মাধ্যমিক পৰীক্ষা পৰিষদৰ উদ্যোগত গণিত বিষয়ৰ কৰ্মশালা সম্পন্ন
যোৰহাট জিলাৰ পঞ্চাশবছৰীয়া শিক্ষক সংগঠন যোৰহাট জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ গুৰুত্বপূৰ্ণ ভগ্নী সংগঠন মাধ্যমিক পৰীক্ষা পৰিষদে শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত বিভিন্ন বিষয়ৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে।
তাৰেই এক অংশ হিচাপে আজিও বৰ্তমান নতুন শিক্ষানীতিৰ অধীনত ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰশ্নকাকত প্ৰস্তুতকৰণৰ কলা-কৌশলৰ বিষয়ে এটি গুৰুত্বপূৰ্ণ কৰ্মশালা যোৰহাট বহুমুখী বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সফলতাৰে অনুষ্ঠিত যায়। মাধ্যমিক পৰীক্ষা পৰিষদ, যোৰহাটৰ অন্তৰ্গত পঞ্চাশখন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা একোগৰাকীকৈ গণিত বিষয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে যোগদান কৰা কৰ্মশালাত সমল শিক্ষকৰূপে প্ৰশিক্ষণ প্ৰদান কৰে কে বি এম শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ প্ৰৱক্তা সংগীতা গগৈ দত্তই।
সমল ব্যক্তি সংগীতা গগৈ দত্তই প্ৰযুক্তিগত পদ্ধতিৰে প্ৰশিক্ষন প্ৰদান কৰি শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰায় তিনি ঘণ্টা সময় মন্ত্ৰমুগ্ধ কৰি ৰাখে । যোৰহাট জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা আৰু পৰীক্ষা পৰিষদৰ সভাপতি ত্ৰৈলোক্য শৰ্মাই আঁতধৰা গণিত বিষয়ৰ প্ৰশ্নকাকত প্ৰস্তুতকৰণৰ কৰ্মশালাখন আনুষ্ঠানিকভাৱে মুকলি কৰি বক্তব্য আগবঢ়াই বহুমুখী বালক বিদ্যালয়ৰ শৈক্ষিক অধ্যক্ষ মৃণাল ভূঞাই।
যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলী গগৈ ভূঞাই গণিত শিক্ষাৰ প্ৰয়োজনীয়তা আৰু শিক্ষাৰ্থীসকলক গণিত বিষয়ৰ প্ৰতি আকৰ্ষণ কৰিবলৈ কেনেধৰণৰ কলা-কৌশল অৱলম্বন কৰিব পাৰি, শিক্ষক-শিক্ষয়িত্ৰীসকলে এই দিশত কিদৰে দায়িত্ব পালন কৰিব লাগিব সেইবিষয়ে মনোজ্ঞ ভাষণ প্ৰদান কৰে। কৰ্মশালাৰ অন্তত কৰ্মশালাত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।
কৰ্মশালাত সভাপতি ত্ৰৈলোক্য শৰ্মাৰ উপৰি পৰীক্ষা পৰিষদৰ সচিব শৰৎ প্ৰকাশ দত্তই পৰীক্ষা পৰিষদৰ ফালৰ পৰা কৰি অহা কাম-কাজৰ বিষয়ে বক্তব্য প্ৰদান কৰে। কৰ্মশালাখন সাফল্যমণ্ডিত কৰিবলৈ সক্ৰিয়তাৰে সহযোগিতা আগবঢ়ায় সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ধ্ৰুৱজ্যোতি বৰঠাকুৰ, জিলা সন্থাৰ উপ-সভাপতি দেৱেন নেওগ, সহকাৰী সম্পাদক মৃণাল ৰাজখোৱা, জিলা সমিতিৰ যুটীয়া সম্পাদক দেৱজ্যোতি দত্তবৰুৱা, প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ সদস্য, সহ-সচিব গুণকান্ত বনিয়া, পৰীক্ষা পৰিষদৰ সদস্যা বৰ্ণালী মহন্ত, মাধুৰ্য্য হাজৰিকা আদিয়ে। উল্লেখযোগ্য যে যোৱা ৬ জুনত সমাজ বিজ্ঞান বিষয়ৰো এক কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল।
বিশেষ বাৰ্তা, মৰিয়নি, ২৪ ডিচেম্বৰ