নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল গুৱাহাটী বিমান বন্দৰ

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ  ভয়ানক বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল গুৱাহাটী বিমান বন্দৰ।SG960 বিমানখন বাংগালুৰুৰ পৰা গুৱাহাটী অভিমুখী আছিল। শুকুৰবাৰে গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰোঁতে SpiceJetৰ বিমানখন ৰানৱেৰ পৰা পিছলি গৈছিল যদিও সৌভাগ্য ক্ৰমে কোনো ডাঙৰ দুঘৰ্টনা সংঘটিত নহল।  অৱশ্যে দুৰ্ঘটনাটোত কোনো আঘাত পোৱা নাই, ডিজিচিএৰ এজন জ্যেষ্ঠ বিষয়াই এই কথা জানিবলৈ দিয়ে ।

ঘটনাটোত কোনো আঘাতপ্ৰাপ্ত হোৱা নাই যদিও ৰাণৱেৰ লাইট সমূহ ভাঙি যায়। কিন্তু এতিয়ালৈকে এইটো স্পষ্ট হোৱা নাই যে যেতিয়া দুৰ্ঘটনাটো সংঘটিত হৈছিল তেতিয়া বিমানখনত কিমান সংখ্যক যাত্ৰী আছিল।

You might also like