাহত ৰাখিছে। আজি ১৯ গৰাকী সুস্থ ৰোগীক ঘৰলৈ যাব দিয়া হয় বুলি চিৰাং জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

You might also like