নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ আমূল পৰিৱর্তনত মুখ্যমন্ত্রীৰ বলিষ্ঠ খোজ

-ড০ চিন্তামণি শর্মা

২৪ ঘণ্টাই নিৰন্তৰভাৱে কাম কৰি যোৱাৰ বাবে অংগীকাৰবদ্ধ, প্রতিযোগিতা নহয় সহযোগিতাৰহে ৰাজনীতি বিচাৰিছোঁ বুলি সদৰী কৰা ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে ৰাজ্যৰ বাঘজৰী হাতত লোৱাৰ দুমাহ নৌহওঁতেই যিদৰে অসমক আগুৱাই নিয়াৰ পৰিকল্পনা কৰি বাস্তৱায়িত কৰাৰ দিশে বিৰামহীনভাৱে কাম কৰি আছে, তাক প্রত্যক্ষ কৰি ৰাইজ আনন্দিত হৈছে৷ স্বাভাৱিকতে আমাৰ দৰে অনেক লোকে বহুবছৰৰ বিৰতিৰ মূৰত আনতকৈ কিছু পৃথক এগৰাকী বিচক্ষণ, সুদক্ষ, দূৰদর্শী স্বপ্ণদ্রষ্টাক মুখ্যমন্ত্রী হিচাপে পাই সন্তোষ প্রকাশ কৰিছে৷ স্বয়ং আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ষাঠিৰ দশকৰ পৰা এনে বলিষ্ঠ মুখ্যমন্ত্রী অসমবাসীয়ে পোৱাৰ সৌভাগ্য ঘটা নাছিল বুলি ড০ হিমন্ত বিশ্ব শর্মাৰ প্রশংসা কৰিছে৷ পূর্বৰ সর্বানন্দ সোণোৱাল চৰকাৰেও পুলিচ উপ–পৰিদর্শকৰ চাকৰিৰ লগতে এ পি এছ চি কেলেংকাৰি নির্মূল কৰিবলৈ যি ব্যৱস্থা গ্রহণ কৰিছিল তাক প্রত্যক্ষ কৰিও আমি সন্তোষ লাভ কৰিছিলোঁ৷ দুর্নীতি আৰু ভ্রষ্টাচাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি ৰাইজৰ মাজত চৰকাৰৰ উজ্জ্বল ছবি দাঙি ধৰিবলৈ সোণোৱাল চৰকাৰ সক্ষম হৈছিল আৰু সেই উজ্জ্বল ছবি শর্মা চৰকাৰেও কঢ়িয়াই ৰাইজৰ মাজত গভীৰ আস্থা আৰু আশাৰ সঞ্চাৰ ঘটাবলৈ সক্ষম হৈছে৷ অসমৰ ৰাইজ এতিয়া আশ্বস্ত হৈছে যে অনাগত দিনত শান্তি আৰু আন্তঃগাঁথনি উন্নয়নে অসমক দেশৰ আগশাৰীৰ ৰাজ্য হিচাপে পৰিচয় কৰাব৷ মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ লগে লগে আলফাই অপহৰণ কৰা অ’এন জি চি’ৰ কর্মচাৰী ৰিতুল শইকীয়াক মুক্ত কৰি দিয়াৰ লগতে আলফাক আলোচনাৰ মাধ্যমেৰে মূলসুঁতিলৈ আহিবলৈ এক সৌহার্দ্যপূর্ণ প্রস্তাৱ আগবঢ়াইছিল ড০ শর্মাই৷ মুখ্যমন্ত্রীৰ খিলঞ্জীয়াৰ অস্তিত্বৰ প্রতি অহা প্রত্যাহ্বান নেওচিবলৈ কৰি অহা কাম আৰু এই প্রস্তাৱ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱায়ো নিশ্চয় ভাল পাইছিল বাবে অপহূত ৰিতুল শইকীয়াক মুকলি কৰাৰ উপৰি তিনি মাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছে৷ অসমৰ সাম্প্রতিক প্রেক্ষাপটত পৰেশ বৰুৱাৰ এই পদক্ষেপে এক নতুন ইংগিত বহন কৰিছে৷ ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ সকলো মন্ত্রী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দিনে–নিশাই গৈ বিভাগীয় কাম–কাজৰ চৰজমিন তদন্ত কৰিছে৷ দুর্নীতিপৰায়ণ বিদ্যুৎ শক্তি বিভাগৰ বিষয়া, পুলিচ বিভাগৰ বিষয়া–কর্মচাৰী বা আন বিভাগৰ ঘোচখোৰ কর্মচাৰীক চাকৰিৰ পৰা নিলম্বিত কৰিছে৷ মাদার্ছ অ’ল্ড এজ হোমত অশীতিপৰ বৃদ্ধা মাতৃৰ বিননি শুনাৰ লগে লগে মুখ্যমন্ত্রীয়ে মন্ত্রী অজন্তা নেওগক বৃদ্ধাৱাসলৈ প্রেৰণ কৰি উৎপল হর্ষবর্ধন আৰু মণিকা শর্মাৰ মাজৰ দূৰত্ব হ্রাস কৰি ক্ষিপ্রতাৰে আইতাসকলৰ মানসিক চাপ আৰু উদ্বিগ্ণতা উপশমত যি ভূমিকা ল’লে, নিঃসন্দেহ সকলোৱে ভাল পাইছে৷ ৰাজ্যৰ মুৰব্বী হিচাপে যুৱপ্রজন্মক কোঙা কৰিবলৈ ধৰা ড্রাগ্ছৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ভাং আৰু হিৰ’ইন, ক’কেইন আদিৰ দৰে ৰাগিয়াল ঔষধ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ স্থিতি ল’বলৈ দিয়াত অসমৰ বিভিন্ন ঠাইত আশাব্যঞ্জক ফলাফল দেখা পোৱা গৈছে৷ পুলিচ প্রশাসন যথেষ্ট কঠোৰ আৰু অনমনীয় হোৱা বাবে ড্রাগ্ছৰ ঘাটি চিনাক্ত আৰু উৎখাত হৈছে, কোটি কোটি টকাৰ জীৱন ধ্বংস কৰা ড্রাগ্ছ বাজেয়াপ্ত কৰাত আৰক্ষীয়ে সফলতা লাভ কৰিছে৷ ১২ কোটিৰো অধিক মূল্যৰ ড্রাগ্ছ ধৰিবলৈ সক্ষম হোৱা কনিষ্ঠবল বৰছিং বে’ক শকত মাননি আগবঢ়োৱাৰ পিছতো লাগিলে নিমখ ভাত খাই থাকিম, কিন্তু মাংস ভাত খাবলৈ দুর্নীতি কৰি নিজৰ লগতে আৰক্ষীক বদনাম নকৰোঁ বুলি সততাৰ পৰিচয় দিয়াৰ বাবে পুলিচ কনিষ্টবল হিচাপে মুখ্যমন্ত্রীয়ে নিজ হাতেৰে নিযুক্তি– পত্র দি সন্মানিত কৰাৰ লগতে এক লাখ টকাৰে পুৰস্কৃত কৰিছে৷ এই কার্যৰ বাবে আন কর্মচাৰীৰো মনোবল বৃদ্ধি পাইছে আৰু তেওঁলোকক সততাৰ দিশত উদ্বুদ্ধ হোৱাত প্রেৰণা যোগাইছে৷ ড্রাগ্ছৰ ক’লা সাম্রাজ্যত এতিয়া কঁপনি তুলিবলৈ সক্ষম হৈছে পুলিচ বিভাগ৷ ক’ভিড–১৯ৰ দ্বিতীয় ঢ়ৌৱে সমগ্র অসমক ক্ষতিগ্রস্ত কৰা আৰু দুগৰাকীকৈ সতীর্থ বিধায়ক ক’ৰোনাৰ বাবে মৃত্যুমুখত পৰা এই সময়ছোৱাত নিজৰ জীৱনৰ চিন্তা নকৰি কেতিয়াবা মুখ্যমন্ত্রী নিজেই, নহ’লে স্বাস্থ্যমন্ত্রী বা আন সতীর্থ মন্ত্রীক মাজৰাতি ক’ভিড সুশ্রূষা কেন্দ্র বা চিকিৎসালয়লৈ যাবলৈ দি ক’ভিড ব্যৱস্থাপনাৰ তদাৰক কৰিছে৷ ৰাজ্যবাসীয়ে টোপনিত লালকাল দি থকা সময়ত নিশা ২.৪০ বজাত জিএমচিএইচত নিজে উপস্থিত হৈ মুখ্যমন্ত্রীয়ে ক’ভিড চিকিৎসাৰ খবৰ লৈছে কাষৰ পৰা আৰু মাজতে নিশা ১.৩০ বজাত ভিডি’ কনফাৰেন্স কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত জ্যেষ্ঠ চিকিৎসক আছে নে নাই খবৰ লৈছে৷ ইমানতে শান্ত নেথাকি সকলো জিলাৰ উপায়ুক্তক নিয়মীয়াকৈ চিকিৎসালয় পৰিদর্শন কৰিবলৈ নির্দেশ দিছে৷ শক্তিমন্ত্রী বিমল বৰাই অসমৰ চুকে–কোণে গৈ বিদ্যুৎ চুৰিৰ তদন্ত কৰিছে৷ বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বাবে মাত্র এমাহতে ১২ কোটি জৰিমনাসহ ৪১৭ কোটি মাচুল সংগ্রহেৰে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে শক্তি বিভাগ৷ মৰিয়নিৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল চৰজমিন তদন্তৰ বাবে যোৱা বিধায়ক ৰূপজ্যোতি কুর্মীক গুলীবর্ষণ কৰা ঘটনাই অসমবাসীৰ হূদয়ত আঘাত দিছিল৷ কিন্তু হিমন্ত বিশ্ব শর্মাৰ বলিষ্ঠ ভূমিকাৰ বাবে বেদখল কৰা ঠাই মুক্ত কৰি সেই ঠাই আৰক্ষী ছাউনীলৈ ৰূপান্তৰিত কৰিবলৈ ব্যৱস্থা লোৱা কথাই অসমবাসীক উৎফুল্ল কৰিছে৷ এন আৰ এল’ৰ দৰে ৰাষ্ট্রপ্রদত্ত তৈল শোধনাগাৰত ভাৰত পেড্র’লিয়ামে নির্বিনিয়োজনৰ সিদ্ধান্ত লোৱাৰ লগে লগে নিজৰ অংশ ১২ শতাংশৰ পৰা ২৬ শতাংশ বৃদ্ধি কৰি দ্বিতীয় কিস্তি ৫০০ কোটি টকা অর্পণ কৰি ড০ শর্মাই অতি বিচক্ষণতাৰ পৰিচয় দিলে৷ ৭৫ বছৰৰ ভিতৰত অসম চৰকাৰে সর্ববৃহত বিনিয়োগ কৰি অসমক অর্থনৈতিক সকাহ দিবৰ বাবে সুন্দৰ সুদূৰপ্রসাৰী পদক্ষেপ গ্রহণ কৰিলে৷ অসম বিধানসভাৰ অধিৱেশনত নজিৰবিহীন ইতিহাস ৰচনা কৰিলে ড০ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে৷ প্রথমবাৰৰ বাবে টু শব্দ নকৰাকৈ বিৰোধী পক্ষৰ বিধায়কে ৰাজ্যপালৰ ভাষণ শুনিলে৷ নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি মতে এক লাখ নিবনুৱাক নিযুক্তি দিবলৈ প্রথম কেবিনেট বৈঠকতে সিদ্ধান্ত লৈছে৷ নিযুক্তি প্রক্রিয়াত গাফিলতি নেথাকক, তাৰ বাবে বিত্তমন্ত্রী অজন্তা নেওগক অধ্যক্ষ হিচাপে লৈ কমিটী গঠন কৰা হৈছে৷ হিমন্ত বিশ্ব শর্মাই আগৰ কার্যকালত শিক্ষামন্ত্রীৰ পদত থাকোঁতে স্বচ্ছ আৰু সৎ ব্যৱস্থাৰে হাজাৰ হাজাৰ টেট শিক্ষকক নিযুক্তি দি এক দৃষ্টান্ত দেখুৱাইছে৷ ৰাইজে প্রত্যক্ষ কৰিছে যে স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত অসমৰ সকলো ঠাইত অহর্নিষে ক’ভিড মোকাবিলাৰ বাবে কাম কৰি আছে৷ ঠিক তেনেদৰে জলসম্পদৰ দায়িত্বত থকা মন্ত্রী পীয়ূষ হাজৰিকা অসমৰ প্রায় সকলো অঞ্চললৈ গৈ বিভাগীয় বিষয়া, অভিযন্তা আৰু ঠিকাদাৰৰ লগত নির্দিষ্ট ঠাইতে আলোচনা কৰি বাৰিষাৰ আগে আগে মথাউৰিৰ নির্মাণ সম্পূর্ণ কৰিবলৈ নির্দেশ দিছে৷ বামুণী পাহাৰত হাতীৰ আকস্মিক মৃত্যুৰ লগে লগে বনমন্ত্রী পৰিমল শুক্লবৈদ্যক প্রেৰণ কৰি খবৰ লৈছে৷ টিংৰাইত গ্রেনেড বিস্ফোৰণৰ লগে লগে উক্ত ঠাইত উপস্থিত হৈ দুই মৃতক পৰিয়ালক ৫ লাখকৈ এককালীন সাহায্য প্রদান কৰিছে আৰু পুলিচ বিভাগক সষ্টম হৈ থাকিবলৈ কাঢ়া নির্দেশ দিছে৷ প্রশাসনিক দিশ মজবুত কৰিবলৈ উপায়ুক্ত, আৰক্ষী অধীক্ষক, উপ–আৰক্ষী অধীক্ষকে আদি কৰি আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াৰ ব্যাপক ৰদবদল কৰিছে৷ প্রতিখন জিলাৰ সামগ্রিক উন্নয়নৰ বাবে একোজন মন্ত্রীক অভিভাৱক মন্ত্রী হিচাপে দায়িত্ব দিয়া হৈছে৷ সাংবাদিকৰ পেন্সন ৮০০০ টকাৰ পৰা ১০,০০০ টকালৈ, ব্রহ্মপুত্র উপত্যকাৰ চাহ শ্রমিকৰ দৈনিক মজুৰি ১৬৭ টকাৰ পৰা ২০৫ টকা, বৰাক উপত্যকাৰ চাহ শ্রমিকৰ মজুৰি ১৪৫ টকাৰ পৰা ১৮৩ টকা, বন সুৰক্ষা কর্মীৰ ৰেচন ভাট্টা ৮৪০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি আৰু ১০১ বৃত্তিমূলক শিক্ষকৰ চাকৰি ৬০ বছৰলৈ সুৰক্ষিত কৰা কার্যৰ পৰা অনুমান কৰিব পাৰি যে চৰকাৰে সকলো ক্ষেত্রত ৰাইজক আর্থিক সকাহ দিবলৈ চেষ্টা কৰাত কোনো কার্পণ্য কৰা নাই৷ টংলাত বগলী পক্ষী নিধন কার্যত জডিত লোকৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা লোৱা হৈছে৷ জৈৱ–বৈচিত্র্যৰ সংৰক্ষণৰ প্রতিও চৰকাৰ অংগীকাৰবদ্ধ ৷ নদীদ্বীপ মাজুলীত থকা সত্রৰ উন্নয়ন, বটদ্রবা থানক পর্যটনস্থলীলৈ লৈ যোৱাৰ বাবে, ঐতিহ্যমণ্ডিত কাজিৰঙাৰ উন্নয়ন, ঐতিহাসিক ক্ষেত্রসমূহৰ মাটি বেদখল পৰা মুক্ত কৰিবলৈ অহর্নিষে মুখ্যমন্ত্রীয়ে কাম কৰি আছে৷ অসম চুক্তি ৰূপায়ণৰ বাবে চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাক দায়িত্ব অর্পণ কৰা হৈছে৷ সুখৰ খবৰ যে মন্ত্রী অতুল বৰা ‘আছু’ৰ কার্যালয়ত গৈ এইক্ষেত্রত আছু নেতৃবৃন্দৰ লগত কথা পাতিছে৷ অতুল বৰাই শেহতীয়াকৈ অসমত জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ লগতো আলোচনাত মিলিত হৈছে৷ অসম হোমগার্ডত নিষ্ঠাৰে সেৱা আগবঢ়োৱা বৰছিং বে’ক তেওঁৰ সফলতাৰ বাবে পুলিচ কনিষ্টবলৰ নিযুক্তি দি অভিমত জানিব বিচৰাত তেওঁ কৈছিল– ‘মোৰ সপোন পূৰণ হ’ল৷’ অর্থাৎ তেওঁ পুলিচ কনিষ্টবল হোৱা সপোন পুহিছিল, যি বাস্তৱায়িত হ’ল৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সপোন বেলেগ৷ ২৪ ঘণ্টা হিংসাবর্জিত অসম চাব বিচাৰে ড০ শর্মাই৷ নেডাৰ আহ্বায়ক হিচাপে উত্তৰ–পূর্বাঞ্চলত এন ডি এ’ৰ অগ্রগতিত তেওঁৰ ভূমিকা সকলোৱে জানে৷ সর্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ড০ হিমন্ত বিশ্ব শর্মাৰ বলিষ্ঠ ভূমিকা আৰু কেন্দ্রীয় চৰকাৰৰ সদিচ্ছাৰ বাবে বডোভূমিত শান্তিৰ বাতাৱৰণ ঘূৰি আহিছে৷ অতি সোনকালে কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কার্বি পাহাৰৰ উগ্রপন্থীৰ মাজত এক ত্রিপাক্ষিক বৈঠক সম্পন্ন কৰিবলৈ যাৱতীয় প্রস্তুতি চলিছে৷ কার্বি পাহাৰতো সকলো ৰাইজক শান্তি আৰু হিংসাবর্জিত পৰিৱেশ উপহাৰ দিয়াৰ আশা পুহি ৰাখিছে ড০ শর্মাই৷ অসমৰ হাজাৰ হাজাৰ ৰাইজে বিচাৰে যে আলফাৰ সৈতেও চৰকাৰৰ আলোচনা হওক আৰু এক সুস্থ সমাধানৰ পথ প্রশস্ত হওক৷ আমি আশাবাদী যে ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে ব্যক্তি মুখ্যমন্ত্রী হৈ থাকোঁতে এই সমস্যাৰ সমাধান হ’ব৷ অসম দোপতদোপে আগুৱাই যাব৷ প্রদূষণমুক্ত, ভ্রষ্টাচাৰমুক্ত আৰু উৎকৃষ্ট আন্তঃগাঁথনিসমৃদ্ধ ৰাজ্য হিচাপে ভাৰতবর্ষৰ মানচিত্রত নিজৰ সুকীয়া স্থান ৰাখিবলৈ সক্ষম হ’ব৷

You might also like