নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেউতাৰ ছেক্রেটাৰী, দেউতাৰ ছাঁ

(দেউতা হোমেন বৰগোহাঞিৰ দ্বিতীয় মৃত্যুবার্ষিকী উপলক্ষে)

  • প্রদীপ্ত বৰগোহাঞি

 

অলপতেKalam : The Untold Story নামৰ এখন জীৱনী পঢ়িছিলোঁ৷ জীৱনীকাৰ আৰ. কে. প্রসাদ প্রাক্তন ৰাষ্ট্রপতি এ.পি.জে. কালামৰ ব্যক্তিগত সচিব আছিল৷ কিতাপখন পঢ়াৰ পিছত কালামৰ প্রতি আগতকৈও শ্রদ্ধা বাঢ়িল তেওঁক ‘ৰাইজৰ ৰাষ্ট্রপতি’ বুলি কিয় অভিহিত কৰা হৈছিল সেইটো মর্মে মর্মে উপলব্ধি কৰিলোঁ৷ যদিও এই চমু গ্রন্থখন পঢ়ি উপকৃত হ’লোঁ আৰু বহুতো নজনা কথা জনোৱাৰ বাবে লেখকৰ প্রতি কৃতজ্ঞ অনুভৱ কৰিলোঁ, মই জানো যে দুদিনৰ পিছতে আৰ. কে. প্রসাদৰ নাম পাহৰি যাম৷ মাথোন জীৱনীকাৰেই নহয়, প্রসাদ ৰাষ্ট্রপতি কালামৰ সকলো কথাতে সাহায্য–পৰামর্শ আগবঢ়োৱা সোঁহাতস্বৰূপ ব্যক্তি আছিল৷ কিন্তু অগণন ভাৰতীয়ই কালামক অন্তৰত সংৰক্ষিত কৰাৰ বিপৰীতে প্রসাদৰ কথা নাজানে, বা নাজানিব৷
কলম্বিয়াৰ স্বনামধন্য ঔপন্যাসিক গেব্রিয়েল গার্থিয়া মার্কেজৰ গ্রন্থসমূহৰ প্রত্যেক পৃষ্ঠাতে পাঠকক ৰোমাঞ্চিত আৰু পুলকিত কৰা কথা থাকে৷ কিন্তু আমি মার্কেজৰ লেখা উপভোগ কৰিব পাৰিছোঁ গ্রেগৰী ৰাবাছাৰ অনবদ্য, সৃষ্টিশীল অনুবাদৰ বাবে৷ দৰাচলতে মার্কেজে এবাৰ কৈছিল যে ৰাবাছাৰ অনুবাদ তেওঁৰ নিজৰ লেখাতকৈও উৎকৃষ্ট অথচ ৰাবাছাৰ কথা সাহিত্য জগতৰেই বহুতে নাজানে, যি ক্ষেত্রত সাহিত্যৰ লগত বিশেষ সম্পর্ক নথকা মানুহেও মার্কেজক এজন জিনিয়াছ আৰু কিংবদন্তি হিচাপে স্বীকাৰ কৰে৷
জীৱনীকাৰ, অনুবাদক, ব্যক্তিগত সচিব আদিয়ে বহুতো প্রচণ্ড প্রতিভাৱান, প্রখ্যাত লোকৰ খ্যাতিৰ পোহৰৰ ছাঁত থাকি অজ্ঞাত, অখ্যাত হৈ থাকে৷ এনে গৌণ ভূমিকা পালন কৰা মানুহৰ মাজত ইংলেণ্ডৰ জীৱনীকাৰ জেমছ বছৱেল কিছু সৌভাগ্যশালী৷ বহুমুখী প্রতিভাধাৰী, ওঠৰ শতিকাৰ বিশাল ব্যক্তিত্ব ডক্তৰ ছেমুৱেল জনছনৰ মিত্র বছৱেলেThe Life of Samuel Johnson নামৰ জীৱনীখন লিখি অমৰত্ব লাভ কৰিলে৷ জনছনক জনা ইংৰাজী সাহিত্যৰ ছাত্র বা সাধাৰণ মানুহে বছৱেলক নজনাকৈ নাথাকে৷
এতিয়া মই আমাৰ পৰিয়ালৰ সন্দর্ভত এই ছাঁত থকা বা নেপথ্যত থকাৰ বিষয়ে দু–আষাৰ কওঁ৷ অইন বহুতো পিতৃৰ দৰে মোৰ দেউতা হোমেন বৰগোহাঞিয়েও তেওঁৰ সন্তানে তেওঁৰ বৃত্তি বা পেছা অৱলম্বন কৰাটো বিচাৰিছিল৷ ময়ো সৰু কালৰে পৰা সাহিত্য সৃষ্টিৰ বিষয়টোৰ প্রতি আকর্ষিত হৈছিলোঁ৷ অসমীয়া আৰু ইংৰাজী দুয়ো ভাষাতে মই গল্প, প্রবন্ধ আদি লিখা আৰম্ভ কৰিছিলোঁ আৰু পিছলৈ সম্পূর্ণ দীর্ঘৰ গ্রন্থও ৰচনা কৰিছিলোঁ৷ কোমল বয়সতে মই বহুজনৰ পৰা সাহিত্য সৃষ্টিৰ ক্ষেত্রত উৎসাহ আৰু উদগনি পাইছিলোঁ৷ ইয়াৰ ভিতৰত ভাষাবিদ আৰু সাংবাদিক শ্রীধীৰেন বেজবৰুৱা আৰু সাহিত্যিক চন্দ্রপ্রসাদ শইকীয়া অন্যতম৷ কটন কলেজৰ ইংৰাজীৰ অধ্যাপক দেৱেন দত্ত ছাৰে মোৰ এটা প্রশ্ণৰ উত্তৰ পঢ়ি কোনো এজনক কৈছিল যে ই মাক–দেউতাকক চেৰাই যাব৷ নৱম শ্রেণীতে মই কৰা মোৰ মা নিৰুপমা বৰগোহাঞিৰ ‘আকাশ চোৱা’ গল্পটোৰ অনুবাদ তেতিয়াৰ আগশাৰীৰ প্রকাশক বিকাশ পাব্লিছিঙে উলিওৱা এখন সংকলনত অন্তর্ভুক্ত হৈছিল৷ সম্পাদিকা নির্মলপ্রভা বৰদলৈয়ে কৈছিল যে এইটো অনুবাদ প্রদীপ্তই কৰিবই নোৱাৰে, সি বহুত সৰু– এইটো মাক নিৰুপমাই নিজে কৰিছে৷ কলেজত একাদশ শ্রেণীত (তেতিয়াৰPre-University) নামভর্তি কৰাৰ পিছত জাতীয় কাকত বা আলোচনীতো মোৰ দুই–এটা প্রবন্ধ প্রকাশিত হৈছিল৷ এই আলোচনীৰ ভিতৰতTimes of India গ্রুপৰ অধুনা বিলুপ্তYouth Times আলোচনীখনো আছিল৷ মোৰ লেখাত কিবা সামান্য প্রতিভাৰ চিন পাই আলোচনীখনৰ সম্পাদিকা বিখ্যাত লেখিকাAnees Jung-এ তেওঁৰ গুৱাহাটী ভ্রমণৰ সময়ত মোক দেখা কৰিবলৈ ইচ্ছা কৰিছিল৷ কিন্তু শেষ মুহূর্তত স্বাস্থ্যজনিত কাৰণত এই ভ্রমণ বাতিল হ’ল৷
এই দীঘলীয়া ভূমিকাৰ জৰিয়তে নিজৰ কথা অত্যধিক পৰিমাণে জাহিৰ কৰা বাবে মই পাঠকৰ ক্ষমাপ্রার্থী৷ কিন্তু মোৰ দেউতাৰ দ্বিতীয় মৃত্যু তিথিৰ প্রাক্মুহূর্তত সাহিত্যিক প্রভাৱ, অনুপ্রেৰণা আৰু উত্তৰাধিকাৰ আদি বিষয়বোৰ মোৰ মনলৈ আহিছে বাবে উপৰিউক্ত কথাবোৰ কিছু প্রাসংগিক বুলি বিবেচনা কৰিছোঁ৷ আজিৰ দিনত মানুহ সফল সাহিত্যিক কেনেকৈ হয়? সাহিত্য–ৰস বা সাহিত্য সৃষ্টিৰ স্পৃহা তেওঁৰ তেজত থাকে নে এটা উপযুক্ত পৰিৱেশেহে সফলতাৰ পথ উন্মুক্ত কৰে? ভাগ্যই এক ডাঙৰ ভূমিকা পালন কৰে নে লেখকজনে নিজেই নিজৰ ভাগ্য গঢ়ি তোলে– কেতিয়াবা কিছু অনৈতিক আৰু আত্মপ্রচাৰৰ দৰে নির্লজ্জ কৌশল অৱলম্বন কৰি?
মোৰ দেউতাই সাহিত্যৰ প্রথম অনুপ্রেৰণা লাভ কৰিছিল মোৰ ককাদেউতাৰ আলমাৰিত থকা গ্রন্থসমূহৰ পৰা৷ ময়ো তেনেদৰে দেউতাৰ নানা বহুমূলীয়া কিতাপৰ সুবাস সেৱন কৰি সাহিত্য পাঠ আৰু সৃষ্টিৰ পিনে ঢ়াল খাইছিলোঁ৷ সৰু কালতে দেউতাই নানা গাল–গল্প কৰাৰ লগে লগে বিশ্ব সাহিত্য, সংস্কৃতি আৰু ইতিহাসৰ মণি–মুকুতা আমাক বিলাইছিল৷ কিন্তু এনেদৰে মনত উচ্চ খাপৰ চিন্তাৰ বীজ ৰোপণ কৰাৰ পিছত তেওঁ আমাৰ পৰা এক দীর্ঘকালৰ বাবে আঁতৰি গ’ল বাবে বহুদিনলৈ তেওঁৰ পৰা সাহিত্যিক অনুপ্রেৰণা নোপোৱাকৈ থাকিলোঁ৷
এইখিনিতে এটা সৰু, আমোদজনক কথা কৈ যাওঁ৷ স্বাভাৱিকতে দেউতাৰ কোনো ছেক্রেটাৰী নাছিল, আৰু নুমলীয়া বয়সতে মই এই দায়িত্ব পালন কৰিছিলোঁ৷ ‘ছেক্রেটাৰী’ৰ কর্তব্যৰ সাধাৰণতে দুটাই ভাগ আছিল৷ টেলিফোন আহিলেই মই টপৰাই ফোনটো ধৰোঁ আৰু প্রশ্ণ কৰোঁ– ‘আপুনি কোনে কৈছে?’ আনপিনে টেলিফোনৰ যোগেদি বা সোঁশৰীৰে আহি দেউতাৰ সাক্ষাৎ বিচৰা মানুহক মই প্রায়ে এই উত্তৰ দিবলগীয়া হৈছিল– ‘দেউতা ঘৰত নাই৷’ সাহিত্য যদি মনেসজা কথা fiction) বা একধৰণৰ উৎকৃষ্ট মিথ্যালাপ, এই ধৰণৰ মিথ্যাবাদী সম্ভাষণেৰেই হয়তো মোৰ সাহিত্য সৃষ্টিৰ প্রথম ‘হাতে–খড়ি’ হৈছিল
পূর্ণ বয়সত, অর্থাৎ চাকৰি–বাকৰি পাই, বিয়া কৰি থিতাপি লোৱাৰ পিছত মোৰ লগত দেউতাৰ এটা সাহিত্যিক সম্পর্ক পুনৰাই গঢ় লৈ উঠিল৷ তেওঁ ‘অসম বাণী’, ‘আমাৰ অসম’, ‘নিয়মীয়া বার্তা’ আদি কাকতৰ সম্পাদক হোৱা হেতুকে সেইবোৰ কাকতত মোক প্রবন্ধ লিখিবলৈ উদগনি দিছিল৷ তেওঁৰে তাগিদাত পৰি মই এখন উপন্যাসো লিখিলোঁ৷ আনপিনে মই জীৱনত দ্বিতীয়বাৰৰ বাবে ‘ছেক্রেটাৰী’ হৈ পৰিলোঁ৷ দেউতাই লিখা–পঢ়াৰ ক্ষেত্রত কেতিয়াবা মোৰ পৰামর্শ বিচাৰিছিল, কোনো আৱশ্যকীয় গ্রন্থ বিচাৰিছিল, আনকি তেওঁৰ কিছুমান চিঠি বা ভাষণো মই ইংৰাজীলৈ অনুবাদ কৰি দিছিলোঁ৷ মোৰ ভুল হ’ব পাৰে, কিন্তু মই জনাত অসমৰ আগশাৰীৰ কোনো সাহিত্যিকৰ সন্তান বা বংশধৰে সাহিত্য–চর্চাৰ প্রতি জীৱন উসর্গা কৰা নাই৷ মই যে দেউতাৰ কিতাপ–পত্রবোৰৰ সদ্ব্যৱহাৰ কৰিছিলোঁ আৰু প্রায় নিৰৱচ্ছিন্নভাৱে সাহিত্য সৃষ্টিত ব্রতী হৈ থাকি তেওঁৰ উত্তৰাধিকাৰ নিঃকিনভাৱে হ’লেও জীৱন্ত কৰি ৰাখিছিলোঁ এই কথাই তেওঁক স্বাভাৱিকতে সন্তোষ দিছিল৷
দেউতা আৰু মোৰ সাহিত্যিক সহযোগিতাৰ আটাইতকৈ উল্লেখযোগ্য নিদর্শন আছিল ২০১২ চনত প্রকাশ পোৱা আমি যুটীয়াভাৱে ৰচনা কৰাScrolls of strife : The Endless History of the Nagas নামৰ গ্রন্থখন৷
কিন্তু দেউতাৰ মৃত্যুৰ মাত্র দুমাহ আগতে আমি একেলগে ভৈৰৱকুণ্ডলৈ যাত্রা কৰোঁতে মই তেওঁক মোৰ সাহিত্যিক বিফলতাৰ কথা কৈ হয়তো কিছু বেজাৰ দিছিলোঁ৷ অনুবাদ গ্রন্থ বাদ দিও মোৰ সাতখন সম্পূর্ণ গ্রন্থ প্রকাশ পাইছে,Rupa publication, Orient Blackswan, Amarylis আদি প্রতিষ্ঠিত প্রকাশনে মোৰ কিতাপ উলিয়াইছে, কিন্তু কর্মজীৱনৰ এই অস্তৰাগৰ সময়তো অসমৰ পাঠকে মোক লেখক হিচাপে নাভাবে বা নাজানে৷ দেউতাৰ বাবে মোৰ প্রশ্ণ আছিল– অইনে লেখক বুলি স্বীকৃতি নিদিলে চাকৰিৰ পৰা অৱসৰ পোৱাৰ পিছত সময় কিদৰে কটাম?
মই যদি সাহিত্য সৃষ্টিৰ ক্ষেত্রত বিফল হ’লোঁ, দেউতায়ো হয়তো বিফলতাৰ অংশীদাৰ৷ সেইদিনা মোৰ প্রশ্ণৰ তেওঁৰ কোনো সদুত্তৰ নাছিল৷ দৰাচলতে দেউতাই নিজে আত্ম–প্রচাৰ কৰাৰ কোনো মন্ত্র বা কৌশল নাজানিছিল, আৰু তেনে কিটিপ–কৌশল মোকো জনাবলৈ অপাৰগ হৈছিল৷ মোৰ মা আৰু দেউতা এটা কথাত ভাগ্যৱান–প্রচাৰবিমুখ হোৱা সত্ত্বেও তেওঁলোকে খ্যাতি আৰু পাঠকৰ সমাদৰ আৰু আনুগত্য অর্জন কৰিবলৈ সক্ষম হ’ল৷ এতিয়াৰ যুগৰ ধর্ম কিছু পৃথক৷
মোৰ এই অৱসৰ ল’বলগীয়া সময়তো মই একপ্রকাৰে মা–দেউতাৰ ছেক্রেটাৰী হৈ আছোঁ, তেওঁলোকৰ বিশাল ছাঁত জীৱন অতিবাহিত কৰিছোঁ৷ এতিয়াও বহুতে তেওঁলোকৰ লেখা পুনর্মুদ্রণ কৰিব বিচাৰে, অনুবাদ সংকলনত তেওঁলোকৰ লেখা সন্নিৱিষ্ট কৰিব বিচাৰে৷ অনুমতিৰ চিঠি লিখাৰ পৰা নতুনকৈ অনুবাদ কৰা– মই পার্য পৰিমাণে তেওঁলোকৰ সুনাম আৰু উত্তৰাধিকাৰ প্রজ্বলিত কৰি ৰখা কার্যত সহযোগিতা কৰোঁ, যদিও মানসিক ক্লান্তিয়ে কেতিয়াবা মোৰ উৎসাহ কিছু স্তিমিত কৰি পেলায়৷
মৃত্যুৰ মাত্র কেইঘণ্টামান আগতে দেউতাই মোক এষাৰ আশা আৰু উৎসাহৰ বাণী দিছিল, যি হতাশা আৰু বিফলতাৰ মাজতো মোৰ বাবে পথ প্রদর্শক হৈ থাকিব৷ তেওঁ কৈছিল যে নিজৰ চিন্তাৰ লগত যুদ্ধ কৰাৰ দৰে আনন্দদায়ক কাম নাই, আৰু মই কেতিয়াও এই যুদ্ধৰ পৰা পৃষ্ঠভংগ দিব নালাগে৷ নিঃসংগতাৰ বিষয়টো বহু দিশৰ পৰা অধ্যয়ন কৰা দেউতাই সাহিত্যিকৰ জগতখনো শেষ বিচাৰত অতি নিঃসংগ আৰু নিভৃত বুলি বিবেচনা কৰিছিল৷ ৰাইজৰ স্বীকৃতি এক বোনাছ Bonus)৷ কিন্তু এজন লেখকৰ প্রাথমিক দায়িত্ব হ’ল নিজৰ যি সামান্য প্রতিভা আছে তাৰ পূর্ণ ব্যৱহাৰ কৰা৷ এই বাণী সাৰোগত কৰিয়েই আমাৰ দৰে ‘বিফল’ লেখকে ভৱিষ্যতৰ খলা–বমা, সংকীর্ণ, কণ্টকিত, ছায়াময় পথেৰে আগবাঢ়িব লাগিব৷

You might also like