নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ অনুৰাগ–পাৰভেছৰ বিৰুদ্ধে কঠোৰ আয়োগ

নির্বাচনী প্রচাৰ চলাব নোৱাৰিব দিল্লীত

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ আগন্তুক ৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লীৰ বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানত অংশ ল’ব নোৱাৰিব বিজেপিৰ অনুৰাগ ঠাকুৰ আৰু পাৰভেছ ছাহিব সিঙে ৷ দুয়োগৰাকী নেতাৰ নাম তাৰকা প্রচাৰকৰ তালিকাৰ পৰা আঁতৰ কৰিবলৈ বিজেপিক নির্দেশ দিছে নির্বাচন আয়োগে ৷ দুয়োগৰাকী নেতাই দিল্লীৰ শ্বাহীনবাগ অঞ্চলত চলি থকা নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্রতিবাদক লৈ বিতর্কিত মন্তব্য কৰিছিল ৷ কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে এই প্রতিবাদকাৰীসকলক বিশ্বাসঘাতক আখ্যা দিয়াৰ উপৰি সাংসদ পাৰভেছে প্রতিবাদকাৰীয়ে সুযোগ পালেই দিল্লীবাসীৰ ঘৰত প্রৱেশ কৰি মাতৃ–ভগ্নীক বলাৎকাৰ কৰিব বুলি বিতর্কিত মন্তব্য আগবঢ়াইছিল ৷ এই মন্তব্যক কেন্দ্র কৰি সমগ্র দিল্লীৰ উপৰি দেশৰ অন্যান্য ৰাজ্যতো সৃষ্টি হৈছে প্রতিক্রিয়া ৷

You might also like