ডিজিটেল ডেস্ক, ধুবুৰী, ৫ জুলাই : ধুবুৰী চহৰত এটিএম সালসলনি আৰু অবৈধ ধন উত্তোলনৰ পৰিকল্পনা কৰা এটা দাগী চক্ৰৰ বিৰুদ্ধে চলোৱা এক অভিযানত ধুবুৰী আৰক্ষীৰ এটা দলে চাৰি দুৰ্ধৰ্ষ অপৰাধীক কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে।
আজি এক বিশেষ সূত্ৰৰ ভিত্তিত ধুবুৰী আৰক্ষী থানাৰ এটা দলে ধুবুৰীস্থিত এছবিআই বেংকৰ ওচৰত অভিযান চলাই মফাজ্জল হুছেইন মোল্লাহ (কায়েম ভাসানী পাৰ্ট-১, ধুবুৰী), মহছিন চৌধুৰী (আমবাৰী ভূঞাপাৰা, দক্ষিণ শালমাৰা), মোস্তাফিজুৰ ৰহমান (কাটডাঙা সাতডুবি পাৰ্ট-১, দক্ষিণ শালমাৰা) আৰু হাফিজুৰ ৰহমান (ফুলকাকাটা পাৰ্ট-৩, দক্ষিণ শালমাৰা) নামৰ চাৰিজনকৈ দুৰ্ধৰ্ষ অপৰাধীক কৰায়ত্ত কৰিছে।
আৰক্ষীয়ে ৪ জনীয়া উক্ত দলটোৰ পৰা সন্দেহজনক এটিএম কাৰ্ডৰ উপৰি অবৈধ এপ্লিকেচনসহ অনলাইন জুৱা সম্পৰ্কীয় তথ্য আৰু বৃহৎ পৰিমাণৰ সন্দেহজনক লেনদেনৰ তথ্য থকা ৭টা মোবাইল হেণ্ডছেট জব্দ কৰিছে। লগতে দলটোৰ পৰা AS-17 R-2770 আৰু AS-01GF-4870 নম্বৰৰ দুখনকৈ মটৰচাইকেলো জব্দ কৰা বুলি প্ৰকাশ।