‘টংলা পৌৰ নিগম’ ‘মুছলমান ধর্ম’, ‘দুর্নিতী’ ইত্যাদি
যোৱা ২৫ জুন তাৰিখে ওদালগুৰি জিলাৰ টংলাত এটা ঘটনা ঘটিল৷ বাতৰি অনুসাৰে, হেনো টংলা পৌৰ সভাৰ সভাপতি দিলীপ বড়োৰ নির্দেশক্রমে, নগৰৰ ১ নং ৱার্ডৰ বাসিন্দা লোকজিৎ সূত্রাৰৰ বাৰীত থকা এজোপা বাঁহ গছ কাটি পেলোৱাৰ ফলত ‘‘শতাধিক/প্রায় শতাধিক/তিনি শতাধিক/প্রায় তিনি শতাধিক’’ আদি বিভিন্নসংখ্যক বগলী আৰু বগলী পোৱালিৰ মৃত্যু হয় সম্ভৱতঃ, হাতৰ আঙুলিৰ পাব্, কাগজ–কলম, কম্পিউটা(ৰ্) আদি ভিন্ ভিন্ মাধ্যম বা সঁজুলি ব্যৱহাৰ কৰা হেতুকে মৃত বগলী আৰু পোৱালিবোৰৰ সংখ্যাও ভিন্ ভিন্ হ’ল৷ হিচাপবোৰ শুদ্ধ হওক বা ভুল হওক, তাত আৰু আপত্তি থাকিলেও, সেইটো বাদ দিছোঁ৷ কিন্তু ‘‘প্রায় শতাধিক’’ আৰু ‘‘প্রায় তিনি শতাধিক’’ মানে কি? সেয়া আন একো নহয়, অসমীয়া ভাষাৰ ‘‘কামাল’’ ‘চল্তা হঁ্যেয়’৷
পিছে, তাতোকৈ বিষম কথা আছে, শুনক৷ সন্ধিয়ালৈ, বাকচৰ উৰা বাতৰি বজাৰ সময় হ’ল৷ এটা বাকচৰ বাতৰি পঢ়োঁতাই আৰু বাট–পথৰ পৰা বতৰা দিওঁতা সাংবাদিকে গছৰ পাত সৰুৱাই আৰু লোকজনৰ কাণৰ কণামাকৰি সৰুৱাই টেঁট–টেঁটকৈ চিঞৰিবলৈ ধৰিলে বোলে বাঁহ গছজোপা কটাৰ ফলত (একোবাৰ) ‘‘শ শশ’’ আৰু (একোবাৰ) ‘‘হাজাৰ হাজাৰ’’ বগলী মৰিল৷ নিশ্চয়৷ ‘‘সত্য আৰু তথ্যভিত্তিক’’৷ পাঠক, যোগ–বিয়োগ–পূৰণ–হ্ কৰি আচল সংখ্যাটো উলিয়াই লওক৷ কিন্তু উদ্ভট কথা হ’ল,– সেই বাকচৰ বাতৰি চিঞৰাঁতো আৰু ক্ষেত্রভিত্তিক তথ্যদাতাকে ধৰি সমুদায় সংবাদসেৱীয়ে মাজে মাজে দুই–একোবাৰ ‘‘টংলা পৌৰ সভা’’ বুলি ক’লেও, উক্ত পৌৰ নিকায়খন এতিয়াও পৌৰ সভা (নগৰ সমিতি যদিও ঠিক নাই) হৈ থকা সত্ত্বেও, সংবাদ ৰত্ন উক্ত কর্ণধাৰ বাকচে টংলা নগৰ পালিকাক বাৰম্বাৰ পাতিলে ‘‘টংলা পৌৰ নিগম’’ ১৯৭৪ চনৰ কথা, অসম তথা উত্তৰ–পূর্বাঞ্চলত প্রথমখন পৌৰ নিগম হৈছিল গুৱাহাটীত ঃ গুৱাহাটী পৌৰ নিগম৷ প্রথমজনা মে’য়ৰ (প্রয়াত) ৰাধাগোবিন্দ বৰুৱা৷ গণতান্ত্রিক নিগম অর্থাৎ নির্বাচিত পৰিষদৰ বুৰঞ্জী সুখদায়ক নহয়৷ যোৰহাট, ডিব্রুগড়, তেজপুৰ, বঙাইগাঁও, কোকৰাঝাৰ, নগাঁও, শিলচৰ, বৰপেটাতে পৌৰ নিগম হ’বলৈ আৰু কিমান দশক লাগে, ঠিক নাই৷ গুৱাহাটীয়েয় এখন দৈত্যাকায় গাঁও৷ তেনে স্থলত, ‘‘টংলা পৌৰ নিগম’’ প্রকৃতার্থত, গুৱাহাটীৰ নৱপ্রজন্মই ‘‘মে’য়ৰ’’ ‘জিনিছ’টো দেখাই নাই৷
ইমানেয় নহয় চৌদিশে অসমীয়া ভাষা ধ্বংসৰ ষড়যন্ত্র, কুচকাৱাজ, ব্যায়াম, অনুশীলন৷ মোৰ বৃত্তিগত বিষয় অসমীয়াও নাছিল, বুৰঞ্জী আৰু ভূগোলো নাছিল৷ কিন্তু অসমৰ শিক্ষা ব্যৱস্থাটোত ঘুণে ধৰাৰ প্রধান কাৰণ যে, ৰাজ্যৰ বিদ্যালয় পাঠ্যক্রমত অসমীয়া, সংস্কৃত, বুৰঞ্জী আৰু ভূগোলক ক্রমাৎ গুৰুত্বহীন কৰি আনি আনি পাছলৈ পাঠ্যক্রমৰ পৰাই, সম্পূর্ণকৈ নহ’লেও, অন্ততঃ বহুলাংশে বহিষ্কাৰ কৰাৰ সুপৰিকল্পিত এখন আঁচনি, সেই কথা মই বিভিন্ন লেখা আৰু বত্তৃণতাৰ যোগে অসংখ্য মঞ্চৰ পৰা, বিগত প্রায় ৪৫ বছৰে দ্বিধাহীন আৰু স্পষ্টভাৱে ব্যক্ত কৰি আহিছোঁ৷ আটায়ে জানে, ভিন্ ভিন্ থলুৱা ভাষাৰ অলেখ থলুৱা শব্দৰে পুষ্ট আৰু প্রাণচঞ্চল হ’লেও, অন্যান্য আর্য্যমূলীয় ভাষাৰ দৰে, অসমীয়াৰো বৃহৎ সংখ্যক মৌলিক শব্দৰ ভাণ্ডাৰ তথা বাক্যৰ গতি আৰু বৈয়াকৰণিক বিধিৰ উৎস হ’ল সংস্কৃত৷ কিন্তু বিদ্যালয়ত সংস্কৃত ভাষাৰ শিক্ষাদানৰ লগত ধর্মনিৰপেক্ষতাৰ ভ্রান্ত আৰু ভুৱা ধাৰণা লেটিয়াই, বিদ্যালয় পাঠ্যক্রমৰ পৰা সংস্কৃতক বহিষ্কাৰ কৰাৰ ফলত অসমীয়া ভাষাৰ গাঁথনি, গতি, উচ্চাৰণ, বানান সকলো ক্রমবধর্মানভাৱে শিথিল হৈ আহিবলৈ ধৰিলে৷
আনহাতে, স্বজাতিৰ বুৰঞ্জী আৰু স্বদেশৰ ভূগোলৰ লগত সম্পর্ক শিথিল হৈ আহিলে, স্বদেশৰ উঠি অহা প্রজন্ম, স্বজাতিৰ বীৰ–বীৰাংগনাসকল গৌৰৱোজ্জ্বল গাথা আৰু স্বদেশৰ প্রাকৃতিক, বনজ, জলজ, খনিজ আদি বিশাল ঐশ্বর্য্য, সম্পদ তথা সিবোৰৰ সীমাহীন অর্থনৈতিক সম্ভাৱনা আৰু প্রতিশ্রুতিৰ পৰা বিচ্ছিন্ন হৈ থাকিলে, স্বাভাৱিকতে,– স্বদেশ আৰু স্বজাতিৰ প্রতি তেনে প্রজন্মৰ বিশেষ একো শ্রদ্ধা, প্রেম, আৱেগ–নুভূতি, আনুগত্য আৰু দায়বদ্ধতা নাথাকে৷ আজিৰ অসমত সেই কুটিল ষড়যন্ত্রৰ মাৰাত্মক ফল জাতীয় জীৱনৰ প্রতিটো ক্ষেত্রতে প্রতীয়মান৷ এতিয়া, হাজাৰ হাজাৰ প্রমাণৰ মাজৰ পৰা, মুঠিতে লুকুৱাব (‘‘লুকাব’’ নহয়) পৰা গোটাদিয়েক দিওঁ,– চাওক, পঢ়ক, শুনক, ভাবক৷ এটা কথা,– ভাষা, বুৰঞ্জী, ভূগোল, সংবাদ, ৰাজনীতি, সমাজনীতি, এই সকলো থান–বান, ছেদেলি–ভেদেলি হৈ গৈছে৷ আটায়ে মিলি মোৰ মনটোও তেনে কৰিয়েই পেলাইছে৷ হে+অ জানি, মঞি মূঢ়মতিয়েও নমুনাবোৰো, অ’ৰ ত’ৰ পৰা থপিয়াই থপিয়াই ছেদেলি–ভেদেলিকৈয়ে দিম ঃ যিটো যেতিয়া মনলৈ আহে৷ একাদিক্রমে আৰু শৃংখলিতকৈ নিদিওঁ৷ এনেয়েও, অসমীয়া ‘শ’ হ’বলৈ বেছি পৰ নাই৷ সিও হ’ব বাহী৷
অসমীয়া অসমৰ ৰাজ্য ভাষাৰ বা চৰকাৰী ভাষা হ’বৰ পৰা তিনি কুৰি এবছৰ (৬১) পাৰ গৈ গ’ল৷ কিন্তু ৬১ বছৰীয়া অসমীয়া চৰকাৰখনে সংশ্লিষ্ট আইনখন আজিকোপতি কার্য্যতঃ বলৱৎ কৰিব নোৱাৰিলে৷ ভাষাটো এতিয়া নির্বাচনী অভিযানৰ ভাষা (আভুৱা ভাঁৰিবলৈ) আৰু চৰকাৰী বিজ্ঞাপনৰ ভাষা হৈয়ে ৰ’ল৷ সেয়াও, বাৰেপাচি ভুলেৰে৷ দিছপুৰত, হয়তো কোনোবা কেৰাণী–মহৰীয়ে অসমীয়াত টোকা চাৰিটা লিখে কিন্তু চাহেব–মেমচাহেব (‘‘মেমনী)সকলৰ ভাষা সেইটো নহয়৷ যোৱা প্রায় ডেৰটা বছৰত ক’ৱিড্–১৯ আৰু তাৰ অপভ্রংশ বিষয়সমূহ তথা অন্যান্য অলেখ সংক্রান্তত জাৰি হোৱা অলেখ চৰকাৰী জাননী আৰু নির্দেশাৱলীৰ প্রতিলিপি কোনো কোনো লোকে মোলৈ প্রেৰণ কৰি আছে৷ পিচে, সিবোৰৰ এখনো, চৰকাৰী ভাষা অসমীয়াত নাই, প্রতিখনেয় বে’ (–বে–নহয়) চৰকাৰী (এতেকে বে’–আইনী) ভাষা ইংৰাজীত বিগত দীঘল এছোৱা সময়ত, প্রায়ে, এজন উচ্চ আৰক্ষী বিষয়া আৰু এজন উচ্চ অসামৰিক সেৱা বিষয়াই যুটীয়াকৈ সংবাদ মেল সম্বোধন কৰি আহিছে৷ আৰক্ষী বিষয়াজনে সাংবাদিকগণক কথাবোৰ অসমীয়াত কয়৷ কিন্তু সিজনাই কিবা ক’বৰ সময়ত, অসমীয়াত কিবা ক’বলগীয়া হ’লে, সিজনা যে সততে শ’লঠেকত পৰে, সেয়া স্পষ্ট৷ এতেকে, সিজনা বেছিভাগ সময় নীৰৱ হৈয়ে থাকে৷ ভাঃপ্রঃ সেৱা আৰু অঃ অঃ সেৱাৰ এক বুজনসংখ্যক অসমীয়া বিষয়াই অসমীয়াত কিবা কোৱাৰ কামটো যেনে তেনে চলাই দিব পাৰিলেও, সিসৱে অসমীয়া লিখাৰ কথাটোতো বাদেই, জোঁটাই ঠোঁটা–মোজাকৈও যে পঢ়িবও নোৱাৰে, সেই বিষয়ে মই ‘‘খেটাং’’৷ ‘লোক সেৱা আয়োগ’ মানে লোকগণ অর্থাৎ ৰাইজক সেৱা আগ বঢ়াবৰ অর্থে চৰকাৰী পদবী পোৱাৰ যোগ্য প্রার্থী বাছি মনোনীত কৰি দিয়া আয়োগ৷ পিচে, অসম লোক সেৱা আয়োগত আকৌ লোকগণক সেৱা কৰিবৰ বাবে চৰকাৰী (ৰাজহুৱা) পদবীৰ পৰীক্ষাৰ বাবে ‘‘আচা (সা)মী ভাছা’’–ৰ পৰীক্ষা বাধ্যতামূলক হোৱাটোতো দূৰৰে কথা,– বার্তালাপsei bhaashaaটা না জান্লেও চলে৷ ‘‘সর্বোচ্চ জাতীয় অনুষ্ঠান’’–এ আৰু জাতীয় ‘‘ছু’’বিলাকে কি কৰি থাকে বা আচৰিত নহয় যে বজ্রলেপ ক’ৱিডৰ পৰিপ্রেক্ষিতত এইবাৰ পাঠশালাৰ দশম আৰু দ্বাদশ শ্রেণীৰ চূড়ান্ত (ৰাজহুৱা) পৰীক্ষা দুটাৰ গতি–গোত্র, ৰূপ আৰু দশাৰ বিষয়ে চলা উচ্চ পর্য্যায়ৰ সুদীর্ঘ বিশেষজ্ঞ মেলাত, পৰীক্ষাবোৰ তিনিটা বিষয়ৰ হ’লে, বলি কটা দাখন প্রথমে ‘‘আচামী’’bishoyটোৰ বাবেই সাজু কৰা হৈছিল পাছত যে পৰীক্ষা প্রপঞ্চটোকে বাতিল কৰা হ’ল, সেইটো এটা সম্পূর্ণ সুকীয়া কথা৷
যোৱা ২ জুনত এটা বাকচৰ পর্দাত জিলিকি উঠিল– ‘‘আজি ৭ম সংখ্যক বিশ্ব যোগ দিৱস’’৷ ‘৭ম’ মানে হৈছে সপ্তম, তেনেকৈ ‘১ম’ মানে প্রথম, ‘২য়’ মানে দ্বিতীয় (‘‘এক ম’’ আৰু ‘‘দুই য়’’ নহয়)৷ কিন্তু সপ্তম বুলি লিখা বা কোৱাৰ পাছত আকৌ ‘সংখ্যক’–টো কিয়? মাথোন সংখ্যাটো উল্লেখ কৰিলেহে ‘সংখ্যক’ বোলা শব্দটো লাগে, যেনে – ‘সাত সংখ্যক’, ‘চল্লিশ সংখ্যক’ ইত্যাদি৷ কিন্তু এইবোৰ হৈছে কি? ২৪ জুন তাৰিখে এটা বাকচৰ পর্দাত দেখা গ’ল– ‘‘দুর্নিতী (???) নিবাৰক আইনৰ7 আৰু13 নম্বৰ ধাৰা’’ দিনদিয়েক আগেয়ে এটা বাকচৰ এটা বিশেষ পর্য্যায়ৰ সম্পাদকগৰাকীয়ে বাৰম্বাৰ চিঞৰি চিঞৰি কোৱা শুনা গ’ল– ‘‘কা আন্দোলন’’ আটায়ে জনা কথা,– ‘কা’ হৈছেCAA (Citizenship Amendment Act– নাগৰিকত্ব সংশোধনী আইন)৷ অৱশ্যে এই আইনখনক (তথা, আগেয়ে, আদেয়ক–CAB খনকো) মই সদায়Citizenship Adultcration Act, নাগৰিকত্ব ভেজালকৰণ আইন (পূর্বে বিধেয়ক) বুলি কৈ আহিছোঁ৷ সেইটো বাৰু সুকীয়া কথা৷ কিন্তু দস্তুৰমত কা–বিৰোধী আন্দোলনটোক ‘‘কা আন্দোলন’’ বুলি বাৰম্বাৰ ক’লে শ্রোতা–দর্শকে, বিশেষতঃ নৱপ্রজন্মৰসকলে কি বুজিব? তেওঁলোকৰ তেনেকৈয়ে নক’বনে? অসমীয়াত ‘সমূহ’ অর্থত মানুহৰ সমষ্টি বুজাবলৈ ভিন্ ভিন্ সর্বনামৰ লগত যুক্ত বহুবচনাত্মক অনুসর্গবিলাক ভিন্ ভিন্, যেনে– সি–হঁত, তেওঁ–লোক, তেখেত–সকল৷ কিন্তু আজিকালি বহুসংখ্যক লোকে ‘তেখেতসকল’–ৰ ঠাইত ‘‘তেখেতলোক’’ বুলিহে ক’বলৈ ধৰিছে৷ বিশেষতঃ, ‘উজনি অসমৰ বহু ঠাইত এই ব্যাধিটো ব্যাপক ৰূপত সংক্রমিত হৈছে৷ এনেদৰে হ’লে দেখোন ‘‘সিসকল, তাইসকল, তেওঁসকল, তেওঁহঁত, তেখেতহঁত’’ আদি নৱ নৱ ৰূপেও অসমীয়া ভাষাক অলংকৃত কৰি তাৰ সৌষ্ঠৱ বঢ়াবলৈ বেছি দিন নাই৷ এনেয়েও, বর্তমান কালত, যাৰে যেনেকৈয়ে মন যায়, তেৱেঁই তেনেকৈয়ে কোৱাটো, আৰু, বিশেষতঃ অনা–সমীয়া লোকক সন্তুষ্ট কৰিবলৈ, তেওঁলোকৰ ভাষাৰ ঠাচ বা শৈলীত কথা কোৱাটোৱেয় বহুতৰ বাবে অসমীয়া ভাষাৰ ‘‘বিধি’’ হৈ পৰিছে, যেনে– ‘‘দুটা চাহ’’ (দেখো চ্চায়), ‘‘ভাতটো (এটা ভাত?) খাই লওঁ’’
আজিকালিতো অসমীয়া কিশোৰ–কিশোৰী, ডেকা–ডেকেৰী, প্রৌঢ়–প্রোঢ়াৰ কথা বাদেই, বুঢ়া–বুঢ়ীসকলেও ভাত–আঞ্জা ৰন্ধা, চাহ বকা বা তপতোৱা, পিঠা ভজা, পিঠা সেকা, ভাপত দিয়া, ঘৰ সজা, আলি বন্ধা আদি একো নকয় আটাইৰে মুখত মাথোন ‘‘বনোৱা’’, যেনেকৈ লাচিতেও মোমায়েকক আদেশ দিছিল গড় এটা ‘‘বনাবলৈ’’ (বান্ধিবলৈ) এই যে বাকচ লেল পেলবোৰ,– সেইবোৰত আটাইৰে মুখত, সকলো ‘‘বনোৱা’’ৰ প্রকোপত কাণত ঠিলা মাৰিবলগীয়া অৱস্থা৷ সকলোৱে বেচ ভাল অভিনয় কৰা ‘‘আঘোণৰ বিয়লি’’নে কিবা নামৰ এখন লেলপেলত সকলো অভিনেতা–ভিনেত্রীৰ মুখত ভিন্ ভিন্ শুৱলা তথা যথার্থ অসমীয়া শব্দৰ পৰিৱর্তে হিন্দীৰ ‘মে’ৰা সাথ’ ‘তুম্হাৰা সাথ’, ‘উন্কা সাথ’ আদিৰ আর্হিত (দস্তুৰমত নকল) মাথোন ‘‘লগত, লগত (আৰু) লগত’’, যেনে– ‘‘মোৰ লগত (জীৱনত) যিবোৰ ঘটনা ঘটি আছে’’, ‘‘তাইৰ লগত (প্রতি) ডাঙৰ অন্যায়’’, ‘‘মোৰ লগত (বিৰুদ্ধে) যি ষড়যন্ত্র হৈ আছে’’, ‘‘ভগৱানৰ আশীর্বাদ তোমাৰ লগত (শিৰত) সদায় আছে’’৷ ভাষাধ্বংসী এই অহৈতুক, জঘন্য ঠাচটোৱে অসমীয়া ভাষাৰ নিজস্ব অনেক সুন্দৰ শব্দৰ মূৰ নোচোবাবনে?
সকর্মক ক্রিয়া আৰু অকর্মক ক্রিয়া, পদৰ সক্রিয় আৰু নিষ্ক্রিয় ৰূপ, ভঙা আৰু ভগা, ছিঙা আৰু ছিগা, ফলা আৰু ফটা,– এইবোৰৰ মাজৰ অতি অর্থৱহ পার্থক্য ক্রমাৎ নোহোৱা কৰি পেলোৱা হৈছে৷ এঠাইত সৰৱ পুতুকণে ককায়েক লাজ পুতুকণক লক্ষ্য কৰি কয়– ‘‘ইয়াৰ কাৰণেই প্রতীতিৰ ভনীয়েকৰ বিয়াখন ভাঙি গ’ল’’৷ নহয়, বিয়াখন ‘‘ভাঙি’’ যোৱা নাই ভাগি গ’ল৷ বিয়াখন ভাঙিলে লাজ পুতুকণে৷ এটা বিজ্ঞাপনত শালমইনা খন্দোকাৰ নামৰ এজন হাৱাই চপ্পলৰ দোকানী ওলায়৷ চপ্পলবিধৰ নাম ‘ফ্লেক্সৌ’৷ দোকানলৈ অহা এজন ডেকা গ্রাহকে সোধে– ‘‘ছিঙি নাযায়তো (?)’’৷ ‘ফ্লেক্সৌ’ চপ্পলৰ কথা মই নাজানো, কিন্তু অসমীয়া ভাষাৰ ব্যাকৰণত ‘বাটা’, ‘অজন্তা’ বা ‘ইলোৰা’ একো চপ্পল ‘‘ছিঙি’’ নাযায় কোনোবাই ছিঙিব লাগিব, তেতিয়া চপ্পল ‘ছিগিব’ পাৰে, কিন্তু নিছিঙে৷ শালিকীজনীয়ে তাঁতশালৰ সূতা চাৰিডাল ছিঙিলে এতেকে সূতা চাৰিডাল ছিগিল৷ বানে মথাউৰিটো ছিঙিলে/ভাঙিলে গতিকে মথাউৰিটো ছিগিল/ভাগিল৷ ছোৱালীজনীয়ে টেকেলীটো ভাঙিলে এতেকে টেকেলীটো ভাগিল (‘‘ভাঙিল’’ নহয়)৷ ল’ৰাটোৱে কিতাপখন ফালিলে এতেকে কিতাপখন ফাটিল (‘‘ফালিল’’ বা ‘‘ফালি গ’ল’’ নহয়, ফাটি গ’ল)৷ অসমীয়া ভাষাৰ এই শাশ্বত, মান্য বিধিবোৰৰ কি হ’ল? শিক্ষকসকলে কি শিকায়? মই প্রাথমিক পর্য্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্য্যায়লৈকে অনেক পদ মর্য্যাদাৰ অনেক শিক্ষকৰ মুখত এনে ভুল ভাষা শুনিছোঁ৷ মুখ্য মন্ত্রী শিক্ষা মন্ত্রীকে ধৰি প্রায় আটাই মন্ত্রী, আটাই বিধায়কে কালি(য়েস্ত্(ৰ্) ডেই) আৰু কালিলৈ/কাইলৈ(টমৰৌ)ৰ ঠাইত বাংলাৰ আর্হিত ‘যোৱা কালি’ (গত কাল) আৰু ‘‘অহা কালি’’ (আগামী কাল) তথা যি/যিয়ে/যিসকলে–ৰ ঠাইত ‘‘যোন, জোন/যোনে, জোনে, যোনবিলাক, জোনবিলাকে’’ বুলিয়েই থাকে৷ অনেক বিয়াগোম সাহিত্যিকো ব্যতিক্রম নহয়৷
বিয়াগোম বাকচৰ বাতৰি শুনক ঃ ‘‘সামাজিক ব্যৱধান আৰু মাস্ক্ পৰিধান কৰাৰ একো লক্ষণ নাই’’৷ হৈছেনে? নাই হোৱা৷ মাস্ক্, পৰিধান কৰা বস্তু কিন্তু সামাজিক ব্যৱধান জানো ‘‘পৰিধান’’ কৰা ‘‘বস্তু’’? বাক্যটো জানো এনে হ’ব নালাগিছিল– ‘‘–সামাজিক ব্যৱধান ৰক্ষা কৰা/মানি চলা, আৰু মাস্ক পৰিধান কৰাৰ একো লক্ষণ নাই’’? লুকাই/লুকুৱাই, হেৰোৱা/হেৰুওৱা/হৰুওৱা আদি ইত্যাদিৰ একো পার্থক্য নাথাকিলে, সেইটো কেনেকুৱা ‘‘অসমীয়া’’ ভাষা হ’ল? বাকচত শুনক ঃ ‘‘লুকাই (লুকুৱাই) ৰখা হৈছিল অজিত দাসক’’ ‘‘লুকাই’’ নিজেহে থাকে লেলপেলত শুনক ঃ ‘‘আৰু যদি নকৰে, তাৰ বিনিময়ত (ফলত) আপুনি কি হেৰাব (হেৰুৱাব), সেইটো আপুনি জানেই’’ বাতৰি ঃ – ‘‘আৰক্ষীৰ হাতত (হাতলৈ) বহুত তথ্য আহিছে (‘আহ’ ধাতু)৷ হাতত বূম্ লৈ বাটত থিয় হৈ বাকচৰ ক্ষেত্রভিত্তিক বাতৰি দিয়া যুৱতী ঃ ‘‘মুখ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই গৰুৰ চোৰাং বেপাৰৰ বিৰুদ্ধে কঠোৰ হৈছে (‘হ’ ধাতু) কঠোৰ ‘‘শর্মাই হৈছে’’, নে, শর্মা হৈছে? বিদ্যালয়ত এইসোপাকে শিকি, কৈ, ঘৰে–বাহিৰে এইসোপাকে শুনি, ‘‘শিক্ষিত’’ নৱপ্রজন্মই ক’ব কি? তাঁত শাল গুচি ‘‘তাত শাল’’ হৈছে অনুনাসিক ধ্বনিৰ উচ্চাৰণৰ ধাৰণা শূন্য য’ত নালাগে, তাত চন্দ্রবিন্দুৰ পয়োভৰ– ‘‘হওঁক, যাওঁক, থওঁক, লওঁক, ৰওঁক, খাওঁক, মহেশ্বৰ নেওঁগ’’
‘অন্তৰ’ শব্দটোৰ বহু অর্থৰ ভিতৰৰ এটা হ’ল, – অন্য, যেনে ঃ স্থানান্তৰ–ন্য স্থান, ধর্মান্তৰ–ন্য ধর্ম ইত্যাদি৷ এতেকে, কোনো লোক এটা ধর্মৰ পৰা আন এটা ধর্মত দীক্ষিত হ’লে তেওঁ হয় ধর্মান্তৰিত৷ কামটোও হয় ধর্মান্তৰিতকৰণ৷ পিচে, আমাৰ মাজত সেইটোৱেয় ‘‘ধর্মান্তৰকৰণ’’ বুলি চলি আহিছে অভিধানতো তেনেকৈয়ে আছে৷ কিন্তু দৰাচলতে তাৰ অর্থ হয়গৈ– অন্য ধর্ম কৰণ এজন মানুহ (ধর্মান্তৰিত নহৈ) ‘‘অন্য ধর্ম’’ হ’ব কেনেকৈ৷ সি যি কি নহওক, অলপ দিনৰ আগেয়ে, নইদাত এটা ধর্মৰ মানুহক ব্যাপক হাৰত আন এটা ধর্মত দীক্ষিত কৰা বুলি ওলোৱা বাতৰিটো সম্প্রচাৰৰ বেলিকা এটা বিয়াগোম বাকচৰ পর্দাত ‘ধর্মান্তৰকৰণ’–ৰ সমানে সমানে কেইবাবাৰো দেখা গ’ল– ‘‘ধর্মান্তকৰণ’’ মানে, ‘ধর্ম’ নামৰ প্রপঞ্চটোকে অন্ত (ধর্মান্ত) কৰা হ’ল ভালেই হ’ল৷ আকৌ, বাতৰি কওঁতাই মাজে মাজে ক’লে বোলে– ‘‘মুছলমান ধর্ম’’ এই মাৰাত্মক ভুলটো আমাৰ বহু মানুহে কৰিয়েই থাকে৷ মুছলমান নামে কোনো ধর্ম নাই৷ সংশ্লিষ্ট ধর্মটো হৈছে ইছলাম৷ এই ধর্ম অৱলম্বনকাৰী মানুহবিলাকহে মুছলমান৷
আগেয়ে কৈছোঁৱেই যে ভাষাৰ ভুলৰ প্রভাৱ বুৰঞ্জীমূলক আৰু ভৌগোলিক বিষয় বা বস্তুৰ ধাৰণাৰ ওপৰতো পৰে৷ উদাহৰণৰ অন্ত নাই কিন্তু আজি নিচেই নগণ্য গোটাদিয়েক দিওঁ৷ খুব সম্ভৱ, তাহানিৰ কলিকতাৰ ‘অসমীয়া ভাষা উন্নতিসাধিনী সভা’–ৰ নাম শুনিলেও, চুতীয়া ৰাণী সতী সাধনীৰ নাম নুশুনা হেতুকেই বহু লোকে সাধনীক বোলে ‘সতী সাধিনী’ চোমগছৰ বাৰীক বোলা হয় চোমনি৷ পিচে, বাতৰি দিওঁতা অনেকেই বোলে– ‘ডিৰাক চুমনি’’ অৱশ্যে একাধিক পর্দাত উচ্চাৰণ আৰু বানানৰ মাজত পার্থক্য নাই, – ‘‘চুমনি’’ ভাল কথা দ’ক৷ আমাৰ অসংখ্য লোকে কোনো জিলাৰ উপায়ুক্ত বা আৰক্ষী অধীক্ষক তথা মহকুমাধিপতি বা মহকুমা আৰক্ষী বিষয়াৰ কথা ক’বলৈ হ’লে, জিলাখন বা মহকুমাটোৰ নাম উল্লেখ কৰাৰ পৰিৱর্তে উল্লেখ কৰে সংশ্লিষ্ট জিলা তথা মহকুমাৰ প্রশাসনীয় কেন্দ্র বা সদৰ চহৰৰ নাম, যেনে– ‘‘তেজপুৰৰ (শোণিতপুৰৰ) ডী ছী’’, ‘‘মঙলদৈৰ (দৰঙৰ) এ’ছ্ পী’’, ‘ডিফুৰ (কার্বি আংলঙৰ, এতিয়া পূব কার্বি আংলং) ডী ছী’, ‘‘সোণাৰিৰ (চৰাইদেউৰ) এ’ছ্ পী’’ (বেছিভাগৰ মুখত ‘‘ছোণাৰি’’), ‘‘চ (স)ৰু পথাৰৰ (ধনশিৰিৰ) এ’ছ্ ডী অ’/এ’ছ্ ডী পী অ’–’’ ইত্যাদি৷ সংবাদ মাধ্যমৰ বাতৰিও এনেদৰে দেখি আৰু শুনি থকা পঢ়ুৱৈ আৰু শ্রোতা–দর্শকৰ, বিশেষতঃ ছাত্র–ছাত্রীৰ, মনত ভূগোল আৰু সাধাৰণ প্রশাসন সম্পর্কীয় ধাৰণা আৰু জ্ঞানে কি গতি ল’ব পাৰে? আচলতে লৈয়েই আছে৷ সৰু বহুত কিবা–কিবি আছে আজিলৈ নালাগে আৰু৷