নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিচিং জনগোষ্ঠীয় ৰেচিপি-পেৰেত অয়িং

প্রণালী: মাটিমাহখিনি পানীত তিয়াই কোমল কৰি বাকলি গুচাই ধুই ল’ব৷ (মাহখিনিত অলপমান বাকলি থাকিবলৈ দিব) প্রেচাৰ কুকাৰত মাটিমাহখিনি দি তাতে দুগিলাচ পানী আৰু নিমখ এক চামুচ দি কুকাৰৰ ঢ়াকোনখন লগাই কুকাৰটো জুইৰ ওপৰত দিব৷ দুটা বা তিনিটা হুইচেল মাৰিলে কুকাৰটো জুইৰ ওপৰৰ পৰা নমাই ঠাণ্ডা হ’বলৈ দিব৷ গাহৰি মাংসখিনি ধুই ল’ব৷ চচপেন এটাত গাহৰি মাংস আৰু প্রয়োজনমতে পানী দি প্রায় দহ মিনিটমান সময় মাংসখিনি উতলিবলৈ দিব৷ তাৰপিছত মাংসখিনি পাত্র এটাত উলিয়াই থ’ব৷ পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি ল’ব৷ কেৰাহীত প্রয়োজন মতে তেল গৰম কৰি তাতে কুটি লোৱা পিঁয়াজ, তেজপাত আৰু কেঁচা জলকীয়া দি লৰাই অলপ সময় ভাজিব৷ পিঁয়াজৰ বৰণ সলনি হ’বলৈ ধৰিলে সিজোৱা গাহৰি মাংস আৰু প্রয়োজনমতে নিমখ দি ভালদৰে লৰাই ঢ়াকি দিব৷ (মাংসত নিমখ দিওঁতে মন কৰিব দাইল সিজাওতেও নিমখ দিয়া হৈছিল) গেছৰ জুই সামান্য কম কৰি মাংসখিনি প্রায় দহ মিনিটমান সময় ভজাৰ পিছত আদা–নহৰুৰ পেষ্টখিনি দি ভালদৰে লৰাই দিব৷ তাৰপিছত মাংসৰ ওপৰত আধা কাপ পানী দি মাংসখিনি ভালদৰে লৰাই প্রায় পাঁচ মিনিটমান সময় ভাজিব৷ মাংসত দিয়া পানীখিনি শুকাই মাংসৰ পৰা তেল ওলাবলৈ ধৰিলে সিজোৱা মাটিমাহৰ দাইলখিনি মাংসৰ ওপৰত ঢ়ালি ভালদৰে লৰাই দিব৷ তাৰপিছত প্রয়োজনমতে গৰম পানী দি আঞ্জাখন লৰাই দিব৷ আঞ্জাখন উতলিবলৈ ধৰিলে তাতে কলাখাৰখিনি দি আঞ্জাখন অলপ সময় উতলিবলৈ দিব৷ একেবাৰে শেষত ধনিয়া পাতখিনি দি আঞ্জাখন আকৌ প্রায় এক মিনিটমান সময় উতলাই গেছৰ জুই নুমুৱাই দিব৷ মিচিং সকলৰ জনপ্রিয় ব্যঞ্জন পেৰেত অয়িং প্রস্তুত হৈ গৈছে৷ এতিয়া ভাতৰ লগত পৰিবেশন কৰিব পাৰিব৷ এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়৷

You might also like