নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত হাগ্রামাৰ নির্বাচনী প্রচাৰ; মাদ্রাছা খোলাৰ প্রতিশ্রুতি

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: মঙলবাৰে দ্বিতীয় পর্যায়ৰ নির্বাচনী প্রচাৰৰ অন্তিমটো দিনত জাগীৰোড বিধানসভা সমষ্টিত দেখা গ’ল হাইপ্রফাইল নেতাৰ হাইভ’ল্টেজ নির্বাচনী প্রচাৰ সভা৷ সমষ্টিটোৰ কংগ্রেছ দলৰ প্রার্থী স্বপন কুমাৰ মণ্ডলৰ হৈ নির্বাচনী প্রচাৰত নামিল হাগ্রামা মহিলাৰী, অপূর্ব কুমাৰ ভট্টাচার্য, দেৱব্রত শইকীয়া, ভূপেন বৰা আদি কেইবাগৰাকীও নেতা৷ জাগীৰোড সমষ্টিৰ অন্তর্গত বুৰাবুৰিত অনুষ্ঠিত এখন বিশাল নির্বাচনী সভাত হাগ্রামা মহিলাৰীসহ সকলো নেতাই আক্রমণৰ লক্ষ্য কৰি লয় মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু পীয়ূষ হাজৰিকাক৷ এইবাৰ জাগীৰোড সমষ্টিটোত কংগ্রেছ প্রার্থীৰ জয় নিশ্চিত বুলি ক’লে হাগ্রামা মহিলাৰীয়ে৷

আনহাতে কংগ্রেছ চৰকাৰ হ’লেই মাদ্রাছা খোলাৰ প্রতিশ্রুতি দিলে বিপিএফপ্রধান হাগ্রামা মহিলাৰীয়ে৷

You might also like