নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰ কেন্দ্রীয় কাৰাগাৰৰ পৰা পলায়ন দুই কয়দীৰ

নিয়মীয়া বাৰ্তা, ১২ মে’: শিলচৰ কেন্দ্রীয় কাৰাগাৰৰ পৰা পলায়ন কৰিলে দুই কয়দীয়ে৷ কাৰাগাৰৰ পৰা আজীৱন কাৰাদণ্ডৰ দুই কাৰাবন্দী পলায়নৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে কেন্দ্রীয় কাৰাগাৰৰ ১০নং ৱার্ডৰ পৰা দুজন কয়দীয়ে পলায়ন কৰে৷ পলায়ন কৰা কয়দীকেহজনৰ নাম হিফজুৰ ৰহমান আৰু দীপ নুনিয়া৷ জানিব পৰা মতে, দুয়োজনেই হত্যাৰ অপৰাধত শাস্তি ভুগি আছিল৷ দুজনকৈ কয়দীৰ পলায়নৰ ঘটনাই কাৰাগাৰ চৌহদত তীব্র উত্তেজনাৰ সৃষ্টি কৰিছে৷ অতন্দ্র প্রহৰীৰ নিৰাপত্তা বেষ্টনী ভেদি দুজনকৈ কয়দী কেনেকৈ পলায়ন কৰিলে সেই লৈ বহু প্রশ্ন উত্থাপন হৈছে৷

ইপিনে কয়দী পলাই যোৱাৰ খবৰ পাই কাছাৰৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাঁ আৰু আৰক্ষী অধীক্ষক শিলচৰ কাৰাগাৰত উপস্থিত হয়৷ সাংবাদিকৰ মুখামুখি হৈ কাছাৰ জিলা আৰক্ষী অধীক্ষক নোমাল মাহাত্তোৱে কয়, সমগ্র ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে তেওঁলোকে৷ কালি নিশা শিলচৰ কেন্দ্রীয় কাৰাগাৰৰ পৰা পলায়ন কৰে দুজন কয়দী৷ তেওঁলোকৰ নাম হিফজুৰ ৰহমান আৰু দীপ নুনিয়া৷ কাৰাগাৰৰ ১০নং ৱার্ডত হিফজুৰ ৰহমান আৰু দীপ নুনিয়া নামৰ দুজন কয়দীক বন্দী কৰি ৰখা হৈছিল৷ দুয়োজনে হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছিল৷ আৰক্ষীয়ে এটা গোচৰ নথিভুক্ত কৰি তদন্ত আৰম্ভ কৰিছে বুলি তেওঁ উল্লেখ কৰে৷ বদৰপুৰ অঞ্চলৰ হত্যাকাণ্ডৰ অভিযুক্ত হিফজুৰ আৰু মেহেৰপুৰৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত দীপ বুলি তেওঁ কয়৷ ইপিনে এই দুই কয়দীৰ পলায়নৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে কেন্দ্রীয় কাৰাগাৰ প্রশাসনৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্রশ্ন উত্থাপন হৈছে৷

You might also like