নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ শীৰ্ষক প্রশিক্ষণ কাৰ্য্যসূচী সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: যোৱা ২০ আৰু ২৩ মাৰ্চৰ দিনা ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ৰ উদ্যোগত আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ- মানৱ সম্পদ উন্নয়ন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত তথা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান (RUSA)ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ যায় “ৰাষ্ট্ৰীয় মূল্যাঙ্কন আৰু প্ৰত্যাৰ্পন পৰিষদ (NAAC)ৰ প্ৰস্তুতি” আৰু “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০” শীৰ্ষক এক প্রশিক্ষণ কাৰ্য্যসূচী। উক্ত কাৰ্য্যসূচীত ধুবুৰী শিক্ষা জিলাৰ আলমগঞ্জ ৰাঙামাটি মহাবিদ্যালয়, ধুবুৰী ছোৱালী মহাবিদ্যালয়, হাতীধূৰা মহাবিদ্যালয়, হামিদাবাদ মহাবিদ্যালয়, প্ৰমথেশ বৰুৱা মহাবিদ্যালয়, সাপটগ্ৰাম মহাবিদ্যালয়, ধৰ্মশালা মহাবিদ্যালয়কে ধৰি বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ, আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক আৰু সদস্যসকলে অংশগ্ৰহণ কৰে। বিশ্ববিদ্যালয় অনুদান আয়োগ- মানৱ সম্পদ উন্নয়ন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড০ তবাছুম ৰিজৱীয়ে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা সেই বিশেষ কাৰ্য্যসূচীৰ আদৰণি ভাষণ প্ৰদান কৰে ভোলানাথ মহাবিদ্যালযৰ অধ্যক্ষ ড০ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে। দুদিনীয়া সেই প্ৰশীক্ষণ কাৰ্য্যসূচীত সমল ব্যক্তিৰূপে উপস্থিত থাকে ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধ্ৰুৱ চক্ৰৱৰ্তী, মহাবিদ্যালয়খনৰ আভ্যন্তৰীন মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ড০ সুস্মিতা সেনগুপ্ত আৰু হাজোৰ সুৰেন দাস মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক বিশ্বজিৎ কলিতা। উল্লেখ্য যে, অসম চৰকাৰে অসমৰ সকলো মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় মূল্যাঙ্কন আৰু প্ৰত্যাৰ্পন পৰিষদ (NAAC)ৰ পৰা স্বীকৃতি লাভ কৰিবলৈ নিৰ্দেশ দিছে।

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী 

You might also like