নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিলমিল শাক আৰু ঔটেঙাৰে ভাঙোন মাছৰ জুতি

প্রণালী: জিলমিল শাকৰ কোমল আগবোৰ ছিঙি ভালদৰে ধুই মিহিকৈ কুটি ল’ব৷ কচুৰ বাকলি গুচাই জোখত টুকুৰা কৰি ধুই ল’ব৷ ঔটেঙা এফাল কাটি লৈ বাহিৰৰ টান বাকলি আৰু বীজখিনি আঁতৰাই মাজৰ বাকলিখিনি ধুই অলপ থেঁতেলিয়াই ল’ব৷ ভাঙোন মাছ চাৰিটা পৰিষ্কাৰ কৰি ভালকৈ ধুই পানী নিগৰাই লৈ নিমখ আৰু হালধি সানি ল’ব৷ কেৰাহীত তেল গৰম কৰি তাতে মাছকেইটা দি আধা ভজা কৰি নমাই থ’ব৷ কেৰাহীত মাছ ভাজি ৰৈ যোৱা তেলখিনিত মেথিগুটি আৰু কেঁচা জলকীয়াৰ ফোৰণ দি তাতে জিলমিল শাকখিনি দি কচু আৰু ঔটেঙাখিনি দিব৷ তাৰপিছত প্রয়োজন মতে নিমখ আৰু হালধি দি শাকখিনি ভালদৰে লৰাই ঢ়াকি দিব৷ মাজে মাজে লৰাই প্রায় দহমিনিটমান সময় শাকখিনি ভজাৰ পিছত তাতে প্রয়োজন মতে গৰম পানী দি ঢ়াকি আঞ্জাখন উতলিবলৈ দিব৷ অলপ সময় আঞ্জাখন উতলোৱাৰ পিছত কচু সিজিলে ভজা মাছকেইটা দি কুটি লোৱা ধনিয়াপাতখিনি দিব৷ তাৰপিছত কেৰাহীখন ঢ়াকি আঞ্জাখন ভালদৰে উতলিবলৈ দিব৷ আঞ্জাখন অলপ সময় উতলিবলৈ দিয়াৰ পিছত গেছৰ জুই নুমুৱাই দিব৷ জিলমিল শাকৰ লগত ৰন্ধা মাছৰ আঞ্জা প্রস্তুত হৈ গৈছে৷ এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক৷ গৰমত এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়৷

You might also like