নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত হেৰ’ইন, গাঞ্জাসহ যুৱক আটক

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰ:  চৰাইদেউ জিলাত অব্যাহত আছে ড্ৰাগছ , গাঞ্জা আদিৰ বিৰুদ্ধে তীব্ৰ অভিযান । যোৱা নিশা সোণাৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আকস্মিক তালাচীত বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছ আৰু গাঞ্জাসহ এজন লোকক আটক কৰে। ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে , সোণাৰি নগৰৰ চেনিগুদাম অঞ্চলৰ কমল গগৈৰ ঘৰত অভিযান চলাই যোৱা নিশা সোণাৰি আৰক্ষী থানাৰ দল এটাই ৯.৪৩ গ্ৰাম হেৰ’ইন আৰু ০.১৯৫ গ্ৰাম নিষিদ্ধ গাঞ্জা উদ্ধাৰ কৰে। সোণাৰি আৰক্ষীয়ে কমল গগৈক আটক কৰি সোধা-পোছা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে । ঘটনাটোৱে জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

সোণাৰিৰ পৰা দীপাংকৰ পাল।

You might also like