প্ৰধানমন্ত্ৰী নিম আলিবাটত দুৰ্বত্তৰ ধ্বংসযজ্ঞ : দুষ্কৃতিকাৰীৰ সম্ভেদ দিওঁতালৈ ১ লাখ টকাৰ পুৰস্কাৰ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰোপণ কৰা নিমপুলিটোও নোহোৱা হৈ গৈছে৷ এয়া কোনো স্বাভাৱিক বা কাকতালীয় পৰিঘটনা নহয়
সমুহ গোলাঘাটবাসীৰ হৈ কৃতজ্ঞতাৰ চিনস্বৰূপে খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উৎসৰ্গা কৰা প্ৰধানমন্ত্ৰী নিম আলিবাটত ৰোপণ কৰা কেবাটাও নিম গছপুলি আজি অজ্ঞাত দুষ্কৃতিকাৰীয়ে উভালি পেলোৱা প্ৰত্যক্ষ কৰি ক্ষোভিত হৈ পৰিছে বিধায়কগৰাকী৷
সাংবাদিকৰ আগত কয় যে বিধায়কগৰাকীৰ ব্যক্তিগত ভাৱমূৰ্ত্তিত কালিমা সানিবলৈকে তেওঁৰ বিৰোধীয়ে কাৰোবাৰ জড়িয়তে এই দুষ্কৰ্ম সংঘটিত কৰিছে৷ তেতিয়াহে কোনো দিনা তেওঁৰ বিৰোধীয়ে প্ৰচাৰ কৰিব পাৰিব যে কেৱল নামৰ বাবে ৰোপণ কৰা নিম গছৰ পুলিবোৰৰ এটাও নাবাছিল৷ আদৰ্শত একমত নহ’লেও, ব্যক্তিগত শত্ৰুতা থাকিলেও, বিৰোধ থাকিলেও আচলতে ন্যূনতম মানৱীয় প্ৰমূল্যবোধ থকা ব্যক্তিয়েও কেতিয়াও গছপুলি উভালি নেপেলায়৷ তেওঁ কয় যে প্ৰথমে পাঁচ দহটা পুলি নোহোৱা হৈছিল যদিও কোনোৱে ঘৰত ৰুবলৈ লৈ গৈছে বুলি তেওঁ বিশেষ গুৰুত্ব দিয়া নাছিল৷
কিন্তু আজি গুৰিতে কাটি পেলোৱা দেখি আৰু প্ৰধানমন্ত্ৰীৰ নাম থকা ফলক আঁতৰাই পেলোৱা দেখি তেওঁ হতচকিত হৈ পৰে৷ বিধায়কজনে কয় যে গছ নোহোৱা কৰিবলৈ চেষ্টা কৰা মানুহ আচলতে মানুহৰ শাৰীতে নপৰে৷ নিমগছে বায়ু প্ৰদূষণমুক্ত কৰি ৰখাত সহায় কৰে আৰু তাৰ সুফল সকলোৱে লাভ কৰে৷
বিধায়ক শইকীয়াই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰোপণ কৰা নিমপুলিটোও নোহোৱা হৈ গৈছে৷ এয়া কোনো স্বাভাৱিক বা কাকতালীয় পৰিঘটনা নহয়৷ তেওঁ আৰক্ষীক গোচৰ দিয়াৰ লগতে দুষ্কৃতিকাৰীৰ সন্ধান দিওঁতালৈ ১ লাখ টকাৰ আৰ্থিক পুৰস্কাৰো ঘোষণা কৰে৷
উল্লেখ্য যে যোৱা ১৪ ছেপ্তেম্বৰত গোলাঘাটৰ মৰঙিত ৫০০০ কোটি টকা ব্যয়সাপেক্ষ অসম বায়’ ইথানল প্ৰাঃ লিমিটেডৰ শুভ উদ্বোধন আৰু ৭২৩০ কোটি টকা ব্যয়সাপেক্ষ পলিপ্ৰপিলিন প্ৰকল্পৰ শিলান্যাসৰ বাবে উপস্থিত হোৱাৰ সময়তে নিজা পৰিকল্পনাৰে প্ৰধানমন্ত্ৰীৰ প্ৰতি উপহাৰ হিচাপে বিধায়ক শইকীয়াই আগবঢ়াইছিল নৱনিৰ্মীত ২.২ কিলোমিটাৰ দীঘল প্ৰধানমন্ত্ৰী নিম আলিবাটটো৷
আলিবাটটো ইতিমধ্যে বহুতৰ বাবেই আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল৷ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মুঠ ১২২৩০ কোটি বিনিয়োগ খুমটাই সমষ্টিতে কৰিবলৈ চৰকাৰে লোৱা কৃতজ্ঞতাৰ চিনস্বৰূপে সেই দিনটোক স্মৰণীয় কৰি ৰাখিবলৈকে প্ৰধানমন্ত্ৰী নিম আলিবাটৰ দুয়োকাষে প্ৰায় ৬০০ নিম পুলি ৰোপণ কৰা হৈছিল৷ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ উপৰিও তাত নিম পুলি ৰোপণ কৰিছিল বিত্তমন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰূপেশ গোৱালা, বিধায়ক বিশ্বজিৎ ফুকন, বিধায়ক মানৱ ডেকা, বিধায়ক সুশান্ত বুঢ়াগোহাঁই আদি জনপ্ৰতিনিধিসকলে৷
নিয়মীয়া বাৰ্তা, মৰঙি, ২৯ অক্টোবৰ