নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৱা স্বায়ত্ব পৰিষদৰ ৩৫খন আসনেই দখল কৰিব বিজেপিয়ে!

বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ ফেক্টৰ নহয়, ৰহাত সংবাদমেল পাতি বিজেপিৰ আহ্বায়ক সমিতিৰ দাবী

নিয়মীয়া বাৰ্তা ,৫ ডিচেম্বৰঃ আগন্তুক ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা তিৱা স্বায়ত্ব পৰিষদৰ তৃতীয় সাধাৰণ নিৰ্বাচনত বিজেপিৰ ৩৫খনৰ আটাইকেইখনতে জয়লাভ কৰিব বুলি দাবী কৰিলে বিজেপিৰ পৰিষদীয় নিৰ্বাচনীৰ আহ্বায়ক সমিতিয়ে। তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছক ক্লিন ছুইপ কৰিব বিজেপিয়ে। এইদৰে অতি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিলে বিজেপিৰ পৰিষদীয় নিৰ্বাচনৰ আহ্বায়ক হৰেণ সিং বেয়ে। আজি ৰহাত আয়োজিত এক সংবাদ মেলত আহ্বায়ক তথা ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেণ সিং বে আৰু ৰাজ্যিক সম্পাদক দীপ্লুৰঞ্জন শৰ্মাই কয় যে,  এইবাৰ তিৱা স্বায়ত্ব পৰিষদ হ’ব কংগ্ৰেছমুক্ত স্বায়ত্ব পৰিষদ।  বিজেপি এটা সুসংগঠিত ৰাজনৈতিক দল আৰু সম উন্নয়ন আৰু সম বিকাশ, জাতি-মাটি আৰু ভেটি ৰক্ষাৰ বাবেই ৰাইজে তিৱা কাউন্সিলখন কংগ্ৰেছমুক্ত কৰিব। বিজেপি চৰকাৰে অসমৰ জনসাধাৰণৰ বাবে মাত্ৰ চাৰে চাৰিবছৰত যিদৰে উন্নয়ণ সাধন কৰিব বিচাৰিছে সেয়া কেৱল বিজেপি চৰকাৰৰ বাবেহে সম্ভৱ বুলি কয়।অন্যহাতে বিজেপিৰ লগত কংগ্ৰেছ ফেক্টৰ নহয় বুলি কোৱাৰ লগতে আন কোনো দলে প্ৰতিদন্দিতা কৰিব নোৱাৰে বুলি কৈ বিজেপিৰ ৩৫ টা সমষ্টিৰ ভিতৰত বিজেপিৰ কোনজন প্ৰাৰ্থীয়ে বেছি ভোট লাভ কৰিব তাৰে প্ৰতিদন্দিতা হ’ব বুলি কয়। আনহাতে বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিলেও বিজেপিৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰি আহ্বায়ক সমিতিখনে জাতি মাটি ভেটি ৰক্ষাৰ বাবেই বিজেপিক ৰাইজে ভোট দিব বুলি মন্তব্য প্ৰদান কৰে। সংবাদ মেলখনত  নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ আৰু ৰহাৰ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসো উপস্থিতি থাকে।

    ইপিনে সংবাদ মেলতে হাগ্ৰামা মাহিলাৰীক উভতি ধৰিলে ডিফুৰ সাংসদ হৰেণসিং বে’য়ে। তিনি দিনৰ পূৰ্বে হাগ্ৰামা মাহিলাৰীয়ে কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙক পাগল বুলি কোৱা মন্তব্যৰ প্ৰত্যুত্তৰ দি হৰেণ সিং বে’য়ে কয় যে যিজনে এনে অসাংবিধানিক মন্তব্য কৰিব পাৰে তেওঁহে প্ৰকৃত পাগল। এসময়ত কাৰ্বি আংলঙলৈ আহি ডকাইটি কৰা হাগ্ৰামাক কাৰ্বি আংলঙৰ ৰাইজে বিচাৰ কৰিব বুলিও সংবাদ মেলত মন্তব্য কৰে।

You might also like