নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী চহৰৰ শ্বহীদ বেদিৰ উদ্যানত আধুনিক ক্ল’ক টাৱাৰ নিৰ্মাণৰ ধুবুৰী পৌৰসভাৰ পৰিকল্পনাক লৈ ক্ৰিয়া–প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা,৫ আগষ্টঃ ধুবুৰী চহৰৰ এটি বিশেষ শ্বহীদ বেদি থকা উদ্যানত পৌৰসভা কৰ্তৃপক্ষৰ আধুনিক ‘‘ক্লক টাৱাৰ’’ নিৰ্মাণ কৰাৰ সিদ্ধান্তক লৈ বৰ্তমানে সৃষ্টি হৈছে ক্ৰিয়া–প্ৰতিক্ৰিয়াৰ। বিভিন্ন জনে পৌৰসভাৰ সেই সিদ্ধান্তক আদৰণি জনোৱাৰ বিপৰীতে আধুনিকতাৰ নামত শ্বহীদ বেদিৰ ঠাইত ‘ক্লক টাৱাৰ’’ নিৰ্মাণৰ বিষয়টো কোনো পধ্যেই গ্ৰহণযোগ্য নহয় বুলিয়েই মত প্ৰকাশ কৰা পোৱা গৈছে অইন বহুতেই। উল্লেখ্য যে, ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডৰ পৌৰসভাৰ এটি সৰু উদ্যানত আছে সেই বিশেষ শ্বহীদ বেদিটো। উল্লেখ্য যে, দীৰ্ঘ বহু বছৰৰ পৰা দেশৰ স্বাধীনতা আৰু গণতন্ত্ৰ দিৱসৰ দিনদুটাত দেশৰ স্বাধীনতা সংগ্ৰামী সকলক স্মৰণ কৰি ধুবুৰী প্ৰশাসনে সেই শ্বহীদ বেদিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি অহাও পৰিলক্ষিত হৈছে। এনে প্ৰেক্ষাপটত ‘ক্লক টাৱাৰ’ নিৰ্মাণৰ সেই অভিলাষী সিদ্ধান্তটোৱে ধুবুৰী পৌৰসভা কৰ্তৃপক্ষৰ দূৰদৰ্শীতাৰ অভাৱ থকাৰ বিষয়টোৱে প্ৰতিফলিত কৰা বুলি সচেতন মহলত চৰ্চিত হৈছে। সমান্তৰালকৈ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি তথা ‘‘আজাদি কি অমৃত মহোৎসৱ’ৰ সৈতে জড়িত থকা থকা বিষয়বস্তুক সৈ পৌৰসভা কৰ্তৃপক্ষই ধুবুৰী চহৰৰ সেই শ্বহীদ বেদি থকা উদ্যানখনৰ উন্নতি সাধনৰ পৰিকল্পনা লোৱাটো অধিক বাঞ্চনীয় আছিল বুলিয়েই উচ্চাৰিত হৈছে।

You might also like