নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই যিটো দলত থাকোঁ সেই দলেই চৰকাৰ গঠন কৰেঃ হাগ্রামা

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: ‘মই কংগ্রেছত থাকোঁতে কংগ্রেছ চৰকাৰ, বিজেপিত থাকোঁতে বিজেপি চৰকাৰ হৈছিল আৰু এইবাৰ কংগ্রেছৰ লগত আছোঁ কংগ্রেছৰ চৰকাৰ হ’ব৷’ আমি সমন্বয় বিচাৰোঁ৷ হিন্দু, মুছলমান, বড়ো, খ্রীষ্টান ধর্মাৱলম্বী আদি জাতি–জনগোষ্ঠী আমি এক হৈ থাকিব বিচাৰোঁ৷’ –এই মন্তব্য বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ৷

১ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পর্যায়ৰ নির্বাচনী প্রচাৰৰ অন্তিম দিনটোত মঙলবাৰে নলবাৰী সমষ্টিৰ অন্তর্গত ঘগ্রাপাৰৰ সমীপৰ খাতিকুছি– সাগৰকুছি খেলপথাৰত কংগ্রেছ মহাজোঁটৰ প্রার্থী প্রদ্যুৎ কুমাৰ ভূঞাৰ হৈ এখন বিশাল নির্বাচনী সভা অনুষ্ঠিত হয়৷ দিনৰ ১২ বজাত অনুষ্ঠিত তথা কেইবাহাজাৰ কংগ্রেছ দলৰ সমর্থকে অংশগ্রহণ কৰা সভাখনত হাগ্রামা মহিলাৰীয়ে পুনৰ কয় যে হিমন্ত বিশ্ব শর্মা কোন হয়, মই থাকোঁতে হিৰো আছিল, এতিয়া মই নাই গতিকে হিমন্ত জিৰো৷ হিমন্তৰ দাদাগিৰি নচলিব বুলি কটাক্ষ কৰি বডো লোকসকলক হাতৰ ছবিত ভোট দিবলৈ আহ্বান জনায়৷

মুঠৰ ওপৰত হাগ্রামা মহিলাৰীয়ে ভাষণ দি থকা সময়ত কেৱল ড০ হিমন্ত বিশ্ব শর্মাক লক্ষ্য কৰি ভাষণ প্রদান কৰে৷ বডিগোগ বনভাগ মণ্ডল কংগ্রেছৰ সভাপতি ভুবনেশ্বৰ কলিতাই আঁত ধৰা সভাখনত আদৰণী ভাষণত মহাজোঁটৰ প্রার্থী প্রদ্যুৎ কুমাৰ ভূঞাই বিজেপি চৰকাৰক তীব্র সমালোচনা কৰে৷ বিৰোধী দলৰ দলপতি দেৱব্রত শইকীয়াই বিজেপি চৰকাৰৰ কাম–কাজক ক্ষুৰধাৰ সমলোচনা কৰি এইবাৰ কংগ্রেছ মহাজোঁটৰ চৰকাৰ নিশ্চিত বুলি দাবী কৰে৷

বিশাল নির্বাচনী সভাখনত বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেক, কংগ্রেছৰ মুখপাত্র অপূর্ব কুমাৰ ভট্টাচার্যই ভাষণ ৰাখি নলবাৰী জিলাৰ তিনিওটা বিধানসভা সমষ্টিত কংগ্রেছৰ প্রার্থী বিপুল ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী কৰে৷ সভাখনত চি পি আই (এম)ৰ জ্যেষ্ঠ নেতা ৰবীন মিশ্রয়ো নির্বাচনী ভাষণ ৰাখি মিত্রজোঁটৰ বিজেপি চৰকাৰক মূল্যবৃদ্ধি কৰা চৰকাৰ বুলি তীব্র সমালোচনা কৰে৷ মিশ্রই জয়ন্ত মল্ল বৰুৱাক নলবাৰীৰ পৰা বিদায় দিবলৈ ৰাইজক আহ্বান জনাই প্রদ্যুৎ ভূঞাক হাতৰ ছবিত ভোট দিবলৈ অনুৰোধ জনায়৷

সভাৰ আৰম্ভণিতে নলবাৰী আৰু ঘগ্রাপাৰৰ পৰা এক বৃহৎ বাইক ৰেলী কৰি খাতিকুছিলৈ যায়৷ পৰৱর্তী সময়ত খাতিকুছিৰ পৰা পুনৰ ঘগ্রাপাৰ হাইস্কুল খেলপথাৰত উপস্থিত হৈ নির্বাচনী প্রচাৰৰ অন্ত পেলায়৷ আনহাতে মহাজোঁটৰ প্রার্থী প্রদ্যুৎ কুমাৰ ভূঞাই নির্বাচনী প্রচাৰৰ শেষত চমক সৃষ্টি কৰাত কংগ্রেছ কর্মীসকল উৎসাহিত হৈ পৰা পৰিলক্ষিত হৈছে৷

You might also like