নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩৮ কৃষকৰ আবেদন–পত্র নাকচ গ্রামীণ বিকাশ বেংকৰ

ধাৰাপুৰত কৃষি ঋণৰ নামত খেতিয়কক হাৰাশাস্তি

নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নির্দেশত দেশৰ কৃষকসকলৰ সর্বাংগীণ উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিছে বহু অভিলাষী আঁচনি ৷ কেন্দ্রীয় চৰকাৰে আঁচনিসমূহ সঠিক আৰু ক্ষিপ্রতাৰে ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰসমূহক নির্দেশনা দিছে ৷ এই নির্দেশনাৰ ভিত্তিত অসম চৰকাৰৰ কৃষি বিভাগেও ৰাজ্যৰ কৃষকসকলৰ বাবে হাতত লৈছে বহু আঁচনি ৷ এই আঁচনিৰ অংশ হিচাপে প্রথম পর্যায়ত কৃষকসকলক চিনাক্ত কৰি তেওঁলোকক পঞ্জীয়নভুক্ত কৰাৰ লগতে কৃষক পৰিচয়–পত্র প্রদান কৰিছে৷ ৰাজ্যৰ অন্য প্রান্তৰ উপৰি গুৱাহাটী মহানগৰীৰ আজাৰা ৰাজহ চক্রৰ অন্তর্গত ধাৰাপুৰ কৃষি উন্নয়ন বিষয়া কার্যালয়ৰ অধীনত প্রায় পাঁচশ পঞ্জীয়নভুক্ত কৃষক আছে৷ তদুপৰি পঞ্জীয়নভুক্ত নোহোৱাকৈও বহু কৃষকে কৃষিকর্মৰে নিজৰ লগতে পৰিয়াল পোহপাল দি আহিছে৷ ধাৰাপুৰ কৃষি উন্নয়ন বিষয়া কার্যালয়ৰ অধীনৰ অধিকাংশ কৃষকে ব্রহ্মপুত্রৰ মাজত থকা প্রায় ৪,২১০ বিঘা ভূমিত বিভিন্ন কৃষিকর্ম কৰি আহিছে৷ কৃষকসকলৰ বাবে চৰকাৰে গ্রহণ কৰা আঁচনিৰ অধীনত আজাৰা ৰাজহ চক্রৰ অন্তর্গত কৃষকসকলে কৃষি ঋণৰ বাবে আবেদন কৰে৷ ধাৰাপুৰ কৃষি উন্নয়ন বিষয়াগৰাকীয়ে কৃষকসকলৰ আবেদন ৰাজ্য চৰকাৰে বাছনি কৰি দিয়া বেংকসমূহলৈ প্রেৰণ কৰে৷ ইয়াৰ ভিতৰত অসম গ্রামীণ বিকাশ বেংকত ২৩৮জন কৃষকৰ আবেদন জমা দিয়া হয়৷ কিন্তু আশ্চর্যজনকভাৱে কৃষকসকলক বেংক কর্তৃপক্ষই ভূমি নথিপত্র নথকাৰ দোহাই দি ঋণ প্রদানৰ বাবে জমা দিয়া আবেদন ঘূৰাই পঠিয়াই বুলি কৃষি বিষয়া প্রদীপ মেধিয়ে জানিবলৈ দিছে৷ কৃষি বিষয়া মেধিয়ে কয় যে আবেদনকাৰী কৃষকসকলে ব্রহ্মপুত্রৰ চৰ–নেহালিত অতীজৰে পৰা কৃষি কর্ম কৰি আহিছে৷ সেই কৃষিভূমিত চৰকাৰী জৰীপ নোহোৱাত দাগ নম্বৰ বা পট্টা নম্বৰ দিব পৰা নাযায়৷ কৃষকসকলে সেই কৃষিভূমিত কৃষিকর্ম কৰাৰ তথ্য বিভাগৰ নথিভুক্ত৷ অৱশ্যে ইয়াৰ পূর্বে আজাৰাৰ ৰাজহ চক্র বিষয়াই কৃষকসকলক একোখনকৈ প্রমাণ–পত্র প্রদান কৰিছিল৷ এইবাৰো কৃষকসকলে প্রমাণ–পত্র বিচাৰি আজাৰা ৰাজহ চক্র বিষয়াৰ কার্যালয়লৈ গৈছিল যদিও প্রমাণ–পত্র দিবলৈ চক্র বিষয়াগৰাকীয়ে অস্বীকাৰ কৰে বুলি কৃষকসকলে জানিবলৈ দিছে৷ বেংক কর্তৃপক্ষ আৰু চৰকাৰী ৰঙাফিতাৰ মেৰপেঁচত পৰি কৃষকসকলে চৰকাৰী আঁচনি লাভৰ পৰা বঞ্চিত হোৱাৰ উপক্রম ঘটিছে৷ এইক্ষেত্রত কৃষিমন্ত্রী অতুল বৰাক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ ধাৰাপুৰৰ কৃষকসকলে দাবী জনাইছে ৷

You might also like