নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালীত এটা ৰঙালাওত প্ৰাণ পায় উঠিল হাৰ্টথ্ৰব জুবিন গাৰ্গ

বৃক্ষতে গছৰ ছবি আঁকি পৰিবেশ সংৰক্ষণৰ চানেকি দাঙি ধৰিলে এইজন শিল্পীয়ে

নিয়মীয়া বাৰ্তা, ২৫জুন: পাচলিত ছবি অংকন কৰি চৰ্চালৈ আহিছে এজন অখ্যাত শিল্পী ৷ৰঙালাওত প্ৰিয় শিল্পী জুবিন গাৰ্গক হুবহু অংকন কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে প্ৰণৱ দাস নামৰ এই যুৱকজন ৷ সৰুৰে পৰা নীৰৱে চিত্ৰশিল্প কৰি অহা বিহালী টেলেঙনীয়া গাঁৱৰ দৰিদ্ৰ কৃষক ভক্ত দাস আৰু মহিলা দাসৰ একমাত্ৰ পুত্ৰ প্ৰণৱ দাসে তৃতীয় শ্ৰেণীত পঢ়ি থকাৰে পৰা নীৰৱছিন্ন ভাৱে কৰি আহিছে শিল্প চৰ্চা ৷আঁকি গৈছে বহু মহান মনিষীৰ অবিকল ছবি,প্ৰকৃতিৰ ছবিৰ লগতে গছৰ পাতত আঁকিছে বহুতো চিত্ৰ ৷প্ৰচাৰ বিমূখ,লোক চক্ষুৰ আঁৰত থকা  স্নাতক ডিগ্ৰীধাৰী যুৱকজন এটা ব্যক্তিগত চাহ ফেক্টৰীত কৰ্মৰত হৈও নিৰন্তৰ কৰি গৈছে শিল্প সাধনা ৷শেহতীয়াকৈ,পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি এজোপা কঠাঁল গছত গছৰে ছবি আঁকি পৰিবেশ সংৰক্ষণৰ চানেকি দাঙি ধৰাৰ লগতে এটা ৰঙালাওত প্ৰিয় শিল্পীজনক অংকন কৰি স্থানীয় ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷
You might also like