নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰৰ কঠালনীবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত বাসগৃহ ধ্বংস; কাণসাৰ নাই বনবিভাগৰ

নিয়মীয়া বাৰ্তা, ১৮ মেঃ হাতী-মানুহৰ সংঘাত দিনে দিনে অধিক জটিল ৰূপ ধাৰণ কৰাৰ সময়তে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ বিভিন্ন অঞ্চলত যোৱা কিছুদিনৰ পৰা অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। প্ৰায় শতাধিক বনৰীয়া হাতীৰ এটা জাকে বৃহত্তৰ অঞ্চলটোত বিচৰণ কৰি ফুৰিছে। বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা জনাঞ্চললৈ খাদ্য়ৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে মঙলবাৰে নিশা ডিপৰা অঞ্চলৰ কঠালনীবাৰী গাঁৱত বলিন বৰুৱা নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰি বিস্তৰ ক্ষতিসাধন কৰে। উল্লেখ্য যে হাতীৰ জাকটোৰ আক্ৰমণৰ পৰা পৰিয়ালটোৰ লোকসকল কথমপি ৰক্ষা পৰে যদিও ঘৰৰ আচবাববোৰ ক্ষতিগ্ৰস্ত হয়। বলিন বৰুৱাৰ বাসগৃহ ক্ষতিগ্ৰস্ত হোৱাত অতি দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া স্থানীয় ৰাইজৰ লগতে স্থানীয় বিধায়কৰ সহায় সহযোগিতা মাগিছে।

ইফালে বনৰীয়া হাতীৰ জাকটোৱে গাঁওখনৰ কেইবাজনো উদ্যমী যুৱকে পথাৰত কৰা বামখেতিত সোমাই ৰঙালাওৰ লগতে আন আন শাক-পাচলীৰ অনিষ্ট কৰে। আনহাতে বনৰীয়া হাতীৰ এই জাকটোক পুনৰ বনাঞ্চললৈ খেদি পঠাবলৈ নিশাই বন বিভাগৰ লোকক জনোৱা হৈছিল যদিও বাতৰি যোগুতোৱা পৰলৈকে উপস্থিত হোৱা নাই কোনো বিভাগীয় লোক। যাৰবাবে ক্ষোভ প্ৰকাশ কৰিছে গাঁওখনৰ ৰাইজে।

You might also like