নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ গগৈৰ স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক তথা সংবাদজগতৰ পথিকৃৎ প্ৰদীপ কুমাৰ গগৈৰ আজি আদ্যশ্ৰাদ্ধ উপলক্ষে এখন স্মৃতিচাৰণৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভাতে সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজান আৰু দুলীয়াজান প্ৰেছ ক্লাবৰ যুটীয়া উদ্যোগত প্ৰয়াত প্ৰদীপ কুমাৰ গগৈৰ সোঁৱৰণত প্ৰকাশ কৰি উলিওৱা ‘অভ্ৰভেদী প্ৰদীপ’ শীৰ্ষক স্মৃতিগ্ৰন্থখনি উন্মোচন কৰা হয় ।

সাংবাদিকত্ৰয় জিতুল দত্ত, কৃষ্ণা গগৈ আৰু বিক্ৰমাদিত্য দত্ত কাকতিৰ সম্পাদনাৰে প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে ‘সোণৰ খাৰু নালাগে মোক’ উপন্যাসখনৰ স্ৰষ্টা তথা কথা-সাহিত্যিক ধীৰেন বৰুৱাই । দলিলস্বৰূপ এই গ্ৰন্থখনিত প্ৰয়াত প্ৰদীপ কুমাৰ গগৈৰ জীৱনাদৰ্শ তথা তেওঁৰ বহুল কৰ্মৰাজি সন্দৰ্ভত বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী বিশিষ্ট লেখকৰ তথ্যসমৃদ্ধ লেখা সংযোজন ঘটিছে।

সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানৰ প্ৰতিষ্ঠাপক উপ-সভাপতি, প্ৰাক্তন সভাপতি , ডিব্ৰুগড় জিলাৰ সাংবাদিক সন্হাৰ প্ৰাক্তন সভাপতি, পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ দুলীয়াজান সমিতিৰ সম্পাদক প্ৰয়াত প্ৰদীপ কুমাৰ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰ গগৈ, দুলীয়াজান সাহিত্য সভাৰ সভাপতি আদিত্য গোস্বামী, আলফা(স্বা)ৰ  মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱা, পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ দুলীয়াজানৰ সভাপতি হীৰা গগৈ, তিনিচুকীয়া পেঙেৰীৰ জ্যেষ্ঠ সাংবাদিক ৰবীন মৰাণ তথা অসংখ্য গুণমুগ্ধই প্ৰয়াত গৰাকীৰ আদৰ্শ-কৰ্মৰাজিক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জিতুল দত্তই আঁত ধৰা অনুষ্ঠানতে প্ৰয়াত প্ৰদীপ কুমাৰ গগৈৰ সহধৰ্মিণী দীপা গগৈৰ হাতত ডিব্ৰুগড় জিলাৰ “মে না‌ং ৰাই”ৰ তৰফৰ পৰা সভানেত্ৰী ড০ হিৰণমণি বৰগোঁহাই গগৈ আৰু সম্পাদিকা নিজু কোঁৱৰে এক শোকাবাৰ্তা অৰ্পণ কৰে। আনহাতে প্ৰয়াতগৰাকীৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষে অনুষ্ঠিত তাই আহোমৰ পৰম্পৰাগত ধৰ্মীয় নাম প্ৰসংগত মলুং বিকুল গগৈ, তাই গৱেষক টুপিধৰ চাংমাই, বিশ্বজিৎ বৰগোহাঁই, টিকেন্দ্ৰজিৎ বৰুৱা আদি বহুকেইগৰাকী তাই-পণ্ডিত উপস্থিত থাকে ।

You might also like