নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তক মৰণোন্তৰভাৱে পদ্মভূষণ দিয়াৰ দাবী

নিয়মীয়া বাৰ্তা, ২৬ আগষ্টঃ অভিনেতা সুশান্ত সিং ৰাজপুতক পদ্মভূষণেৰে সন্মানিত কৰাৰ দাবী উঠিল মহাৰাষ্ট্ৰত। এটা স্বেচ্ছাসেৱী সংস্থাই শিৱসেনাৰ নেতা আদিত্য থাকৰেৰ ওচৰত এই দাবী জনাই পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

মেধাসম্পন্ন অভিনেতাগৰাকীয়ে ভাৰতীয় বিনোদন জগতত আগবঢ়োৱা অৰিহণাৰ প্ৰতি সন্মান জনাই পদ্মভূষণ দিব লাগে বুলি পত্ৰত উল্লেখ কৰে স্বেচ্ছাসেৱী সংস্থাটোৱে। উল্লেখ্য যে আদিত্য থাকৰে মহাৰাষ্ট্ৰৰ পদ্মভূষণ কমিটীৰ প্ৰধান ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

গুৰুত্বপূৰ্ণ কথা এয়া যে সুশান্তৰ মৃত্যুৰ তদন্ত মুম্বাই আৰক্ষীৰ পৰা চিবিআইৰ হাতলৈ নিয়াৰ পিছত কিছু ক্ষুব্ধ হৈছিল মহাৰাষ্ট্ৰ চৰকাৰ। বিহাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত আৰম্ভ হৈছিল শীতল মনোমালিন্যও।

এনে অৱস্থাত স্বেচ্ছাসেৱী সংস্থাটোৰ দাবীৰ প্ৰতি আদিত্য থাকৰেৰ প্ৰতিক্ৰিয়া কেনে হ’ব সেয়া সময়তহে জনা যাব।

You might also like