নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত ইউৰিয়াৰ নাটনি; হাহাকাৰ শ শ তৰমূজ-মাকৈ খেতিয়কৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰী: মৰিগাঁও জিলাৰ ভূৰাগাঁৱত ইউৰিয়া সাৰৰ নাটনিয়ে শ শ কৃষকৰ মাজত হাহাকাৰৰ লাগিছে। বৃহত্তৰ ভূৰাগাঁও অঞ্চলত বালিৰ চাপৰিত কৃষকৰ প্ৰধান খেতি হৈছে তৰমূজ খেতি। এই অঞ্চলৰ শ শ সৰ্বস্বান্ত কৃষকে প্ৰায় ৫ হাজাৰ বিঘা মাটিত তৰমূজ খেতি কৰিছে। উল্লেখ্য যে গৰাখহনীয়াত সৰ্বস্বান্ত হোৱাৰ পিছত ইয়াৰ কৃষকে লুইতৰ বালি চাপৰিত তৰমূজ খেতি কৰি  নীৰৱে আৰম্ভ কৰিছে সেউজ বিপ্লৱ। বৰ্তমান তৰমূজ খেতিৰ ভৰপক বতৰ। এই বতৰত তৰমূজ খেতিত ইউৰিয়া সাৰ ব্যৱহাৰ কৰটো অতি প্ৰয়োজন। কিন্তু ইউৰিয়া সাৰ বিচাৰি হাহাকাৰ কৰিব লগা হৈছে তৰমূজ খেতিয়কে।ইয়াৰ উপৰি ভূৰাগাঁও অঞ্চলৰ আন এটি খেতি হৈছে মাকৈ খেতি। বৃহত্তৰ ভূৰাগাঁও অঞ্চলত হাজাৰ হাজাৰ বিঘা মাটিত মাকৈ খেতি কৰিছে। মাকৈ খেতিতো ইউৰিয়াৰ ব্যৱহাৰ কৰিব লাগে যদিও ইউৰিয়া বিচাৰি কৃষক সকলে হাহাকাৰ কৰিব লগা হৈছে। এই দুয়োবিধ খেতিয়েই প্ৰত্যেক বছৰে জিলাখনক  অৰ্থনৈতিকভাৱে টনকিয়াল কৰি আহিছে। বৰ্তমান সময়ত এই দুয়োবিধ খেতিত ইউৰিয়া সাৰ প্ৰয়োগ নকৰিলে উপযুক্ত উৎপাদনৰ পৰা বঞ্চিত হব বুলি কৃষক সকলে জানিব দিয়ে। মৰিগাঁও জিলা কৃষি বিভাগে ভূৰাগাঁও অঞ্চলত প্ৰয়োজনীয় ইউৰিয়া সাৰ যোগান দিয়াত ব্যৰ্থ হোৱা বুলি অভিযোগ উঠিছে। এই অঞ্চলৰ শ শ কৃষকৰ দাবী ভূৰাগাঁও আৰু টেঙাগুৰি অঞ্চলত পৰ্য্যাপ্ত পৰিমাণৰ ইউৰিয়া সাৰ যোগান দিয়ক।

You might also like