নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰভাগত বন্যাৰ্তৰ কাষত সাংসদ কুইন ওজা

নিয়মীয়া বাৰ্তা, ২৫ জুন : নলবাৰী জিলাৰ  বৰভাগত কালি বন্যাৰ্ত ৰাইজৰ স’তে মত  বিনিময় কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই। কালি বিয়লিৰ ভাগত পোনতে সাংসদ গৰাকীয়ে বৰভাগ মহাবিদ্যালয়ৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ বন্যাৰ্ত ৰাইজৰ সৈতে মত বিনিময় কৰি  বিভিন্ন অভাৱ,অসুবিধা আদিৰ বুজ লয় । ইয়াৰ পাছতে সাংসদ গৰাকীয়ে কোটালকুছি, আঠঘৰীয়া, আৰংগমৌ,নখেতি, উলাবড়ী,সানেকুছি চৌধুৰী পাৰাত উপস্থিত হৈ বানপীড়িত লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে কিছু খাদ্যসামগ্ৰী  বিতৰণ কৰে । সাংসদ কুইন ওজাৰ পৰিদৰ্শন কালত ৰাজ্যিক বিজেপিৰ আমন্ত্ৰিত সদস্য লক্ষী কলিতা, অগপৰ মুখপাত্ৰ গুণমনি ভূঞা, বিজেপিৰ বৰভাগ মণ্ডলৰ সভাপতি দিনবন্ধু তালুকদাৰ প্ৰমুখ্যে বিভিন্নজন কৰ্মকৰ্তা উপস্থিত থাকে ।
You might also like