নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত আজি উদুলি মুদুলি পৰিবেশৰ মাজৰে টিএমপিকেৰ সোনালী জয়ন্তী বৰ্ষ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী: জোনাইত আজিৰে পৰা উদুলি মুদুলি পৰিবেশৰ মাজেৰে আৰম্ভ হৈছে মিচিং জাতীয় ছাত্র সংগঠন টাকাম মিচিং পৰিণ কেবাং (টিএমপিকে)ৰ সােণালী জয়ন্তী বর্ষ উদযাপনৰ শুভাৰম্ভ কাৰ্যসূচী। ১৬ আৰু ১৭ জানুৱাৰীত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে৷ সোনালী জয়ন্তী বৰ্ষ শুভাৰম্ভ দুদিনীয়া কাৰ্যসূচী অনুসৰি আজি পুৱা ৭:৩০ বজাত স্বেচ্ছাসেৱক সকলৰ বৈঠক, পুৱা ৯:০০ বজাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উপ-সভাপতি যজ্ঞেশ্বৰ কুটুমৰ পতাকা প্ৰদৰ্শনেৰে বগীবিলৰপৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰলৈ চাইকেল ৰেলীৰ পিছতে পুৱা ১০:৩০ বজাত টি এম পি কেৰ সাধাৰণ সম্পাদক তিলক দলেৰ পতাকা প্ৰদৰ্শনৰ লগতে BLACK HURRICANE আৰু ROYAL RIDERS JONAI ৰ নেতৃত্বত ডিমৌ চাৰিআলিৰপৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰলৈ তিনিহাজাৰ বাইক ৰেলী উপস্থিত হয়৷

আজি সােণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত কৰা বস্ত্র মেলা শুভ উদ্ধোধন কৰে ধেমাজি জিলা আৰক্ষী অধীক্ষ ধনঞ্জয় ঘনৱত, খাদ্য মেলা শুভ উদ্ধোধন কৰা জোনাই মহকুমাধিপতি জিমলি শইকীয়া কাকতি, গ্রন্থমেলা উদ্বোধন কৰে জোনাই মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ দলে , মুল তােৰণ মুকলি কৰে জোনাই বিজ্ঞান মহাবিদ্যালৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগু, টি এম পি কে ছাত্র সংগঠন জন্ম লাভ কৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰ্হি উদ্ধোধন কৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰতাপ চন্দ্ৰ পাৱৰ লগতে ঢকুৱাখনাৰ অল আছাম মিৰি হাইস্কুলৰ আৰ্হি লগতে অতিথিগৃহ তিনিটাকৈ অতিথিশালা মুকলি কৰে অভ্যর্থনা সমিতিৰ সভাপতি ৰাজু মেদক, সম্পাদক নৰেশ পেগুৱে।

উক্ত উদ্ধোধনী অনুষ্ঠানত মৃৰংঘৰ উদ্ধোধন কৰি মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ হৰকান্ত পেগুৱে কয় মৃৰং ঘৰ অবিহনে মিছিং সাংস্কৃতি কেতিয়াও সম্পূৰ্ণ নহয়৷ আমি সকলোৱে জানিব লাগে বা জানি থোৱাটো ভাল নিজৰ ধৰ্ম হেৰালে সংস্কৃতি হেৰায় আৰু সংস্কৃতি হেৰালে নিজৰ নীতি আদৰ্শ হেৰায় গতিকে আমি নিজ ধৰ্মক ৰক্ষা কৰিব লাগিব আৰু নিজৰ কৃষ্টিক ধৰি ৰাখিব লাগিব গতিকে নিজৰ ভাষা ধৰ্ম সংস্কৃতি ৰক্ষা নকৰিলে আমি জহৰা হিচাপে পৰিগণিত হব নিজৰ পৰিচয় নোহোৱা হব ৷

আজি যদি মিচিং হয় নিজৰ ভাষা সংস্কৃতি নাজানিলে তাতকৈ আৰু লাজৰ বিষয় কি আছে গতিকে যিমানেই পঢ়াশুণা কৰি বা চাকৰিশুত্ৰে বাহিৰত থাকিলেও নিজৰ মিচিং ভাষাটো কব আমি কবই লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে টি এম পি কে ছাত্ৰ সংগঠনটোৱে আজি ৫০ বৰ্ষ পূৰ্ণ কৰোতে হয়তো কিছুমান ভূল ক্ৰুতি থাকিব পাৰে তাকে সংগঠটোৱে নিজক আত্মলোচনা কৰিব লাগিব বুলি মন্তব্য দাঙি ধৰি টি এম পি কে সোনালী জয়ন্তী বৰ্ষৰ মূল মণ্ডপ সুন্দৰ বাবে সজোৱাক লৈ আভ্যৰ্থনা সমিতিৰ সভাপতি ৰাজু মেদকক প্ৰসংশা কৰে৷আজি টি এম পিকে সোনালী জয়ন্তী অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ লগতে অসম-অৰুণাচলৰ বহু বিশিষ্ট অতিথিয়ে অংশগ্রহণ কৰে৷ তদুপৰি টাকাম মিচিং পৰিণ কেবাঙৰ প্রাক্তন নেতৃবৃন্দ আৰু বিভিন্ন জনগােষ্ঠীয় সংগঠনৰ নেতা উপস্থিত থাকে।

বিয়লি প্ৰাক্তন টি এম পি কেৰ নেতা-কৰ্মী বৈঠকৰ পিছতে , বিয়লি টি এম পি কে সাধাৰণ সম্পাদক তিলক দলেয়ে আদৰণি ভাষণ আগবঢ়োৱা মুকলি সভাত বিশিষ্ট মিচিং গীতৰ গায়ক-গায়িকা সকলে সমবেত সংগীত পৰিৱেশনৰ লগতে মিচিং লোক নৃত্যৰে মুখৰিত হয় জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ টি এম পি কে ৰ সোনালী জয়ন্তীস্থলী ৷ উক্ত মুকলি সভাতেই স্মৃতি গ্ৰন্থ “দঃলুং আগম”ৰ শুভ উদ্বোধন কৰে মিচিং আগম কৗবাঙৰ সভাপতি গোবিন্দ টাইদ, সন্ধিয়াৰ পৰা ২০২১ বৰ্ষৰ এংল’ মিচিং বছৰেকীয়া কেলেণ্ডাৰৰ উদ্বোধন কৰে – টি এম পি কে ৰ প্ৰাক্তন সভাপতি জহান দলে, সন্ধিয়া ৭:০০ বজাত পৰম্পৰা সাজপাৰৰ প্ৰদৰ্শন উদ্বোধক কৰে টি এম এম কে সাধাৰণ সম্পাদিকা বন্তিবালা পেগুৱে৷

উল্লেখ্য যে অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী মিচিং সকলৰ একমাত্ৰ ছাত্ৰ সংগঠন ১৯৭১ চনত জন্ম লাভ কৰা সদৌ মিচিং ছাত্ৰ সন্থা ( টি এম পি কে)ই সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে।সংগঠনটোৰ গৌৰৱোউজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে বছৰজোৰাকৈ উৎযাপনৰ কৰা হৈছে। সেই অনুসৰি জ’নাই, ঢকুৱাখানা, মাজুলী,চিলাপথাৰ আৰু গোগামুখত ৰূপায়ণ কৰা হব৷

ইফালে কার্যসূচীৰ দ্বিতীয় দিনাৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী ড৹ হিমন্তবিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীয়াে সাংসদ, বিধায়কেও অংশ গ্রহণ কৰিব বুলি জানিব পৰা গৈছে।

You might also like