নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘পাঠান’ নহয়, এখন অসমীয়া ছবি চাবলৈ একেলগে কাটিলে ২২ টা টিকট

নিয়মীয়া বার্তা, ৩১জানুৱাৰীঃ অসমীয়া চলচ্চিত্র উদ্যোগলৈ আন এক আশাৰ বতৰা কঢ়িয়াই তেজপুৰৰ পৰা শিৱম ক্রিয়েচনৰ ডাঃ গোপেন্দ্র মোহন দাসৰ দ্বাৰা প্রযোজিত বহুল চর্চিত ‘অনুৰ’-ৰে।

ইতিমধ্য়ে বহু চৰ্চিত বিগ বাজেটৰ ছবি পাঠানৰ সমান্তৰালকৈ ছবিগৃহত যুঁজ দিছে অনুৰে। ইয়াৰ মাজতে ছবিখনৰ মুখ্য চৰিত্রত অভিনয় কৰা ডাঃ জাহানাৰা বেগমে এক ফেচবুক পোষ্ট শ্বেয়াৰ কৰি এগৰাকী যুৱতীয়ে একেলগে ২২ টাকৈ টিকট কটাৰ এক আলোকচিত্ৰ প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰা অনুসৰি তেজপুৰৰ ’মাফিজা মেকআপ একাডমীৰ’ পৰা একেলগে বাইশ গৰাকীয়ে আজি “অনুৰ“ চাবলৈ টিকেট কাটিছে।

উল্লেখ্য যে তেজপুৰৰ সচেতন সাংস্কৃতিক কর্মী তথা বিশিষ্ট চিকিৎসক ডাঃ গোপেন্দ্র মোহন দাস প্রযোজিত, বহু চর্চিত ‘অনুৰ’ পৰিচালনা কৰিছে এগৰাকী দক্ষ যুৱ পৰিচালক তথা বহুকেইটা ৰাজ্যিক–ৰাষ্ট্রীয় সন্মানেৰে বিভূষিত মঞ্জুল বৰুৱাই৷ আনহাতে, মুম্বাইৰ ছিৰিয়াছ অভিনেতা ৰজত কাপুৰেও অভিনয় কৰা এই চলচ্চিত্রখনৰ মুখ্য চৰিত্রত অভিনয় কৰিছে ইতিমধ্যে বহু মঞ্চ নাট আৰু চলচ্চিত্রত মননশীল অভিনয়ৰে ৰাজ্যখনৰ ৰুচীশীল দর্শকৰ সমাদৰ লাভ কৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ আজীৱন সদস্যা ডাঃ জাহানাৰা বেগমে৷ ৰাজ্যখনৰ বিশিষ্ট গল্পকাৰ–ঔপন্যাসিক, সাংবাদিক সাহিত্য অকাডেমি বঁটাপ্রাপক অনুৰাধা শর্মা পূজাৰীৰ গল্প সংকলন ‘এজন পুৰুষ আৰু এজনী নাৰী গল্প’ৰ ‘ভাল পোৱাৰ সময়’ শীর্ষক এটি বিশেষ গল্পৰ কাহিনীৰ আধাৰত মঞ্জুল বৰুৱাৰ চিত্রনাট্য আৰু সংলাপ, সুমন দুৱৰাৰ চিনেমাটোগ্রাফী, জনপ্রিয় কণ্ঠশিল্পী তৰালী শর্মাৰ সংগীত, অমৃত প্রীতমৰ ছাউণ্ড ডিজাইন, গৰিমা শইকীয়া গার্গৰ কষ্টিউম, তীব্রজ্যোতি বৈৰাগীৰ ৰূপসজ্জা, টোৱেন চাঙৰ সম্পাদনা, পণজিৎ চাংমাইৰ কলা নির্দেশনা, মুম্বাইত খ্যাতি লাভ কৰা অসম সন্তান দেৱজিৎ চাংমাইৰ ৰি ৰেকর্ডিং আৰু মিক্সিং, দেৱজিৎ গায়নৰ লোকেচন ছাউণ্ডৰ ‘অনুৰ’ৰ আন বিভিন্ন চৰিত্র ৰূপায়ণ কৰিছে ক্রমে– বলোৰাম দাস, উদয়ন দুৱৰা, বিভূতি ভূষণ হাজৰিকা, বিদ্যাভাৰতী, কুল কুলদীপ, ৰাজশ্রী শর্মাকে ধৰি দক্ষ অভিনেতা–অভিনেত্রীয়ে৷

You might also like