নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত কন্যাৰ বিবাহৰ বাবে ক্রয় কৰা গহনা নিলে চোৰে

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ ৰঙিয়াৰ পিতাম্বৰ হাতবজালীত দিন–দুপৰতে ধন–সোণ চুৰিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ স্বাধীনতা দিৱসৰ প্রাক্মুহূর্তত গৃহস্থ নথকা অৱস্থাত ঘৰৰ তলা ভাঙি চোৰে নগদ ধনসহ মূল্যৱান সামগ্রী লুটি নিয়ে৷ অৱসৰপ্রাপ্ত শিক্ষক চামচুল হকৰ ঘৰত এই চুৰি কাণ্ড সংঘটিত হয়৷ নগদ ৩০ হাজাৰ টকাসহ প্রায় ৮ লাখ টকা মূল্যৰ সোণৰ আ–লংকাৰ লৈ যায় চোৰে৷

অৱসৰপ্রাপ্ত শিক্ষকগৰাকীয়ে নিজৰ কন্যাৰ বিয়াৰ বাবে সাঁচি ৰখা সোণৰ আ–লংকাৰ চোৰে নিয়াত পৰিয়ালটো শোকত ভাগি পৰে৷ চোৰে প্রথমতে ঘৰৰ তলা ভাঙে৷ তাৰ পিছত দুটা গডৰেজ, পালেং আৰু বাকচৰ তলা ভাঙি সকলো সা–সামগ্রী লৈ যায়৷ পৰিয়ালটোৱে আত্মীয়ৰ মৃত্যুৰ খবৰ ল’বলৈ যোৱাৰ সময়ত চুৰিকার্য সংঘটিত কৰে৷ পিছত ঘটনা সন্দর্ভত ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপে৷ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷

You might also like