মই গান্ধীজীক দেখিছিলো
মোৰ বয়স তেতিয়া খুব বেছি হ’লে দহ বছৰমান হ’ব । এদিন আমাৰ ঘৰলৈ দুজন ভদ্ৰলোক আহিল । চাফ-চিকুণ সাজ-পোছাক দেখিয়েই বুজিলো যে তেওঁলোক চহৰৰ মানুহ; মূৰত গান্ধী টুপী দেখি বুজিলোঁ যে তেওঁলোক কংগ্ৰেছী ভলণ্টিয়াৰ । দেউতাৰ লগত বহু সময় কথা পাতি এসময়ত তেওঁলোক গ’লগৈ । তেওঁলোক যোৱাৰ পাছত মই দেউতাক সুধিলোঁ । তেওঁলোক ক’ৰ পৰা আহিছিল ?
দেউতাই মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিছিল, সকলো কৌতুহল নিবৃত্ত কৰিবলৈ চেষ্টা কৰিছিল । মোৰ প্ৰশ্নৰ উত্তৰত তেওঁ ক’লে- তেওঁলোক যোৰহাটৰ পৰা আহিছে, কংগ্ৰেছ নেতা । আমাৰ ইয়াত তেওঁলোকে কংগ্রেছৰ সংগঠন কৰিব৷’ এই বুলি কৈ তেওঁ মোক কংগ্রেছৰ বিষয়ে নানা কথা বুজাবলৈ ধৰিলে৷
পিছদিনাৰ কথা৷ পুৱাৰ পৰা বৰষুণ দিছিল৷ আবেলি পৰত বৰষুণ এৰাত দেউতাই কোৰ এখন লৈ পদূলিৰ ফালে ওলাই গ’ল৷ সুবিধা পালেই দেউতাৰ পিছে পিছে ঘূৰি–ফুৰা মোৰ এটা অভ্যাস আছিল৷ অসময়ত কোৰ এখন লৈ পদূলিৰ ফালে ওলাই যোৱা দেখি দেউতাইনো কি কৰিব খুজিছে চাবলৈ বুলি মই দৌৰ মাৰি গৈ তেওঁৰ পিছ ল’লোঁ৷ মই আচৰিত হৈ দেখিলোঁ–দেউতাই আমাৰ পদূলি মূৰত নৰৈ আমাৰ ঘৰৰ কাষৰে মানুহঘৰৰ পদূলিৰ ফালে আগবাঢ়ি গ’ল আৰু খন্তেক পিছতে সিহঁতৰ পদূলিৰ সিপাৰৰ আলি খাৱৈৰ ময়লা চাফা কৰিবলৈ আৰম্ভ কৰিলে৷ দেউতা আজি পাগল হৈছে নেকি? মই মনে মনে ভাবিলোঁ৷ এসময়ত আমাৰ গাঁও–ভূঁইবোৰ বৰ লেতেৰা আছিল৷ গাঁৱৰ সৰু সৰু ল’ৰা–ছোৱালীবোৰে পদূলিটো পাৰ হৈয়েই আলিৰ কাষতে শৌচ কৰে, তিৰোতাবোৰে সকলো জাবৰ–জোঁথৰ আলিৰ কাষতে দ’ম কৰে৷ খৰালি যহন–তহন, বাৰিষা সেইবোৰ পানীত গেলি–পচি নৰককুণ্ডৰ সৃষ্টি হয়৷ সি যি নহওক, দেউতাই কোৰখন লৈ কোনোবা ল’ৰাই অলপ আগতে আলিৰ কাষতে কৰি শৌচখিনি চাফা কৰিবলৈ ধৰিছে, মই এই নাভূত–নাশ্রুত ঘটনা অবাক হৈ চাই আছোঁ, এনেতে কোনোবাই খিলখিলকৈ হাঁহি মাৰি হঠাতে কৈ উঠিল ‘দেখিলো দেখিলো গোহাঁইদেউ, একেবাৰে হাতে হাতে ধৰা পৰিল৷ আমি দূৰৰ পৰাই লক্ষ্য কৰি আহিছো–আপুনি এইমাত্র কাম আৰম্ভ কৰিছে…৷’
মাতটো অহাৰ ফালে চাই মই দেখিলোঁ–কালি আমাৰ ঘৰলৈ অহা কংগ্রেছী ভদ্রলোক দুজন৷
খন্তেক পাছতে এটা নাটকীয় কাণ্ড আৰম্ভ হ’ল৷ ভদ্রলোক দুজনেও কোৰ দুখন যোগাৰ কৰি লৈ আঁঠুৰ ওপৰলৈকে চুৰিয়া কোচাই দেউতাৰ লগত সমানে ময়লা চাফা কৰিবলৈ লাগি গ’ল৷ ময়লা মানে কি–বছৰৰ পিছত বছৰ ধৰি পুঞ্জীভূত হোৱা পূতিগন্ধ নৰক–কুণ্ড৷ অলপ পাছতে গাঁওখনৰ প্রায় প্রত্যেকটো ঘৰৰ পৰা পিল্পিলকৈ মানুহবোৰ ওলাই আহিল, হাতে হাতে একোখন কোৰ বা দা– সকলোৱেই নীৰৱে ময়লা চাফা কৰিবলৈ লাগি গ’ল৷
গোটেই দিনটো বৰষুণ দিয়াৰ পিছত আবেলি ৰ’দ ওলাইছিল৷ সোণালী ৰ’দত পৃথিৱীখন জল–মল কৰিছিল৷ স্বর্গৰ আশীর্বাদৰ দৰে সেই পুণ্যপ্রভাত স্নান কৰি মানুহবোৰে দা–কোৰ লৈ ময়লাৰ পাহাৰ চাফা কৰিছে, আৰু তেওঁলোকৰ মুখবোৰত কি এটা আনন্দৰ উজ্জ্বলতা, কি এটা পৱিত্রতাৰ দীপ্তি ফুটি উঠিছে সেই দৃশ্যটো চিৰকালৰ কাৰণে মোৰ মনত খোদিত হৈ গ’ল জীয়াই থকালৈকে তাক পাহৰিব নোৱাৰোঁ৷
গধূলি দেউতাৰ পৰা গোটেই কথাবোৰ বুজি পালোঁ৷ যোৰহাটৰ পৰা যি দুজন কংগ্রেছ নেতা আমাৰ গাঁৱলৈ কংগ্রেছৰ সংগঠন কৰিবলৈ আহিছে, তেওঁলোকৰ সর্বপ্রথম কামেই হ’ল চাফাই কাম৷ কংগ্রেছ সংগঠন মানে এখন শাখা সভা গঠন কৰি সভাপতি–সম্পাদক নির্বাচন কৰা আৰু কাকতত খবৰটো প্রকাশ কৰা নহয়,–কংগ্রেছৰ সংগঠন মানে হ’ল পায়খানা চাফা কৰা
মই গান্ধীজীক সোঁ–শৰীৰেৰে কেতিয়াও দেখা নাই কিন্তু সেইদিনা, মোৰ জীৱনৰ দহ বছৰ বয়সতে মই গান্ধীজীক নিচেই ওচৰৰ পৰা চকুৰ আগতে জীৱন্ত ৰূপত দেখা পালোঁ৷ তেওঁক দেখা পালোঁ মোৰ জকাইচুকীয়া গাঁৱৰ আলি–খাৱৈৰ পূতিগন্ধ নৰক চাফা কৰি থকা সেই অতি সৰু অতি নগণ্য মানুহবোৰৰ পুণ্যপ্রভাদীপ্ত মুখবোৰত৷
তেওঁতকৈ আৰু মানুহৰ ডাঙৰ নায়ক, ডাঙৰ শিক্ষক, ডাঙৰ পথপ্রদর্শক কোন আছে–যিজনে কেৱল নিজৰ জীৱনৰ আদর্শেৰে নিজৰ অনুগামীসকলক আনৰ ঘৰৰ পায়খানা চাফা কৰিবলৈ অনুপ্রাণিত কৰিব পাৰে? এই কথা মনত পৰিলে মই শিহৰিত হৈ উঠোঁ যে গান্ধীজীৰ ৰাজনীতি মানে আছিল কেৱল দেশ স্বাধীন কৰা বা চৰকাৰ চলোৱাৰ ৰাজনীতি নহয়–সি আছিল মানুহক স্বাধীন কৰাৰ ৰাজনীতি৷ দেশ মুক্ত হোৱাৰ আগতে মানুহ প্রথমতে মুক্ত হ’ব লাগিব ভয়ৰ পৰা, লোভৰ পৰা, অসত্যৰ পৰা মানুহ মুক্ত হ’ব লাগিব অজ্ঞতাৰ পৰা, অপৰিচ্ছন্নতাৰ পৰা, ৰোগ–ব্যাধিৰ পৰা, কু–সংস্কাৰৰ পৰা মুক্ত হ’ব লাগিব তিৰোতা, মুক্ত হ’ব লাগিব অস্পৃশ্য৷ গান্ধীজীৰ ৰাজনীতি আছিল জীৱনক সুন্দৰতৰ আৰু পৱিত্রতৰ কৰাৰ ৰাজনীতি৷ আৰু সেই সমস্ত সৌন্দর্য আৰু পৱিত্রতাৰ উৎস আছিল গান্ধীজী নিজে– যাৰ ফলত তেওঁক কোনোদিন চকুৰে নেদেখা কাণেৰে নুশুনা মানুহেও বতাহতেই তেওঁৰ নির্দেশ শুনা পাই এই বিশাল দেশৰ প্রতিখন গাঁৱতে সূতা কাটিবলৈ লাগি গৈছিল, পায়খানা চাফা কৰিবলৈ লাগি গৈছিল, কানীয়াক কানি আৰু মদাহীক মদ এৰোৱাবলৈ লাগি গৈছিল, এক পৱিত্র আদর্শৰ বেদীত নিজৰ জীৱন উছর্গা কৰিবলৈ উদ্বাউল হৈ উঠিছিল… গান্ধীজীক মই দেখা নাই, কিন্তু দেখিছিলো তেওঁৰ পুত চৰিত্রৰ পৱিত্র পোহৰ মই প্রতিফলিত হোৱা দেখিছিলো মোৰ গাঁৱৰ গু–মূতৰ দ’ম চাফা কৰা কেইজনমান সাধাৰণ মানুহৰ মুখত৷ সেই পোহৰ চিৰকাললৈ অন্তর্নিহিত হৈছে৷ এতিয়া চৰকাৰৰ বা বিভিন্ন ৰাজনৈতিক দলৰ দূত হৈ যিবোৰ মানুহ আমাৰ ওচৰলৈ আহে–সিহঁতৰ মুখত মই দেখা পাঁও কেৱল ঘনঘোৰ অন্ধকাৰ, লোভ–ঘৃণা–প্রতিহিংসা অন্ধকাৰ…৷
বিশ্ববিখ্যাত ফৰাচী লেখক ন’বেল বঁটা বিজয়ী ৰোমা ৰোলাই ১৯৩০ চনত গান্ধীজীৰ জন্মদিন উপলক্ষে লিখিছিল–‘মোৰ চকুত গান্ধী কেবল মাত্র তেওঁৰ বিশাল জাতিৰ সেই বীৰ নায়ক নহয়– যিজনে নিজৰ দেশৰ স্বাধীনতাৰ দাবী কৰিছে আৰু সেই স্বাধীনতা তেওঁ অর্জন কৰিবই তেওঁ হ’ল আমাৰ যুগৰ অন্ধকাৰ আকাশত তিৰবিৰ কৰি থকা নিশ্চিততম আৰু পৱিত্রতম আলোক৷ ধুমুহাৰ মাজত যেতিয়া আমাৰ সভ্যতাৰ তৰণীখন তাৰ যথাসর্বস্ব লৈ ডুবিবলৈ উপক্রম কৰিছে সেই সময়ত তেওঁ আকাশৰ তৰাৰ দৰে আমাক পথ দেখুৱাইছে,–দেখুৱাইছে সেই একমাত্র পথ, যি পথ পৰিত্রাণৰ অভিমুখে প্রসাৰিত৷ এই পথ আছে আমাৰ নিজৰ মাজতেই৷ এই পথেই হৈছে চৰমতম শক্তি৷ ই হৈছে বীৰোচিত অপৰিগ্রহৰ পথ৷ ই হৈছে অবিচাৰ আৰু হিংসাৰ বিৰুদ্ধে মূৰ তুলি থিয় হোৱা স্পর্ধিত আত্মাৰ অস্বীকৃতি৷ ই হৈছে মনৰ বিপ্লৱ৷ এই বিপ্লৱে সম্প্রদায়, শ্রেণী, জাতি আৰু ধর্মৰ মাজত বিৰোধৰ সৃষ্টি নকৰে৷ ই সকলোকে এক কৰে৷ প্রতিটো মানুহৰ মাজত ই জগাই তোলে অনন্য আত্মাৰ অন্তৰশায়ী অগ্ণি৷ গান্ধীয়ে খ্রীষ্টানসকলক নতুনকৈ খ্রীষ্টান হ’বলৈ শিক্ষা দিছে, তেওঁ মুক্ত মনক মুক্ত হ’বলৈ নতুনকৈ শিক্ষা দিছে, তেওঁ প্রতিজন মানুহকে নতুনকৈ শিক্ষা দিছে সকলোৰে মাজত থকা সেই একে পিতাৰ সমতুল্য সন্তানক সন্মান কৰিবলৈ সেই একে পিতা–সেই একে আত্মা, ‘মহত্ত্বম শ্রেষ্ঠতম ঈশ্বৰ’Dei Optimi Maximi, আলোক আৰু প্রেমৰ আত্মা যি সেই আদিম যুগত, ‘গভীৰ গহ্বৰৰ অন্ধকাৰত আবৃত’ থকাৰ সময়ত (আজিও যি অন্ধকাৰতে আবৃত আছে) ঠিক যিভাৱে জলৰাশিৰ ঊর্ধ্বত সঞ্চৰণ কৰিছিল৷’