নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিতৰ এই গতি… কামৰূপৰ ডিচি অফিচৰ আমোলাৰ অৱহেলাত দুৰ্দশা বীৰৰ

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপত এইবেলি দেশজুৰি জাকজমকতাৰে পালন কৰা হল অসমীয়া জাতিৰ বীৰত্বৰ প্ৰতীক লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী। বীৰ পুৰুষগৰাকীৰ  জীৱনগাথা ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিয়াৰ লক্ষ্যৰে চৰকাৰীভাবে গ্ৰহণ কৰা হল বিভিন্ন কাৰ্যসূচী তথা উদ্যোগ। সেইমতে ৰাজধানী দিল্লীকে ধৰি অসমৰ চৌদিশে বিৰাজমান হৈ পৰিছিল লাচিতৰ বীৰত্বৰ জীৱনগাথা। প্ৰকাৰান্তৰে কবলৈ গলে লাচিতৰ উন্মাদনাত অসমে নহয় দেশজুৰি জাগ্ৰত হোৱাৰ লগতে বিভিন্ন মহলত এক যুগন্তকাৰী চৰ্চাৰ উন্মেষ ঘটিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিভিন্ন প্ৰভাৱশালী ব্যক্তিক লাচিতৰ বীৰ চানেকিয়ে হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। এয়া সম্ভৱ হৈছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ববোধৰ মানসিকতাত। কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ লাচিতৰ সেই প্ৰতি থকা সেই মানসিকতাক যেন ধূলিসাৎ কৰাতহে অগ্ৰসৰ হল এচাম আমোলা বিষয়াই। আমিনগাঁওস্থিত কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়  চৌহদত পৰিলক্ষিত হল বীৰ পুৰুষগৰাকীৰ প্ৰতি থকা অমনোযোগিতাৰ স্পৰ্ধা। উল্লেখ্য যে শৰাইঘাট যুদ্ধৰ কেন্দ্ৰস্থল বুলি বুৰঞ্জীয়ে ৰিঙিয়াই থোৱা কামৰূপ জিলাৰ প্ৰশাসনৰ উদ্যোগতো জাকজমকপূৰ্ণভাৱে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল চাৰিশ বছৰীয়া লাচিত দিৱস। সময় বাগৰিল। লগে লগে পাহৰণিৰ গৰ্ভত লাচিত বৰফুকন। ডিচি সংহত কাৰ্যালয়ৰ পাছফালে বীৰযোদ্ধাগৰাকীৰ প্ৰতিমূৰ্তিৰ দুৰৱস্থাই এই কথাকে প্ৰতিপন্ন কৰিছে। কামৰূপ জিলাৰ জিলা সংহত উপায়ুক্ত কাৰ্যালয়ৰ পূতিগন্ধময় আৱৰ্জনা স্তূপৰ মাজত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি পৰিত্যক্ত অৱস্থাত এনেদৰে ৰখাক কেন্দ্ৰ কৰি সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
প্ৰেৰক অনুভৱ কুমাৰ
You might also like